NAGARA NAAM: হৰিনামৰ ৰস অমৃত বিলাই গলগৈ নাগাৰা নামৰ শিল্পী ৰাম চৰণ ভৰালী
হৰিনামৰ ৰস অমৃত বিলাই গলগৈ নাগাৰা নামৰ শিল্পী ৰাম চৰণ ভৰালী

DD TIMESত লিখিছে অনন্ত বৰ্মনে
অসমৰ সাংস্কৃতিক জগত খনত নাগাৰা নাম পৰিবেশনেৰে সমৃদ্ধ কৰা “নাগাৰা সূৰ্য্য’ খ্যাত নাগাৰা নামৰ শিল্পী ৰামচৰণ ভৰালী আমাৰ মাজৰ পৰা উভতি নহাৰ বাটেৰে হঠাতে আতৰি গল ৷ শিল্পীগৰাকী ৬ নবেম্বৰ তাৰিখে নিশা ১২ বজাত নামনি অসমৰ নলবাৰী জিলাৰ কুমাৰীকাটাৰ নিজ বাসভৱনত পৰলোক প্ৰাপ্তি হয় ৷

নাগাৰা নামৰ সম্ৰাট ভৰালীয়ে মৃত্যুৰ আগলৈ বিভিন্ন ঠাইত নাগাৰা নাম পৰিবেশন কৰি আহিছিল। তেওঁৰ মৃত্যু নামধৰ্মী সুধীগণৰ বাবে অতি অসহনীয়। সাংস্কৃতিক জগতখনৰ বাবে বৃহৎ ক্ষতি।
তেওঁ অসমৰ পৰম্পৰাগত সংস্কৃতিৰ বৰপথাৰত ভৰালীদেৱ আশীৰ দহকৰ শেষৰ পৰাই নাগাৰা নাম পৰিবেশনেৰে এগৰাকী সুদক্ষ নাগাৰা নামৰ পাঠক হিচাবে পৰিচিত হৈছিল ৷
নিৰন্তৰ চেষ্টা কৰি আহিছিল ৷ জনামতে শিল্পীগৰাকীয়ে ১৯৬৭ চনত নিজাকৈ ডেহেৰ কলাকুছি যুৱক নাম পাৰ্টিৰ দল এটা প্ৰতিষ্ঠা কৰাৰ পূৰ্বে ১৯৫৮ চনত প্ৰগতি যাত্ৰা পাৰ্টিৰ সৈতে নৃত্যভিনয়েৰে যাত্ৰা আৰম্ভ কৰে।
গভীৰ ভক্তি আৰু সৃষ্টিশীল ব্যাখ্যাৰে চিহ্নিত তেওঁৰ ৰচনাসমূহে নাগাৰা নামক নৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাত সহায় কৰে। পৰবৰ্তীকালত অসমত নাগাৰা নামৰ পাঠক হিচাপে প্ৰতিষ্ঠিত হয় ৷
ৰামচৰণ ভৰালীয়ে নাগাৰা নামৰ শিল্পী হিচাপে অবিভক্ত কামৰূপ জিলাৰ গ্ৰামাঞ্চলৰ সভা, পালনাম, পূজা বিশেষকৈ ল’ৰাৰ এমহীয়াত নাম গাই জাকত জিলিকা হৈ পৰিছিল। নাম পৰিবেশনেৰে হৰিনামৰ ৰস অমৃত বিলাইছিল ৷ জনামতে ভৰালীয়ে কালিদাসৰ নাম পৰিবেশনৰ বাবে অতিকৈ জনপ্ৰিয় হৈ পৰিছিল ৷
পথাৰত হালুৱৈসকলে ভৰালীৰ নাগাৰা নাম গাই গাই হেনো শিৰলুত মাটি চহাইছিল ৷ ১৯৮৫ চনত ভৰালীয়ে প্ৰথম নাগাৰা নামৰ কেছেট উলিয়াই ৰাইজৰ মাজত অতি জনপ্ৰিয় হৈ পৰে ৷
অসম চৰকাৰৰ শিল্পী পেঞ্চন প্ৰাপক ভৰালীয়ে ২০১৭ চনত মোহন ভাইৰা শিল্পী বঁটাও লাভ কৰিবলৈ সক্ষম হৈছিল। ভৰালীয়ে ৮৩ বয়সলৈ নাম পৰিবেশন কৰে তেওঁ গঢ়া নাগাৰা নামৰ দলটিৰ সতে ৷ কবলৈ হ’লে ভৰালীদেবৰ বয়সে নামানে, নামধৰ্মী সমাজেও যেন তেওঁক এৰিব পৰা নাছিল।
প্ৰায় এশতকৈ অধিক নাগাৰা নামৰ দলক নাম শিকাইছিল। অসমীয়া লোক সংস্কৃতিলৈ তেওঁৰ অতুলনীয় অৱদানৰ শলাগ লৈ অসম নাট্য সন্মিলনীয়ে তেওঁক “নাগাৰা সূৰ্য্য” সন্মানীয় উপাধি প্ৰদান কৰে, যিটো স্বীকৃতিয়ে পৰম্পৰাগত কলাৰ জগতখনত তেওঁৰ আলোকিত উপস্থিতি উপযুক্তভাৱে প্ৰতিফলিত কৰে।
জীৱনৰ শেষ সময়লৈ ভৰালীয়ে মঞ্চত সক্ৰিয় হৈ আছিল, সমগ্ৰ অসমৰ সামূহিক অনুষ্ঠান আৰু সাংস্কৃতিক সমাৱেশত অনুষ্ঠান পৰিৱেশন কৰিছিল।
তেওঁ সদৌ অসম নাগাৰা নাম সংঘৰ সভাপতি আছিল৷ তেওঁৰ কণ্ঠ আৰু নাগাৰা নামৰ দিহা-পদৰ সুকীয়া বৈশিষ্ট্য আছিল ৷ কিন্তু নিষ্ঠুৰ নিয়তিয়ে নেৰিলে ৷ তেওঁ যাত্ৰা দ’লৰ নৃত্যাভিনয়ৰ পৰা নাগাৰা নামৰ পাঠকলৈ এক দীৰ্ঘ লোক সংস্কৃতিৰ পৰিক্ৰমা সামৰি গ’লগৈ আৰু সুধীসমাজে হৰিনাম গায় শেষ বিদায় দিলে নাগাৰা নামৰ সম্ৰাট ৰামচৰণ ভৰালীক।

