অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়ৰাষ্ট্ৰীয়শিৰোনাম

NAGAON: নগাঁও গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ৰ ৪২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

Spread the love

নগাঁও গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ৰ ৪২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

নগাঁও, ২৪ ছেপ্টেম্বৰঃ মধ্য অসমৰ বাণিজ্য শিক্ষাৰ অন্যতম প্ৰাণকেন্দ্ৰ নগাঁও গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ৰ ৪২ সংখ্যক প্ৰতিষ্ঠা দিৱসটি আজি বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়।

অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত গণ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। ইয়াৰ পাছতে মহাবিদ্যালয় পতাকা উত্তোলন কৰে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি প্ৰদীপ কুমাৰ বৰাই।

পৰৱৰ্তী কাৰ্যসূচী অনুসৰি গোপীনাথ দেৱ গোস্বামী দেৱৰ প্ৰতিমূৰ্তিত মাল্যৰ্পণ, প্ৰতিষ্ঠাপক অধ্যক্ষ কমল চন্দ্ৰ গোস্বামী আৰু প্ৰতিষ্ঠাপক সভাপতি ৰত্নকান্ত বৰা দেৱৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু মাল্যৰ্পণ কৰা হয়। এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে মহাবিদ্যালয় অধ্যক্ষ ড° মৃগাংক শইকীয়াই।

অনুষ্ঠানৰ শেষৰ ভাগত মহাবিদ্যালয় প্ৰাচীৰ প্ৰত্ৰিকা “ৰত্ন কমল” উন্মোচন কৰা হয়। ৰত্ন কমল উন্মোচন কৰে অবসৰপ্ৰাপ্ত অধ্যাপক ড° পি কে ডি পুৰকায়স্থই । সমগ্ৰ অনুষ্ঠানটো আঁতধৰে মহাবিদ্যালয় জ্যেষ্ঠ অধ্যাপিকা বিজু মনি পাঠকে।

উক্ত অনুষ্ঠানত মহাবিদ্যালয়ৰ দাতা পৰিয়ালৰৰ হৈ অধিবক্তা নৱ গোস্বামী, অৱসৰ প্ৰাপ্ত অধ্যক্ষ গুণধৰ গগৈ, অৱসৰপ্ৰাপ্ত অধ্যাপক ক্ৰমে ড° প্ৰফুল্ল শইকীয়া, জেহিৰুল ইছলাম পাঠান,মহাবিদ্যালয় উপাধ্যক্ষ উমেশ্বৰ শইকীয়াৰ লগতে মহাবিদ্যালৰ অধ্যাপক-অধ্যাপিকা, ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীসকল উপস্থিত থাকে।

উল্লেখযোগ্য যে ৪২ সংখ্যক প্ৰতিষ্ঠা দিৱস লগত সংগতি ৰাখি বিয়লি ভাগলৈ ৪২ গছি বন্তি প্ৰজ্বলনো কৰা হয়। উক্ত কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ক্ৰমে নৰেশ চন্দ্ৰ শৰ্মা আৰু তুলাৰাম বৈদ্যই।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!