অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

NAGAON: নগাঁৱৰ পলাশনী প্ৰাথমিক বিদ্যালয়ত শিক্ষণ শিকন সঁজুলিৰ প্ৰদৰ্শনী

Spread the love

নগাঁৱৰ পলাশনী প্ৰাথমিক বিদ্যালয়ত শিক্ষণ শিকন সঁজুলিৰ প্ৰদৰ্শনী

DD TIMES বঢ়মপুৰ, ১১ নৱেম্বৰঃ নগাঁৱৰ খাগৰিজান প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত পলাশনী প্ৰাথমিক বিদ্যালয়ত সোমবাৰে দিনজোৰাকৈ শিক্ষণ শিকন সঁজুলিৰ এক প্ৰদৰ্শনী অনুষ্ঠিত হয়।

শিক্ষাখণ্ডটোৰ অন্তৰ্গত ডিফলু মণ্ডল সমল কেন্দ্ৰৰ পৰা অহা সাতখন বিদ্যালয়ৰ প্ৰতিনিধিয়ে এই প্ৰদৰ্শনীত অংশগ্ৰহণ কৰে।

কেন্দ্ৰ সমন্বয়ক নৱজ্যোতি মহন্তই আঁত ধৰা এই অনুষ্ঠানত বিচাৰক তথা পৰিদৰ্শক হিচাপে উপস্থিত থাকে সমল ব্যক্তি ক্ৰমে উজ্জ্বল জ্যোতি বৰগোহাঁই আৰু আলম মুক্তিয়াৰ হুছেইন।

প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ মৌলিক সাক্ষৰতা আৰু সাংখ্যিকতাৰ বোধগম্যতাৰ বিকাশৰ হেতু ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে শিক্ষক-শিক্ষয়িত্ৰীসকলে নিজে প্ৰস্তুত কৰা এই শিকন সঁজুলিবোৰ শ্ৰেণীকোঠাত যথেষ্ট সহায়ক হ’ব বুলি বিচাৰক প্ৰমুখ্যে উপস্থিত সকলোৱে একেমুখে মতপোষণ কৰে।

উল্লেখযোগ্য যে, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাজত শিক্ষণ শিকন সঁজুলি গঢ়াৰ ক্ষেত্ৰত এক প্ৰতিযোগিতামূলক মনোবৃত্তি বৃদ্ধি পাবলৈ সমল কেন্দ্ৰ ভিত্তিত এখন প্ৰতিযোগিতাও আয়োজন কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!