NAGAON PUJA: নগাঁও হিন্দু মিলন মন্দিৰত পিতৃৰ কৃতিত্ব আৰু দ্বায়িত্বৰ এক নিদৰ্শন দাঙি ধৰিলে দুৰ্গোৎসৱৰ সমিতিয়ে
নগাঁও হিন্দু মিলন মন্দিৰত পিতৃৰ কৃতিত্ব আৰু দ্বায়িত্বৰ এক নিদৰ্শন দাঙি ধৰিলে দুৰ্গোৎসৱৰ সমিতিয়েঃ দুৰ্গোৎসৱস্থলীত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থা পূজা সমিতিৰ
DD TIMES নগাঁও, ৩০ ছেপ্টেম্বৰঃ নগাঁও হিন্দু মিলন মন্দিৰৰ জীৱন দৰ্শন আৰু শিৱ ৰূপে মা দুৰ্গাৰ চিত্ৰায়ণ কৰা শাৰদীয় দুৰ্গোৎসৱ স্থলীক আকৰ্ষণীয় কৰি তুলিছে৷

উল্লেখ্য,বৰ্তমান সমাজত পুত্ৰ সন্তানৰ দ্বাৰা বৃদ্ধ বয়সত পিতৃ মাতৃ যে অৱহেলিত হব লগা হয় বা বৃদ্ধাশ্ৰমত থব লগা অৱস্থা হয় লগতে এজন সৎ সন্তানে নিজৰ পিতৃ মাতৃক পৰিচৰ্যা আৰু আপদাল কৰা গোটেই খিনি কাৰ্যাৱলী হিছাপে লৈ চিত্ৰায়ণ কৰি দেখুৱাইছে৷

নগাঁও হিন্দু মিলন মন্দিৰ দুৰ্গোৎসৱ সমিতিৰ সভাপতি তথা বিশিষ্ট সমাজকৰ্মী প্ৰহ্লাদ চন্দ্ৰ বনিকে জানিবলৈ দি কয় যে সাম্প্ৰতিক সময়ত একাংশ কুলাংগাৰ সন্তানে নিজ পিতৃ মাতৃক অৱহেলিত কৰা নেতিবাচক ঘটনাৰ বিপৰীতে এজন সুযোগ্য সুপুত্ৰক এটি সন্তানে জন্ম লাভ কৰাৰ পিছৰ পৰা শিক্ষা গ্ৰহণ কৰি প্ৰতিষ্ঠিত হোৱালৈকে আৰু নিজে ঘৰ সংসাৰ পতাৰ পিছতো বৃদ্ধ পিতৃ মাতৃক যি পৰিচৰ্যা কৰে তাক উপজীব্য হিছাপে লৈ প্ৰতিমূৰ্তি আকাৰে সফল চিত্ৰায়ণ কৰিছে আৰু লগতে শিৱৰূপে মা দুৰ্গাৰ আৰাধনা কৰাৰ এক নতুন মাত্ৰা প্ৰদান কৰিছে৷

৪৩ বৰ্ষত পৰ্দাপৰ্ণ কৰা এই দুৰ্গা পূজাখনিৰ সন্মুখতে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত ৰাজহুৱাকৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ ব্যৱস্থা কৰিছে দুৰ্গোৎসৱ সমিতিয়ে৷

উল্লেখ্য, পিতৃৰ কৃতিত্বৰ এক সুকীয়া নিৰ্দশন দাঙি ধৰা হিন্দু মিলন মন্দিৰত বিৰ দি বাট নোপোৱাৰ লেখীয়া অবস্থা হোৱা দেখা গৈছে।