অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

NAGAON: সাহিত্যিক-শিক্ষাবিদ দধি মোহন বৰাক স্মৰণ

Spread the love

সাহিত্যিক-শিক্ষাবিদ দধি মোহন বৰাৰ স্মৃতিচাৰণ সভা

লোক সাহিত্যৰ জ্ঞান নিৰ্মাতা আছিল বৰা : ড° শৰৎ বৰকটকী

DD TIMES নগাঁও, ৬ অক্টোবৰঃ দধি মোহন বৰাই “ফকৰা যোজনা কোষ” শীৰ্ষক গ্ৰন্থৰ জৰিয়তে অতীতৰ আৰু বৰ্তমানৰ প্ৰজন্মৰ মাজত থকা লোক সাহিত্যৰ জ্ঞান নিৰ্মাণ কৰি থৈ গৈছে ৷ভাষা আৰু সংস্কৃতি দুয়ো এক জীৱন্ত সত্তা বুলি বিশ্বাস কৰিছিল ৷

“ফকৰা যোজনা কোষ”ৰ দৰে গ্ৰন্থৰ জৰিয়তে বৰাই অতীতৰ আৰু বৰ্তমানৰ প্ৰজন্মৰ মাজত লোক সাহিত্যৰ জ্ঞানৰ এখন সেতু নিৰ্মাণ কৰি থৈ গ’ল। বৰা কেৱল এজন লেখক নহয়, তেওঁ আছিল আমাৰ সমাজৰ আত্মাৰ সংগ্ৰাহক।

“ফকৰা যোজনা কোষ” গ্ৰন্থখনত সংগ্ৰহ কৰা প্ৰতিটো ফকৰাই আমাৰ মাটিৰ গোন্ধ, আমাৰ লোক জীৱনৰ হেঁপাহ আৰু পুৰণি প্ৰজন্মৰ জ্ঞানৰ দীপ্তি সংৰক্ষণ কৰি থৈ গল। তেওঁৰ মতে ফকৰা মানে কেৱল ৰসিক বাক্য নহয়, হৈছে জীৱনৰ দৰ্শন।

মানুহৰ দৈনন্দিন অভিজ্ঞতাৰ মাজত লুকাই থকা সঁচা বুদ্ধি। সেই বুদ্ধিৰ সাৰাংশক তেখেতে গ্ৰন্থৰ মাজত থৈ যোৱাৰ লগতে আধুনিকতাৰ ঢৌত যেতিয়া আমি আমাৰ মূল সংস্কৃতিৰ পৰা ধীৰে ধীৰে আঁতৰি গৈ আছো, তেতিয়াই তেওঁ জ্ঞান যে কেৱল বিদ্যালয়ত শিকিব নোৱাৰি, সেই জ্ঞান গাঁৱৰ চহাৰ মুখেৰে, আইতাৰ কথাৰে, লোক সংগীতেৰে আৰু সাধাৰণ মানুহৰ জীৱন ধাৰাত বৈ থাকে তাক দেখুৱাই গ’ল ৷” এই মন্তব্য নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড° শৰৎ বৰকটকীৰ ৷

নগাঁও জিলাৰ কুজীডাঁহ হাতীচোঙৰ নিবাসী তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সৰস্বতী বঁটাৰে বিভূষিত প্ৰথিতযশা সাহিত্যিক, কথাৰত্ন ড° লক্ষ্মীনন্দন বৰাৰ ভতিজা দধি মোহন বৰাৰ আজি আদ্যশ্ৰাদ্ধ উপলক্ষে বিয়লি চাৰি বজাত অনুষ্ঠিত স্মৃতিচাৰণ সভাত অংশ গ্ৰহণ কৰি উল্লিখিত বক্তব্য দাঙি ধৰে নগাঁও মহাবিদ্যালয়য়ৰ প্ৰাক্তন অধ্যক্ষ তথা নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড° শৰৎ বৰকটকীয়ে ৷

কুজীডাঁহ শাখা সাহিত্য সভাৰ সভাপতি তথা প্ৰাক্তন বিষয় শিক্ষক সুনীল বৰাই দধি মোহন বৰাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্জ্বলন কৰা সভাখনিৰ আৰম্ভণিতে প্ৰয়াত বৰাৰ বৰ বোৱাৰী গায়ত্ৰী কাকতি বৰাই বৰগীত পৰিৱেশন কৰে৷

নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ৰাজীব কুমাৰ হাজৰিকাই উদ্দেশ্য ব্যাখ্যা কৰা উক্ত সভাত প্ৰেছ ক্লাব, বেবেজীয়াৰ সম্পাদক, জ্যেষ্ঠ সাংবাদিক প্ৰাঞ্জল বৰদলৈ, নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি থগিত মহন্ত, জাতীয়তাবাদী নেতা দেব কুমাৰ বৰা, গল্পকাৰ শিৱানন্দ কাকতি, হাতীচোং মহাবিদ্যালয়ৰ অধ্যক্ষ লুইত হাজৰিকা প্ৰমুখ্যে কেইবাগৰাকীও ব্যক্তিয়ে সদ্য প্ৰয়াত সাহিত্যিক, প্ৰাক্তন অধ্যক্ষ গৰাকীৰ জীৱন সন্দৰ্ভত বক্তব্য প্ৰদান কৰে ৷

কুজীডাঁহ শাখা সাহিত্য সভাৰ সম্পাদিকা তৰুলতা বড়া হাজৰিকাই আঁত ধৰা সভাখনিত প্ৰাক্তন শিক্ষক নাৰায়ণ মহন্ত, প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী অৰুণা বড়া, হিৰণ্য বৰা, সাংবাদিক চন্দনজ্যোতি বৰা,ড° জ্যোতি ৰাণী বৰা, পূৰ্ণিমা মেধি, ভাৰতী বৰা, ৰঞ্জন বৰা, নিশামণি বৰা, ৰুলি বৰা, ৰাজীব ভূঞা প্ৰমুখ্যে শতাধিক লোকে অংশ গ্ৰহণ কৰা সভাখনিৰ অন্তত ডিমৰীয়া মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক মোহিনী মোহন ডেকাই শলাগৰ শৰাই জ্ঞাপনৰ দ্বাৰা বিশিষ্ট লেখক-সাহিত্যিক-শিক্ষাবিদ দধি মোহন বৰা বিশুদ্ধ অক্সিজেন সদৃশ ব্যক্তিত্ব সম্পন্ন ব্যক্তি আছিল বুলি দোহাৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!