অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

NAGAON: ২৬ অক্টোবৰত নগাঁৱৰ আলিটাঙনিত উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সংস্থাৰ নগাঁও জিলা সমিতিৰ অধিৱেশন

Spread the love

২৬ অক্টোবৰত নগাঁৱৰ আলিটাঙনিত সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সংস্থাৰ নগাঁও জিলা সমিতিৰ অধিবেশনৰ আয়োজন

DD TIMES নগাঁও, ২৫ অক্টোবৰঃ সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সংস্থাৰ নগাঁও জিলা সমিতিৰ ২৪ সংখ্যক অধিবেশন ২৬ অক্টোবৰত দিনজোৰা কাৰ্যসূচীৰে নগাঁৱৰ আলিটাঙনিস্থিত আলিটাঙনি ওচমানিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আতিথ্যত অনুষ্ঠিত হ’ব। কাৰ্যসূচী অনুসৰি পুৱা সংস্থাৰ ভাৰপ্ৰাপ্ত সভাপতি তোষেশ্বৰ বৰাই পতাকা উত্তোলনৰে অধিবেশনৰ শুভাৰম্ভ কৰিব।

জিলা সম্পাদক জিতেন হাজৰিকাই স্মৃতি তৰ্পন অনুষ্ঠান মুকলি কৰিব। দিনৰ ১০ বজাৰ পৰা হ’ব লগা প্ৰতিনিধি সভাত আদৰণি ভাষণ প্ৰদান কৰিব আদৰণি সমিতিৰ সম্পাদক তথা আলিটাঙনি ওচমানিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মাইনুল ইছলামে।

বিয়লি সংস্থাৰ জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি তোষেশ্বৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হ’ব লগা মুকলি সভাৰ উদ্ধোধন কৰিব আদৰণি সমিতিৰ সভাপতি জামাল উদ্দিন আহমেদে। একে সভাতছ স্মৃতিগ্ৰন্থ উন্মোচন কৰিব বিশিষ্ট শিক্ষাবিদ হাফিজ উদ্দিন পাঠানে। সভাত আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰিব জুৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড° হাচমত আলিয়ে।

উল্লেখ্য, অধিবেশনখন সফল কৰি তুলিবলৈ সংস্থাৰ জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি তোষেশ্বৰ বৰা, সম্পাদক জিতেন হাজৰিকা, আদৰণি সমিতিৰ সভাপতি জামাল উদ্দিন আহমেদ, কাৰ্যকৰী সভাপতি আবু বক্কৰ ছিদ্দিক, সম্পাদক মাইনুল ইছলামে সংশ্লিষ্ট সকলোকে আহ্বান জনাইছে।

ইফালে সংস্থাৰ জিলা সমিতিয়ে জিলাখনৰ ৫৯খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান সকলক নিজৰ নিজৰ বিদ্যালয়ৰ প্ৰতিনিধি সকলক প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!