NAHOROR DEKHOT JONAKOR SADHU: দেৱব্ৰত গগৈৰ ‘নাহৰৰ দেশত জোনাকৰ সাধু’ উন্মোচন
দেৱব্ৰত গগৈৰ ‘নাহৰৰ দেশত জোনাকৰ সাধু’ উন্মোচন

DD TIMES ডিব্ৰুগড়, ২ নৱেম্বৰঃ ‘নাহৰৰ দেশ’ খ্যাত ডিব্রুগড় বিশ্ববিদ্যালয়ক লৈ ৰচনা কৰা দেৱব্ৰত গগৈৰ উপন্যাস “নাহৰৰ দেশত জোনাকৰ সাধু” আজি সামাজিক মাধ্যমযোগে উন্মোচন কৰা হয়।
‘নাহৰৰ দেশত জোনাকৰ সাধু” গ্ৰন্থখন উন্মোচন কৰে
জীৱন নৰহ, ড° তৰুণ শইকীয়া, ভৱেন বৰুৱা, ড° দেৱাষীক বৰুৱা, মানস প্ৰতিম দত্ত, প্ৰদীপ গগৈ, বিকাশ দিহিঙীয়া, ৰূপাঞ্জলী দেৱী, ড° ডিম্পল শইকীয়া, ড° জ্যোতিৰঞ্জন মিলি, অজয় সন্দিকৈ, বিতোপন দত্ত, ড° ৰণদ্বীপ বড়া, পাৰ্থ প্ৰতিম শইকীয়া, ভৈৰৱ শইকীয়া, ঋতু বাস্তৱ হাজৰিকা, ধীৰু হাজৰিকা, বৰ্ণালী শৰ্মা, জয়া বৰতামুলী শইকীয়া, লাকী বৰুৱা, ইংকুমণি সোণোৱাল, প্ৰণামী বৰুৱা, অমৃত বৰুৱা, গুণীন বৰা, মৌচুমী বাগলাৰী, হীৰামণি দেৱী, যোগলজ্যোতি গগৈ, নীলাক্ষী দত্ত, ভাস্বতী দাস, মহন্ত দাস, কৃষ্ণ গোপাল ভূঞা, পূৰৱী শইকীয়া, হেমন্ত শৰ্মা তামুলী, বিনোদ বৰা, ড° দুৰ্লভ শেনছোৱা, কিৰণ গগৈ, জাহ্নৱী নেওগ, জিনু গগৈ, পংকজ কলিতায়ে।

উপন্যাসখন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পটভূমিত ৰচিত। এজাক সপোন প্ৰয়াসী যুৱক-যুৱতীৰ সংগ্ৰাম সপোনৰ কাহিনী। বিশ্ববিদ্যালয়ৰ প্ৰতি থকা হেঁপাহ, হোষ্টেলৰ জীৱন, সকলো হেৰুৱাৰ পাছতো উঠি থিয় হৈ আগুৱাই যোৱা সংগ্ৰাম-সংঘৰ্ষৰ কাহিনী।
জীৱনৰ সৰ্বস্ব হেঁপাহেৰে কাৰোবাক বিচৰাৰ পাছতো সেই বিশেষজনৰ হাত এৰি নিজৰ বাটত বাটবুলি গুছি যোৱা যুৱকজনৰ কাহিনী। বিশাল, ভাগ্য,বকুল দদাই, সঞ্জয়,ৰূপ বড়ো, নন্দিনী এইবোৰ একো একোটা বৈচিত্ৰ্যময় চৰিত্ৰ।
প্ৰতিটো চৰিত্ৰয়ে একো একোটা কাহিনী ক’ব;কাহিনী মাজলৈ লৈ যাব। এনে বৈচিত্ৰ্যময় ঘটনা-পৰিঘটনাৰে পূৰ্ণ “নাহৰৰ দেশত জোনাকৰ সাধু”।

