NAGAON LAW COLLEGE: নগাঁও আইন মহাবিদ্যালয়ৰ উদ্যোগত দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আইন সজাগতা সভা
নগাঁও আইন মহাবিদ্যালয়ৰ উদ্যোগত দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আইন সজাগতা সভা

DD TIMES বেবেজীয়া, ৮ নৱেম্বৰঃ নগাঁও আইন মহাবিদ্যালয়ৰ উদ্যোগত দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি এখন আইন সাহাৰ্য আৰু সজাগতা শিবিৰ অনুষ্ঠিত হয় ৷ অনুষ্ঠানত আয়োজিত সভাৰ সভাপতিত্বত কৰে দাক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক ৰঞ্জিত নাথে । সজাগতা সভাত ভাষণ প্রদান কৰি নগাঁও আইন মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুজাতা ভট্টাচার্য্যই আইন সজাগতা আৰু প্রয়োজনীয়তা সম্পৰ্কে আলোচনা আগবঢ়াই।

বিশেষকৈ আজিৰ প্ৰজন্মই কি দৰে নিজৰ অধিকাৰ আৰু কৰ্তব্য পালন কৰিব লাগে লগতে নগাঁও আইন মহাবিদ্যালয়ত থকা বিনামূলীয়া আইন সাহাৰ্য কোষত কি দৰে সম্পূৰ্ণ বিনামূলীয়াকৈ সকলো আইনী সুবিধা গ্রহণ কৰিব পাৰে সেই সম্পৰ্কে ব্যাখ্যা আগবঢ়াই ৷
লগতেই আইন মহাবিদ্যালয় ছাত্র-ছাত্রী সকলে বিভিন্ন আইন সমস্যাৰ আৰু তাৰ সমাধানৰ ওপৰত ভাষণ প্রদান কৰে।
সভাত উপস্থিতি থকা বিশিষ্ট অধিবক্তা কল্প জ্যোতি বৰাই উপস্থিত থকা ৰাইজৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে।
সভাৰ সভাপতি ৰঞ্জিত নাথে কয় আইন সজাগতা সভাৰ প্ৰয়োজনীয়তা আৰু কি দৰে দৈনন্দিন কাম-কাজত কেনেকৈ সহায় কৰে তাৰ ওপৰত মত পোষণ কৰে।
সভাৰ পৰিসমাপ্তিত শলাগৰ শৰাই আগবঢ়াই আইন মহাবিদ্যালয়ৰ প্ৰৱক্তা ত্রৈলোক্য হাজৰিকাই।

