MISCELLANEOUS

NAGAON: নগাঁও গোপীনাথ দেৱগোস্বামী বাণিজ্য মহাবিদ্যালয়ৰ উপাধ্যক্ষ উমেশ্বৰ শইকীয়াৰ অৱসৰ গ্ৰহণ

Spread the love

নগাঁও গোপীনাথ দেৱগোস্বামী বাণিজ্য মহাবিদ্যালয়ৰ উপাধ্যক্ষ উমেশ্বৰ শইকীয়াৰ অৱসৰ গ্ৰহণ

DD TIMES

নগাঁও, ২৬ ছেপ্টেম্বৰঃ নগাঁও চহৰৰ আগশাৰীৰ শিক্ষানুষ্ঠান নগাঁও গোপীনাথ দেৱগোস্বামী বাণিজ্য মহাবিদ্যালয়ত আজি শিক্ষক কৰ্মচাৰীৰ উদ্যোগত মহাবিদ্যালয়ৰ শিক্ষক গোটৰ সভাপতি ড° সত্যেন্দ্ৰ কুমাৰ পাণ্ডেৰ সভাপতিত্বত আৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মৃগাংক শইকীয়া, বিদায়ী উপাধ্যক্ষ উমেশ্বৰ শইকীয়া আৰু প্ৰাক্তন অধ্যাপক তথা মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি প্ৰদীপ কুমাৰ বৰা উপস্থিতিত আৰু অসমৰ সকলোৰে হিয়াৰ আমঠু প্ৰয়াত জুবিন গাৰ্গৰ সোঁৱৰণিৰে এখন আবেগপূৰ্ণ বিদায় সভা সফল ভাৱে সমাপন হয়।

শিক্ষক গোটৰ সম্পাদক তথা সহকাৰী অধ্যাপক ৰাম প্ৰসাদ পাটৰে আঁত ধৰা সভাত মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন সহযোগী অধ্যাপিকা প্ৰীয়ম্বদা শইকীয়া বৰা, প্ৰাক্তন উপাধ্যক্ষ প্ৰশান্ত হাজৰিকা, প্ৰাক্তন সহযোগী অধ্যাপক জেহিৰুল ইছলাম পাঠান আৰু ড° প্ৰফুল্ল শইকীয়া দেৱ উপস্থিত থাকি বক্তব্য ৰাখে।

Oplus_131072

তেখেত সকলে অৱসৰৰ পিছত নতুন তথা স্বাধীন জীৱনৰ সূচনা হয় বুলি মত আগবঢ়াই আৰু বিশাল মনৰ অধিকাৰী আৰু ছাত্ৰ ছাত্ৰীসকলৰ লগত যি সুসম্পৰ্ক সেয়া উল্লেখ কৰি উমেশ্বৰ শইকীয়া দেৱক শুভেচ্ছা জনায়।

ভাষণ প্ৰসঙ্গত অধ্যক্ষ ড° মৃগাংক শইকীয়াই সামাজিক ক্ষেত্ৰৰ উন্নয়নমূলক কাৰ্যত ব্ৰতী হোৱাৰ উপৰিও জ্যেষ্ঠ অভিজ্ঞ অধ্যাপক তথা উপাধ্যক্ষ হিচাপে মহাবিদ্যালয়ৰ উন্নয়নৰ কামত দিহা পৰামৰ্শৰ লগতে সহযোগিতা পোৱাৰ আশা প্ৰকাশ কৰে।

Oplus_131072

পৰিচালনা সমিতিৰ সভাপতি প্ৰদীপ কুমাৰ বৰাই পূৰ্বৰ কিছু স্মৃতি ৰোমন্থন কৰে আৰু ভৱিষ্যত জীৱনৰ শুভেচ্ছা জনায়। সহযোগী অধ্যাপিকা ড° জোনালী শৰ্মা, বিজুমনি পাঠকে উমেশ্বৰ শইকীয়াৰ বিদায়ী ভাষণ আগবঢ়াই।

ভাষণত শইকীয়াৰ সৰলতা আৰু উদাৰতাৰ কথা, নিয়মানুৱৰ্তিতা, কৰ্তব্যপৰায়ণতাৰ সকলোৱে শলাগ লয়। কৰ্মচাৰী সকলৰ পৰা ললিত চন্দ্ৰ নাথে বক্তব্য আগবঢ়ায়।

বিদায়ী উপাধ্যক্ষ তথা সহযোগী অধ্যাপক উমেশ্বৰ শইকীয়াই মহাবিদ্যালয়ত নিযুক্ত হোৱাৰ পৰা আজিকোপতি শৈক্ষিক আৰু অনাশৈক্ষিক দিশত আগবঢ়োৱা বৰঙণিৰ সম্পৰ্কে আলোকপাত কৰাৰ লগতে মহাবিদ্যালয়ৰ উত্তৰোত্তৰ কামনা কৰে আৰু ছাত্ৰ ছাত্ৰী সকলক নিজৰ জীৱনত আগবাঢ়ি যাবলৈ আশীৰ্বাদ দিয়ে।

তেখেতে মহাবিদ্যালয়ৰ শৈক্ষিক দিশৰ লগতে বিভিন্ন কামবিলাকত অংশগ্ৰহণ কৰি এক নজিৰ ৰাখিবলৈ সক্ষম হৈছে। উক্ত বিদায় সভাত শলাগৰ শৰাই আগবঢ়াই সহকাৰী অধ্যাপিকা নাতাশা বৰুৱাই।

উল্লেখ্য যে অৱসৰী উমেশ্বৰ শইকীয়াক মহাবিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা পত্ৰ, শৰাই, গামোচা, চেলেং, স্মাৰকৰে সম্বৰ্ধনা জনোৱা হয়। মহাবিদ্যালয়ৰ অধ্যাপক আৰু কৰ্মচাৰীয়ে সভাৰ শেষত উমেশ্বৰ শইকীয়াক স-সন্মানেৰে তেখেতৰ গৃহত থৈ অহাৰ ব্যৱস্থা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!