অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

NAGAON: নগাঁৱত প্ৰজ্ঞা মৈত্ৰী সাহিত্য-সংস্কৃতিৰ সাধনা মঞ্চৰ প্ৰথম বাৰ্ষিক অধিৱেশন

Spread the love

নগাঁৱত প্ৰজ্ঞা মৈত্ৰী সাহিত্য-সংস্কৃতিৰ সাধনা মঞ্চৰ প্ৰথম বাৰ্ষিক অধিৱেশন সম্পন্ন

DD TIMES বঢ়মপুৰ, ১৯ অক্টোবৰঃ নগাঁও জিলা প্ৰজ্ঞা মৈত্ৰী সাহিত্য-সংস্কৃতিৰ সাধনা মঞ্চৰ অধিবেশনখনি ১৯ অক্টোবৰত নগাঁও প্ৰেছ ক্লাবত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়।

পুৱা ভাগত অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ এক শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে সদৌ অসম প্ৰজ্ঞা মৈত্ৰী সাহিত্য-সংস্কৃতিৰ সাধনা মঞ্চৰ উপ-সভাপতি চিত্তৰঞ্জন লিগিৰাই।

সভাপতি হাইছ উদ্দিন আহমেদ আৰু সম্পাদক ড° কেশৱ বৰাই আঁত ধৰা অনুষ্ঠানটিত বিশিষ্ট কবি চিন্তামণি হাজৰিকা, ৰিতুৰাজ শৰ্মা, ফাৰহিন বেগম সহ নগাঁৱৰ বিভিন্ন প্ৰান্তৰ কবিসকলে অংশগ্ৰহণ কৰি জুবিনৰ এমাহ সম্পূৰ্ণ হোৱা উপলক্ষে জুবিনৰ প্ৰতিচ্ছবিত শ্ৰদ্ধা জ্ঞাপন কৰে আৰু অনুষ্ঠানৰ জৰিয়তে সকলোৱে জুবিনৰ ন্যায় পাব লাগিবই বুলি তীব্ৰ দাবী জনায়।

অতি শীঘ্ৰেই যাতে জুবিনে ন্যায় পায় তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়। জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত অনাগত দিনত তীব্ৰ দাবী জনাই যাব বুলি প্ৰতিজ্ঞাবদ্ধ হয়। উক্ত সভাতে হাইছ উদ্দিন আহমেদৰ সভাপতিত্বত কবি সন্মিলন খন উদ্বোধন কৰে বিশিষ্ট কবি চিন্তামণি হাজৰিকাই।

কবিতা পাঠৰ অনুষ্ঠানত চিত্তৰঞ্জন লিগিৰা, চিন্তামণি হাজৰিকা, ড° কেশৱ বৰা, হাইছ উদ্দিন আহমেদ, অশোক ৰাম ভট্টাচাৰ্য্য, জিতেন শৰ্মা, ৰিতুৰাজ শৰ্মা, গোপাল বৰা, খৰ্গেশ্বৰ বৰা, ফাৰমিন বেগম, ছাইদুল ইছলাম, অসীমা বেগম, চুমু শইকীয়া, জাকিৰ হুছেইন, অনামিকা বৰা দাস, পদ্মিনী ৰাজবংশী বৰা সহ প্ৰায় দুকুৰি কবিয়ে জুবিনক সোঁৱৰণেৰে কবিতা পাঠ কৰি অনুষ্ঠানটি জীপাল কৰি তোলে।

জুবিনৰ ‘মায়াবিনী…’ গীতটো পৰিৱেশন কৰে কনমানি শিশু কংকন প্ৰতীম বৰাই।

বিশিষ্ট অতিথিৰ ভাষণত জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত ৰাজনীতি নকৰি অতি শীঘ্ৰেই ন্যায় প্ৰদান কৰিবলৈও দাবী জনাই চমু ভাষণ প্ৰদান কৰে। শেষত ৰিতুৰাজ শৰ্মাৰ নেতৃত্বত জুবিনৰ ‘মায়াবিনী…’ গীতটো সকলোৱে পৰিবেশন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!