NAGAON DHING: কাৰামুক্ত হ’ল বিধায়ক আমিনুল ইছলাম
অৱশেষত কাৰামুক্ত হ’ল বিধায়ক আমিনুল ইছলাম

নগাঁও, ২৮ নৱেম্বৰঃ বিগত প্ৰায় আঠ মাহে নগাঁও কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা ধিং সমষ্টিৰ এআইইউডিএফ দলৰ বিধায়ক আমিনুল ইছলাম অৱশেষত মুকলি আকাশলৈ তললৈ আহিল।
শুকুৰবাৰে সন্ধ্যা ৭ বজাত কাৰাগাৰৰ পৰা ওলাই অহাৰ সময়ত বিধায়কগৰাকীৰ শ শ সমৰ্থকে ব্যাপক আদৰণি জনোৱা পৰিলক্ষিত হয়। বৃহস্পতিবাৰে উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰাৰ পিছত শুকুৰবাৰে নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ সন্মুখত বিধায়কগৰাকীৰ কেবা শতাধিক দলীয় সমৰ্থকে দুপৰীয়াৰ পৰা ভিৰ কৰা পৰিলক্ষিত হয়।

উল্লেখ্য যে, পেহেলগামত সংঘটিত বৰ্বৰ আক্ৰমণ সন্দৰ্ভত ধিঙৰ বিধায়ক আমিনুল ইছলামে এক বিতৰ্কিত মন্তব্য কৰাৰ বাবে তেওঁক নগাঁও আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি যোৱা ২৪ এপ্ৰিলত গ্ৰেপ্তাৰ কৰিছিল যদিও ১৪ মে’ত আদালতে তেওঁৰ জামিন মঞ্জুৰ কৰিছিল।
সিদিনাই আৰক্ষীয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন চমুকৈ এন এছ এছৰ অধীনত আন এক গোচৰ জাপি দিয়াৰ পিছৰে পৰা বিধায়ক গৰাকী নগাঁও কেন্দ্ৰীয় কাৰাগাৰতে কাৰাৰুদ্ধ হৈ থাকিব লগা হৈছিল।
পৰৱৰ্তীকালত বিধায়ক গৰাকীৰ অধিবক্তাই গুৱাহাটী উচ্চ ন্যায়ালয়ত তেওঁৰ জামিন বিচাৰি আবেদন কৰিছিল যদিও দুবাৰকৈ তেওঁৰ জামিন আবেদন নাকচ হৈছিল। পুণৰ তেওঁৰ হকে অধিবক্তাই দুজনীয়া খণ্ড বিচাৰপিটত জামিন আবেদন দাখিল কৰাত কেবা দিনযোৰা এক দিঘলীয়া যুক্তি তৰ্কৰ পিছত যোৱা ৬ নৱেম্বৰত সংশ্লিষ্ট আদালতে অন্তিমটো শুনানি গ্ৰহণ কৰে যদিও ইমান দিনে ৰায় প্ৰদান কৰা নাছিল।
অৱশেষত শুকুৰবাৰে আদালতে বিধায়ক ইছলামৰ বিৰুদ্ধে থকা সকলোবোৰ গোচৰ খাৰিচ কৰাত তেওঁ মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হৈ পৰে।
ইপিনে বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৭ বজাত কাৰাবন্দিত্বৰ পৰা মুকলি হোৱাৰ পিচতেই এখন সংবাদমেল আয়োজন কৰি বিধায়ক আমিনুল ইছলামে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ নিৰ্বাচনত মই প্ৰতিদ্বন্দিতা কৰাটো বিচৰা নাছিল।
সেয়ে নিৰ্বাচন পাৰ হোৱাৰ পিচতহে কাৰাগাৰৰ পৰা মই মুকলি হোৱাৰ পৰিকল্পনা কৰিছিল। মই অসম বিধানসভাত থাকিলে বিজেপি চৰকাৰৰ সমস্যা হয়।তেওঁলোকে যি ফোপোলা ৰাজনীতি কৰে,অসমক ঋণগ্ৰস্ত কৰিলে। হিতাধিকাৰী আঁচনি কৰিলে।অসমক ধ্বংসৰ দিশলৈ নিছে।এই সংক্ৰান্তত মই বিধান সভাত প্ৰতিবাদ কৰো বাবেই তেওঁলোকৰ সমস্যা হয়।
কিন্তু মহামান্য উচ্চ ন্যায়ালয়ে নিৰ্দেশত আমি মুকলি হলো। মহামান্য ন্যায়ালয়ক ধন্যবাদ দিছো। ন্যায়ালয়ে মোক ন্যায় দিলে। চৰকাৰ ষড়যন্ত্ৰ, চৰকাৰৰ গণতন্ত্ৰ বিৰোধী সিদ্ধান্তক বুজি পাই মহামান্য আদালতে এই ন্যায় দিলে। বিধায়ক ইছলামে শনিবাৰে অসম বিধানসভাৰ অধিবেশনত অংশগ্ৰহণ কৰিব বুলিও সংবাদমেলত কৈ কয় যে-দুৰ্ভাগ্যবশতঃ কাৰাবন্দীহৈ থকাৰ বাবে তেওঁ অসম বিধান সভাত প্ৰশ্ন উত্থাপন কৰিব নোৱাৰিব।
তেওঁ কয় যে-পেহেলগাম কাণ্ডৰ সময়ত সেই স্থানত তিনিদিনৰ পূৰ্বৰে পৰা নিৰাপত্তাৰক্ষী নাছিল।সেয়ে মই কেন্দ্ৰীয় চৰকাৰক জবাবদিহি কৰিছিলো।সেয়ে মোক গ্ৰেপ্তাৰ কৰিলে। তেওঁ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িক ৰাজনীতি কৰাৰো অভিযোগ কৰে।
তেওঁ কয় যে- হিটলাৰ চৰকাৰৰ যি অপকৰ্ম আৰু গণতান্ত্ৰক হত্যা কৰাৰ যি বিৰোধীৰ বাকৰুদ্ধ কৰাৰ যি অপচেষ্টা তাক গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰতিহত কৰিলে।বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী,বিধায়কে প্ৰতিদিনে কৰা সাম্প্ৰদায়িক মন্তব্যৰ বাবে ডিটেন কৰিব লাগে বিজেপি চৰকাৰৰ মন্ত্ৰী, মুখ্যমন্ত্ৰীক ।
মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে সদায় বিৰোধিতা কৰি যাম।উল্লেখযোগ্য যে ধিং সমষ্টিত বিধায়ক আমিনুল ইছলামে যোৱা ২৩ এপ্ৰিলত পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা এ আই ইউ ডি এফৰ দুগৰাকী মহিলা প্ৰাৰ্থীৰ হৈ এক নিৰ্বাচনী সভাত অংশগ্ৰহন কৰি যোৱা পেহলগামত সংঘটিত উগ্ৰপন্থীৰ নৰসংহাৰৰ ঘটনাৰ সন্দৰ্ভত কেতবোৰ বিতৰ্কিত মন্তব্য আগবঢ়াইছিল।
ইয়াৰ পিচতেই নগাঁও আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে এটি গোচৰ ৰুজু কৰি ইতিমধ্যে বিধায়কজনক তেওঁৰ বাসগৃহত অভিযান চলাই আমি গ্ৰেপ্তাৰ কৰিছিল।

