অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

NAGAON STORY: এগৰাকী বাৰ বছৰীয়া কিশোৰীৰ জীৱন গাঁথা

Spread the love

এগৰাকী বাৰ বছৰীয়া কিশোৰীৰ জীৱন গাঁথাঃ নগাঁৱৰ ৰাজপথত কলম বিক্ৰী কৰি পৰিয়াল পোহপাল দিছে পিতৃ-মাতৃহীন কিশোৰীয়ে

DD TIMES নগাঁও, ২৭ ছেপ্টেম্বৰঃ যি সময়ত বহু পিতৃ-মাতৃ হীন শিশুয়ে ভয়াবহ ড্ৰাগছৰ কড়াল গ্ৰাসত পৰি শ্ৰেনী কোঠাৰ পৰিৱৰ্তে চহৰৰ বিভিন্ন স্থানত অনাই বনাই ঘুৰি ফুৰিছে ; ঠিক সেই সময়ত নগাঁও চহৰৰ ৰাজপথত আৰু বজাৰত কলম বিক্ৰী কৰি কঠোৰ জীৱন সংগ্ৰামত ব্ৰতী হৈছে এগৰাকী বাৰ বছৰীয়া কিশোৰী। এই কিশোৰীগৰাকীৰ নাম জেচমিন চুলতানা।

পিতৃহাৰা কিশোৰী গৰাকীৰ মাক অন্যৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছে। বৰ্তমান আইতাকৰ সৈতে কিশোৰীগৰাকী থাকে। বৃদ্ধা আইতাক অসুস্থ হোৱা হেতুকে পৰিয়াল পোহপাল দিবলৈকে তেওঁ জীৱিকা হিচাপে কলম বিক্ৰী কৰা পথটোকে বাচি লৈছে।উল্লেখযোগ্য যে নগাঁও চহৰৰ সমীপৰ কাৱৈমাৰী নিৱাসী নেকিবুৰ ৰহমান নামৰ লোকজনে ‌দুমাহ পূৰ্বে ৰোগত আক্ৰান্ত হৈ অকাল মৃত্যুক সাবটি লৈছে।

তাৰ পাছতেই নেকিবুৰৰ পত্নীয়ে এই কিশোৰী গৰাকীক এৰি থৈ অন্য এজন লোকৰ সৈতে দ্বিতীয় বিবাহ পাশত আবদ্ধ হৈছে। লগে লগে কিশোৰী গৰাকীৰ জীৱনলৈ ঘোৰ অমানিশা নামি আহে। জেচমিন চুলতানা নামৰ কিশোৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কোৱা মতে, তাই স্থানীয় এখন ব্যক্তিগত শিক্ষানুষ্ঠানত চতুৰ্থ শ্ৰেনীত পঢ়ি আছিল যদিও ধনৰ অভাৱত বৰ্তমান স্কুল যোৱা নাই। অৱশ্যে চৰকাৰী শিক্ষানুষ্ঠানত তেওঁক কোনেও নাম ভৰ্তি কৰাই দিয়া নাই বুলিও উল্লেখ কৰে।

এইদৰে আইতাকৰ সৈতে থকা কিশোৰী গৰাকীৰ ঘৰৰ আৰ্থিক দুৰৱস্থাই ফুলকুমলীয়া বয়সতে কলম বিক্ৰী কৰি দুপইছা উপাৰ্জন কৰাৰ দৰে সংগ্ৰামৰ পথলৈ তেওঁক আনে। কিশোৰী গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, তেওঁ নগাঁও চহৰৰ মৰিগাঁও বাছ আস্থানৰ কিতাপৰ দোকানৰ পৰা পাইকাৰী দৰত কলম সমূহ ক্ৰয় কৰি তাক চহৰখনৰ বিভিন্ন স্থানত ঘূৰি ফূৰি এটা/দুটাকৈ সেইবোৰ বিক্ৰী কৰে।

দিনটোত তিনি শ টকাৰ পৰা পাঁচ শ টকা পৰ্যন্ত উপাৰ্জন কৰে। মৰমলগা কিশোৰীগৰাকীয়ে হাতত কলম লৈ আকূলতাৰে যেতিয়া কোনো লোকক সেইটো ক্ৰয় কৰিবলৈ অনুৰোধ জনায় তেতিয়া বহুতেই তাক বিমুখ নকৰে। বহুতেই আকৌ পাঁচ টকা দামৰ কলমটো দহ টকা, আন বহুতেই দহ টকা দামৰ কলমটো বিশ টকা দিও ক্ৰয় কৰে।

আজিও নগাঁৱৰ ক্লক টাৱাৰৰ সন্মুখত জিলাখনৰ তিনি গৰাকী সচেতন নাগৰিক ক্ৰমে বিৰিঞ্চ বৰা, ৰূপজ্যেতি, নুৰুল আমিন, নাজিম আহমেদ আদিয়ে কলম ক্ৰয় কৰা কিশোৰী গৰাকীক উৎসাহ জনোৱা পৰিলক্ষিত হয়। এইদৰে বহুতেই কিশোৰী গৰাকীক দুপ‌ইচা বেছি দি হলেও তেওঁৰ কৰ্মৰ প্ৰতি উৎসাহ জনাই।

ইপিনে, কিশোৰী গৰাকীয়ে লগতে জনাই যে তেওঁ আনৰ ঘৰত কাম নকৰে নাইবা আন ঘৰত থাকি বিদ্যালয়লৈও নাযায়। আইতাকৰ লগত থাকিবলৈ দি বিদ্যালয়ত যোৱাৰ সুবিধা কৰি দিলে পুনৰ কিশোৰীগৰাকী নিয়মিত ভাবে বিদ্যালয়লৈ যাব বুলি মন্তব্য কৰে।

ভৱিষ্যতে কি কৰিব সেয়া কিশোৰীগৰাকীয়ে নাজানো বুলি মন্তব্য কৰা এই কিশোৰীগৰাকীক সহায় কৰিবলৈ কোনো সদাশয় ব্যক্তি সংগঠন ওলাবনে, সেয়া এতিয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে।

অৱশ্যে সাংবাদিকে কিশোৰীগৰাকীৰ লগত যোগাযোগৰ বাবে।

তেওঁৰ ঘৰত কোনো ফোন নম্বৰ আছে নেকি বুলি সোধাত তেওঁ ফোন নম্বৰ নাই বুলি মন্তব্য কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!