অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

My first profession in life was journalism: জীৱনৰ প্ৰথম পেছা মোৰ সাংবাদিকতাঃ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

Spread the love

জীৱনৰ প্ৰথম পেছা মোৰ সাংবাদিকতাঃ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ নৱ নিৰ্মিত ভৱন উদ্বোধন আৰু ৫১সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

ছয় জনগোষ্ঠীৰ জনজাতি কৰণ সন্দৰ্ভত চৰকাৰৰ পদক্ষেপৰ ভুল ব্যাখ্যা নকৰিবৰ বাবে আহ্বান

DD TIMES তিনিচুকীয়া, ৩০ ডিচেম্বৰঃ উজনি অসমৰ সাংবাদিকসকলৰ এটা অন্যতম শক্তিশালী সংগঠন হৈছে তিনিচুকীয়া জিলা সাংবাদিক সন্থা ৷ জিলাৰ আঠটাকৈ প্ৰেছ ক্লাৱৰ সু-সংগঠিত সন্থাই আজিৰ দিনটোত ৫০ বছৰ পুৰ্ণ কৰিলে ৷

আজিৰ এই পবিত্ৰ দিনটোতে ৰাজ্য সভাৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই তেওঁৰ পুঁজিৰ পৰা আৱন্টন দিয়া ২৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা জিলা সাংবাদিক সন্থাৰ নৱনিৰ্মীত কাৰ্যালয় ভৱনটো এক মাংগলিক অনুষ্ঠানৰ জৰিয়তে ফিটা কাটি শুভ উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী মাৰ্ঘেৰিটাই ৷

১৯৭৫ চনত প্ৰতিষ্ঠা হোৱা তিনিচুকীয়া জিলা সাংবাদিক সন্থাই ইতিমধ্যে বৰ্ষজোৰা কাৰ্যসূচীৰে সোণালী জয়ন্তী উদ্‌যাপন কৰি অহা ৯ ডিচেম্বৰৰ পৰা ১৩ ডিচেম্বৰলৈ ডুমডুমা ৰাজহুৱা খেলপথাৰত সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠান আৰু সন্থাৰ দ্বি-বাৰ্ষিক অধিবেশনৰ আয়োজন কৰা হৈছে ৷

তিনিচুকীয়াৰ বৰগুৰিত নিৰ্মাণ কৰা জিলা সাংবাদিক সন্থাৰ ভৱনটো উদ্বোধনৰ পাছতে আয়োজন কৰা ৰাজহুৱা সভাত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে সাংবাদিক আৰু সংবাদ মাধ্যমৰ প্ৰতি থকা তেওঁৰ শ্ৰদ্ধা, ভক্তি, আবেগ ইত্যাদি সন্দৰ্ভত বক্তব্য প্ৰকাশ কৰি তেওঁ সাংবাদিক হৈ থকা সময়ৰ পৰা সাংস্কৃতিক কৰ্মী আৰু ৰাইজৰ সেৱা কৰিবলৈ ৰাজনৈতিক ক্ষেত্ৰখনত জড়িত হৈ পৰা বিষয়বোৰ বিশ্লেষণ কৰে ৷

সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰা তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ ভৱন নিৰ্মাণ কৰাত সহযোগিতা কৰিবলৈ পাই গৌৰৱান্বিত বুলি মন্তব্য কৰি জীৱনৰ প্ৰথম পেছা সাংবাদিকতা হিচাপে মায়া আদি জনপ্ৰিয় আলোচনী সম্পাদনাৰ লগতে ছপা আৰু বৈদ্যুতিন সংবাদ মাধ্যমতো জড়িত থকা স্মৃতি ৰোমন্থন কৰে ৷

সভাৰ শেষতগ মন্ত্ৰী মাৰ্ঘেৰিটাই সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত চাহ বাগিচাৰ শ্ৰমিক সকলৰ ভূমি অধিকাৰ প্ৰদান আৰু ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ সন্দৰ্ভত অসম বিধানসভাৰ পদক্ষেপক আদৰণি জনায় ৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বাবে অন্য জনজাতি সকলৰ বিন্দু মাত্ৰ ও অসুবিধা নহ’ব বুলি তেওঁ কয় ৷

ৰাজ্যৰ ছয় জনগোষ্ঠীয়ে জনজাতি পাব বুলি মন্ত্ৰী গৰাকীয়ে আশা প্ৰকাশ কৰি সকলোৰে এই ক্ষেত্ৰত সহযোগিতা কামনা কৰে। বিৰোধী দল সমূহক ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত অসম চৰকাৰে লোৱা পদক্ষেপক ভুল ব্যাখ্যা নকৰিবৰ বাবে আহ্বান জনায় ৷

তিনিচুকীয়া সাংবাদিক চ’ৰাৰ আতিথ্যত অনুষ্ঠিত নতুন ভৱন উদ্বোধনী অনুষ্ঠান আৰু প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাতিপুৱা মাংগলিক অনুষ্ঠানৰ পাছতে সন্থাৰ পতাকা উত্তোলন কৰে জিলা সভাপতি ড° ঋষি দাসে ৷ স্মৃতি তৰ্পণ মুকলি কৰে জেষ্ঠ সাংবাদিক হিমেন ভট্টাচাৰ্য্যই ৷

সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা আৰু হাৰ্টথ্ৰব জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো বন্তি প্ৰজ্বলনেৰে মুকলি কৰে জেষ্ঠ সাংবাদিক অমূল্য খাটনিয়াৰ আৰু কেন্দ্ৰীয় মন্ত্ৰী মাৰ্ঘেৰিটাই ৷

সন্থাৰ সাধাৰণ সম্পাদক ৰাণা জ্যোতি নেওগে আঁতধৰা অনুষ্ঠানত তিনিচুকীয়া জিলা পৰিষদৰ সভাপতি ভাদেশ্বৰ মৰাণ, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া যোগেশ বৰুৱা, তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি পুলক চেতিয়া, মটক উন্নয়ন পৰিষদৰ অধ্যক্ষ সৰোজ গোঁহাই, মৰাণ স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী অৰুণজ্যোতি মৰাণ, সমাজকৰ্মী ভবেন শৰ্মা, শিৱজী ডুবে, হেমন্ত গোঁহাই আদি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

জ্যেষ্ঠ সাংবাদিক অমূল্য খাটনিয়াৰ, হিমেন ভট্টাচাৰ্য, অৰ্জুন বৰুৱা, ধীৰেন ডেকা, ৰাম প্ৰসাদ আম্বেদকাৰ আদি জ্যেষ্ঠ, কনিষ্ঠ সাংবাদিকসকলৰ মাজত অনুষ্ঠিত অন্তৰংগ আলোচনাত সাংবাদিকৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে বিস্তৃতভাৱে আলোকপাত কৰা হয়৷ অন্তৰংগ অনুষ্ঠানটো পৰিচালনা কৰে ডুমডুমাৰ সাংবাদিক মনোজ দত্তই ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!