NAHORAR PULI: জাগীয়াল, জাগীয়াল পেটবঢ়াৰ কলঙৰ পাৰত জুবিন গাৰ্গৰ স্মৃতিত ৰুলে ৫২টা নাহৰৰ পুলি
জাগীয়াল, জাগীয়াল পেটবঢ়াৰ কলঙৰ পাৰত জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ আৰু শ্ৰদ্ধাঞ্জলী, স্মৃতিচাৰণ সভাঃ ৫২টা নাহৰৰ পুলি ৰোপণ
জুবিন গাৰ্গ পূৰ্ণ মানৱৰ সত্বাঃ প্ৰাক্তন মন্ত্ৰী উমেশ দাস
সৃষ্টি থকালৈকে কলা থাকিবঃ প্ৰাক্তন প্ৰধান সম্পাদক প্ৰফুল্ল বৰুৱা
দিহানামেৰে মুখৰিত কলঙৰ পাৰ
DD TIMES নগাঁও, ১২ অক্টোবৰঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জাগীয়াল, জাগীয়াল পেটবঢ়াৰ অৰুণ পুথিভঁৰাল যুৱক সংঘৰ প্ৰাংগণত আজি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে জুবিন অনুৰাগী সকলৰ দ্বাৰা জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ আৰু-স্মৃতিচাৰণৰ লগতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন হয়।

পুৱা ৮ বজাত বন্তিপ্ৰজ্বলনৰে শুভাৰম্ভ কৰে উদযাপন সমিতিৰ সভাপতি লোকনাথ বৰাই। ৮.৩০ বজাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন হয়। ৯ বজাত গছপুলি ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰে সমাজকৰ্মী কুশী বৰুৱাই।

তাৰপিছত অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু কলঙৰ পাৰত ৫২টা নাহৰৰ পুলি ৰোপণ কৰা হয়। ১০ বজাত কীৰ্তন পাঠ, খোল প্ৰসংগ, নাম প্ৰসংগ আৰু দুপৰীয়া প্ৰসাদ বিতৰণ অনুষ্ঠিত হয়। বিয়লি ২ বজাৰ পৰা জুবিন অনুৰাগী সকলৰ দ্বাৰা আয়োজন কৰা জুবিন গাৰ্গৰ স্মৃতি চাৰণ অনুষ্ঠানটি অনুষ্ঠিত হয়।
স্মৃতিচাৰণ অনুষ্ঠানটি উদ্বোধন কৰে সমাজকৰ্মী ৰাজেন শইকীয়াই৷ প্ৰাক্তন ছাত্র নেতা শৰৎ বৰাই আঁতধৰা অনুষ্ঠানটিত প্ৰাক্তন মীন মন্ত্ৰী উমেশ চন্দ্ৰ দাসে কয় যে জুবিন গাৰ্গ পূৰ্ণ মানৱৰ সত্বা। তেওঁ ভগৱান সদৃশ আছিল।
যেনেকৈ ভগৱানে অৱতাৰ গ্ৰহণ কৰি সমাজ সংস্কাৰ কৰিছিল তেনেকৈ কম সময়ত তেওঁ সমাজৰ বাবে বহু অৱদান আগবঢ়াই গ’ল। তেওঁ মাটি আৰু মানুহৰ বাবে গান গাইছিল। সভাত সমাজকৰ্মী ৰেৱ হাজৰিকাই কয় যে অসমীয়াই আবেগেৰে নহয়, ভূপেন হাজৰিকাৰ দৰে জুবিনক জীয়াই ৰাখিব লাগিব।
গাৰ্গে ন্যায় নোপোৱা লৈকে ৰাইজে সামাজিক মাধ্যমত ৰাইজে যুঁজ অব্যাহত ৰাখিব লাগিব। স্মৃতি চাৰণ সভাখনিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰফুল্ল চন্দ্ৰ বৰাই কয় যে সৃষ্টি থকালৈকে কলা থাকিব। জুবিন আৰু মহাপুৰুষ জনাৰ আদৰ্শ একেই। শ্ৰদ্ধাঞ্জলি জনাইলেই নহ’ব তেওঁৰ আদৰ্শ জীয়াই ৰাখিব লাগিব।
সভাত সাংবাদিক দেৱজিৎ হাজৰিকাই জুবিন গাৰ্গৰ সৃষ্টি সংৰক্ষণৰ কথা উল্লেখ কৰাৰ লগতে মৰণোত্তৰ ভাৱে ভাৰতৰত্ন প্ৰদানৰ দাবী জনাই। সভাত জাগীয়াল উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক প্ৰশান্ত বৰুৱা, বুদ্ধেশ্বৰ খাউণ্ড জুবিন সম্পৰ্কে বক্তৃতা আগবঢ়াই।
উক্ত সভাত কণমানি শিল্পী টাইগাৰ বৰুৱাই জুবিনৰ গীতত নৃত্য প্ৰদৰ্শন, ছাত্ৰী হৰ্ষিতা বৰুৱাই জুবিনৰ এখন চিত্ৰ অংকন কৰে। অভিনেতা প্ৰচ্যুত বৰাই জুবিনৰ এটি গীতৰ কলি, চহাকবি প্ৰভাত দাসে এটি জুবিনৰ কবিতা পাঠ কৰে।
সন্ধিয়া সমূহীয়া বন্তি প্ৰজ্বলনৰ পিছত অঞ্চলৰ যুৱক-যুৱতীৰ দ্বাৰা মায়াবিনী গীতটি সমস্বৰে পৰিবেশন কৰাৰ পিছত বঢ়মপুৰৰ মণিকাঞ্চন নামতি দলে দিহানাম পৰিবেশন কৰি জাগীয়াল কলঙৰ পাৰ দুপৰ নিশালৈকে মুখৰিত কৰি তোলে।
উল্লেখ্য, আজি পুৱাৰ পৰা নিশালৈকে জুবিন গাৰ্গৰ স্মৃতিচাৰণ আৰু আদ্যশ্ৰাদ্ধ অনুষ্ঠানটিত লোকনাথ বৰা, জোনমণি বৰুৱা, দেৱজিৎ বৰুৱা, প্ৰচ্যুত বৰুৱা, শৰৎ বৰুৱা, প্ৰশান্ত বৰুৱাকে ধৰি বৃহত্তৰ অঞ্চলটোৰ যুৱক-যুৱতীৰ লগতে কেইবাশতাধিক লোক উপস্থিত থাকে।

