NAGAON: নগাঁৱৰ গেদাৰবড়িত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱৰ ব্যাপক প্ৰস্তুতি
নগাঁৱৰ গেদাৰবড়িত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱৰ ব্যাপক প্ৰস্তুতিঃ পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন
DD TIMES নগাঁও, ২৮ ছেপ্টেম্বৰঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ ১নং গেদাৰবড়িস্থিত শ্রীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্রত মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ গুৰুজনাৰ ৫৭৭ সংখ্যক আবির্ভাৱ উৎসৱটি অহা ২৯ ছেপ্টেম্বৰৰ পৰা পাঁচদিনীয়া বিস্তৃত কার্যক্রমণিকাৰে পূব হাতীচোং আঞ্চলিক ৰাইজৰ সৌজন্যত মহাৰজত জয়ন্তী বর্ষ হিচাপে আয়োজন কৰা হৈছে।

তদুপলক্ষে সমাজকর্মী নৰেন্দ্র বৰাক সভাপতি, ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসক কার্যকৰী সভাপতি, শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ একনিষ্ঠ সেৱক বিপুল শইকীয়াক সম্পাদক তথা চন্দন শইকীয়া আৰু কমল চন্দ্র শইকীয়াক যুটীয়া সম্পাদক হিচাপে লৈ ভাওনা উপসমিতি, নিৰ্মাণ উপসমিতি, কৃষ্টি উপসমিতি, স্মৃতিগ্ৰন্থ উপসমিতিকে ধৰি ১৩খন উপসমিতিৰে এখন শক্তিশালী উদযাপন সমিতি গঠন কৰি ব্যাপক প্ৰস্তুতি চলোৱা হৈছে বুলি প্ৰচাৰ উপসমিতিৰ সভাপতি সমীৰ হাজৰিকা আৰু সম্পাদক কল্যাণ কুমাৰ বৰাই জানিবলৈ দিয়ে।
২৯ ছেপ্টেম্বৰৰ সন্ধিয়া পূর্ববংগৰ দ্বাৰা শুভাৰম্ভ হ’বলগীয়া মহাৰজত জয়ন্তী মহোৎসৱৰ প্রকাশিত কাৰ্যসূচী অনুসৰি ৩০ ছেপ্টেম্বৰৰ দ্বিতীয় দিনা পুৱা ৬ বজাত ঊষা কীর্তন আৰু ৯ বজাত ৭৪খন ধর্মধবজা উত্তোলন কৰা হ’ব ৷ ৯-৪০ বজাত শ্রদ্ধাঞ্জলি আৰু কৃতজ্ঞতা জ্ঞাপন অনুষ্ঠান, ১০ বজাত বাটচ’ৰা,উন্মোচন আৰু ১০.২০ বজাত প্রেক্ষাগৃহ উন্মোচনৰ পিছতে ভাগৱত ভ্রমণ আৰু সাংস্কৃতিক শোভাযাত্রা উলিওৱা হ’ব। দুপৰীয়া নাম-প্ৰসংগৰ লগতে বিয়লি ৪ বজাত অস্থায়ী গুরু আসন প্রতিষ্ঠা, সন্ধিয়া ৫ বজাত বস্তি প্রজ্বলনৰ অন্তত প্রয়াত লুহুৰাম শইকীয়া আৰু বুলমাই শইকীয়াৰ সোঁৱৰণত অৱসৰী খণ্ড উন্নয়ন বিষয়া প্রবীন চন্দ্র শইকীয়া আৰু পৰিয়ালবর্গই আগবঢ়োৱা অংকীয়া নাট ‘পাৰিজাত হৰণৰ আদৰণি আৰু অংকীয়া নাটৰ শুভ উদ্বোধন কৰা হ’ব। সেইদৰে ১ অক্টোবৰৰ তৃতীয় দিনা পুৱা ৫ বজাৰ পৰা প্রাতঃপ্রসংগ, পৰিবেশ নিকাকৰণ আৰু নাম-প্ৰসংগৰ অন্তত দিনৰ মুকলি সভা অনুষ্ঠিত হ’ব। মুকলি সভাত শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকা,প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াৰ লগতে মন্ত্ৰী কেশৱ মহন্ত , বিধায়ক ৰূপক শৰ্মা, , এন ডি —২৪ ৰ সাংবাদিক এঞ্জেলা চাংমাই, বিশিষ্ট চিকিৎসক ডা° হিতেশ বৰুৱাকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকিব ৷ সন্ধিয়া শংকৰী সংগীতৰ অনুষ্ঠান “যাকেৰি নাহিকে উপাম” অনুষ্ঠিত হ’ব। নগাঁও জিলা আয়ুক্ত দেবাশিস শর্মাই উদ্বোধন কৰিবলগীয়া উক্ত অনুষ্ঠানত বিভিন্ন নৃত্য-গীতৰ অনুষ্ঠানৰ লগতে জনপ্রিয় শিল্পী বিদ্যাসাগৰে সংগীতানুষ্ঠান পৰিবেশন কৰিব। তদুপৰি ২ অক্টোবৰৰ চতুৰ্থ দিনা পুৱা ৫ বজাৰ পৰা প্রাতঃপ্ৰসংগ, পৰিবেশ নিকাকৰণ আৰু নাম-প্ৰসংগৰ অন্তত দিনৰ ১১ বজাত অনুষ্ঠিত হ’বলগীয়া “স্মৃতিৰ একাজলি” শীর্ষক ব্যতিক্রমী অনুষ্ঠানত ব অঞ্চলৰ প্রয়াত বাপ-আই সমস্তক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰা হ’ব। দুপৰীয়া ১২ বজাত উক্ত উৎসৱ উদযাপনৰ প্রাক্তন সভাপতি, সম্পাদক আৰু জ্যেষ্ঠ শিল্পীসকলৰ সম্বর্ধনা অনুষ্ঠান, বিয়লি ১ বজাত আমন্ত্রিত নামতি দলৰ দ্বাৰা দিহানাম পৰিবেশন, ৪ বজাত অস্থায়ী গুৰু আসন প্রতিষ্ঠা, সন্ধিয়া ৫ বজাত বস্তি প্রজ্বলনৰ পিছতে প্রয়াত মহেশ্বৰ বৰাৰ সোঁৱৰণত পৰিয়ালবর্গই আগবঢ়োবা অংকীয়া নাট “পত্নী প্রসাদ’ৰ আদৰণি আৰু নাটৰ শুভ উদ্বোধন কৰা হ’ব। তদুপৰি নিশালৈ অঞ্চলব বাচকবনীয়া মহিলা শিল্পীৰ দ্বাৰা অসমীয়া ভাওনা “অভিমন্যু বধ ” প্রদর্শন কৰা হ’ব। ইফালে, ৩ অক্টোবৰৰ অন্তিম দিনা নিশালৈ স্বনামধন্য নাট্যকাৰ সেবাব্রত বৰুৱাৰ ৰচনা আৰু অভিনেতা অজয় বৰঠাকুৰৰ পৰিচালনাৰে “মাক আৰু মৰম” নাটক মঞ্চস্থ কৰা হ’ব ৷ মহাৰজত জয়ন্তী সমূহ কাৰ্যসূচীত উদ্যাপন সমিতিয়ে সকলো ৰাইজৰ উপস্থিতি আৰু সহায়-সহযোগিতা কামনা কৰিছে ৷