অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

NAGAON: তুলসীমুখত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পুৰুষোত্তম আঞ্চলিক শাখাৰ গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ উদযাপন

Spread the love

তুলসীমুখত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পুৰুষোত্তম আঞ্চলিক শাখাৰ গুৰুজনাৰ ৫৭৭ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উদযাপন

নান্দনিক ভাগৱত শোভাযাত্ৰাৰে মুখৰ বৃহত্তৰ তুলসীমুখ

শিশুসকলক আধ্যাত্মিক আৰু মহাপুৰুষীয়া শিক্ষাৰে সমৃদ্ধ কৰা উচিতঃড° হেমন্ত দাস

DD TIMES নগাঁও, ৭ অক্টোবৰঃ অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ সৰ্বগুণাকৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ সংখ্যক আবিৰ্ভাৱ মহোৎসৱটি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পুৰুষোত্তম আঞ্চলিক শাখাৰ ব্যৱস্থাপনাত তুলসীমুখ ডেকাগিৰি প্ৰাথমিক শাখাৰ আতিথ্যত তুলসীমুখ কোচ গাঁও নামঘৰ প্ৰাংগণত আয়োজিত দুদিনীয়া কাৰ্যসূচীৰ আজি সফল সামৰণি পৰে।

আজি পুৱা নামাচাৰ্য নয়নজ্যোতি বৰাৰ পৰিচালনাত প্ৰাতঃপ্ৰসংগ হয়। ৭.৩০ বজাত আঞ্চলিক সেৱা বাহিনীৰ উদ্যোগত পৰিৱেশ নিকাকৰণ, ৮ বজাত ধৰ্মধ্বজা উত্তোলন কৰে পুৰুষোত্তম আঞ্চলিক শাখাৰ সভাপতি ৰাজেন শইকীয়াই।

ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে পুৰুষোত্তম আঞ্চলিক শাখাৰ উপ-সভাপতি কুশীৰাম বৰুৱাই। প্ৰায় পাঁচ কিলোমিটাৰ দৈৰ্ঘৰ শোভাযাত্ৰাটিত গৰুড় পক্ষী, নিমিষাৰণ্য, কালীয় দমন, দিহানাম, ভাগৱত পাঠ আদি এনেধৰণৰ আধ্যাত্মিক আৰু মহাপুৰুষীয়া সংস্কৃতিৰ প্ৰতিফলনেৰে অঞ্চলবাসীৰ দৃষ্টি আকৰ্ষণ কৰে।

দুপৰীয়া খগেন পাটৰৰ পৰিচালনাত নাম-প্ৰসংগ অনুষ্ঠিত হয়। বিয়লি অনুষ্ঠিত ধৰ্মালোচনী সভাত সভাপতিত্ব কৰে ৰাজেন শইকীয়াই। ডেকাগিৰি প্ৰাথমিকৰ আইসকলৰ দ্বাৰা বৰগীত পৰিবেশনেৰে শুভাৰম্ভণি ঘটা সভাখন উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ট্ৰাষ্ট সমিতিৰ সভাপতি প্ৰফুল্ল চন্দ্ৰ বৰাই৷

উদ্বোধনী ভাষণত তেওঁ কয় যে গুৰুজনাই সমাজখনক একত্ৰিত কৰি বৰ অসম গঢ়াৰ লগতে বিশ্ব ভাতৃত্ববোধৰ চেতনা জগাই তুলিছিল। পুৰুষোত্তম আঞ্চলিক শাখাৰ সম্পাদক প্ৰদীপ কুমাৰ ডেকাই আঁত ধৰা সভাখনিত আঞ্চলিক শাখাৰ অন্তৰ্গত প্ৰাথমিকসমূহৰ ইতিবৃত্ত সমৃদ্ধ গ্ৰন্থ ‘পুৰুষোত্তম’ উন্মোচন কৰে নগাঁও বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক দীপক কুমাৰ বৰাই।

উন্মোচনী ভাষণত তেওঁ কয় যে জগতগুৰু জনাই একনাম ধৰ্ম প্ৰচাৰৰ বাবে জীৱন উচৰ্গা কৰিছিল। সভাত নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ প্ৰদান কৰি কয় যে শিশুসকলক সৰুৰে পৰা আধ্যাত্মিক আৰু মহাপুৰুষীয়া শিক্ষা প্ৰদান কৰা উচিত। কাৰণ তেতিয়াহে এজন শিশুৱে আধ্যাত্মিক দিশত সমৃদ্ধ হৈ নৈতিক দিশতো সবল হৈ উঠিব।

সভাত সংঘৰ মূলৰ সদস্য নলিনী বৰা সংঘৰ জিলা শাখাৰ সভাপতি চেনাৰাম ডেকা, মূলৰ সদস্য বিপুল শইকীয়াই গুৰুজনাৰ দৰ্শনৰাজিৰ ওপৰত আলোকপাত কৰি ভাষণ প্ৰদান কৰে।

ধৰ্মালোচনী সভাখনিত ভৱেন্দ্ৰ নাথ শইকীয়া, যোগেন বৰা, ত্ৰৈলোক্য বৰা, দিলীপ বৰা, উৎপল বৰা, আনন্দ বৰা, ৰুপধৰ বৰা, ভদৰাম ৰাজখোৱা, ললিত ডেকা, কুশী বৰুৱা, তিলেশ্বৰ বৰা, ৰূপন হাজৰিকা, প্ৰভাত বৰা, প্ৰদীপ বৰা, হিৰণ্য কুমাৰ বৰা, অমিয়া ডেকা, পাপৰি বৰাকে ধৰি সংঘৰ বিভিন্ন শাখাৰ বাপ-বান্ধৱ, আইমাতৃ সভাত, ভক্তিপ্ৰাণ ৰাইজ উপস্থিত থাকে।

সন্ধিয়া ধৰ্মধ্বজা অৱনমনৰ পিছত দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হয়। অন্যহাতে, কালি প্ৰাতঃপ্ৰসংগ, পৰিৱেশ নিকাকৰণ, গছপুলি ৰোপণ, দুপৰীয়া নাম-প্ৰসংগ অনুষ্ঠিত হয়। বিয়লি ভাগত শংকৰী কলা-কৃষ্টিৰ আধাৰত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।

সন্ধিয়া বন্তি প্ৰজ্বলনৰ পিছত ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানত পাঠাচাৰ্য গোপাল ডেকা আৰু ব্যাখ্যাকাৰ হিচাপে উপস্থিত থাকে বিশ্বনাথ চাৰিআলিৰ ৰণ্টু শইকীয়া৷ উল্লেখ্য, এই দুই দিনৰ অনুষ্ঠানত বৃহত্তৰ অঞ্চলটোৰ বহু সংখ্যক ৰাইজ উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!