MP Gaurav Gogoi: জাতীয় স্বাভিমান গামোচা ডিঙিত লৈ গৌৰৱ গগৈয়ে দিয়া উদাত্ত ভাষণত কঁপি উঠিল দিল্লীৰ মছনদ
▪️জাতীয় স্বাভিমান গামোচা ডিঙিত লৈ গৌৰৱ গগৈয়ে দিয়া উদাত্ত ভাষণত কঁপি উঠিল দিল্লীৰ মছনদ
▪️লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈয়ে সদনত উত্থাপন কৰিলে অনাস্থা প্ৰস্তাৱ

DD TIMES নতুন দিল্লী, ১০ মাৰ্চঃ লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ সদন চলোৱা পদ্ধতি গণতান্ত্ৰিক নহয় বুলি অভিযোগ উত্থাপন কৰি অধ্যক্ষজনৰ বিৰুদ্ধে আজি অনাস্থা প্ৰস্তাৱ উত্থাপন কৰে বিৰোধী দলৰ উপ-দলপতি সাংসদ গৌৰৱ গগৈয়ে। বিৰোধী দলপতি ৰাহুল গান্ধীয়ে যোৱা ২ ফেব্ৰুৱাৰীত লোকসভাত ৰাষ্ট্ৰপতিৰ অভিভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ দিবলৈ যোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলা আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰীৰ লগতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী আৰু কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীয়ে বাৰে বাৰে বাধা আৰোপ কৰিছিল। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বিৰোধী দলপতিজনে কথা কৈ থকা অৱস্থাত ২০ বাৰ বাধা আৰোপ কৰিছিল।
সদনৰ পৰম্পৰা অনুসৰি এয়া এক অগণতান্ত্ৰিক আৰু পৰম্পৰা বিৰোধী ঘটনাৰ লগতে সংবিধানৰ মৰ্যাদা আৰু সংবিধানৰ সুৰক্ষাৰ ক্ষেত্ৰত ডাঙৰ প্ৰত্যাহ্বান। নিজৰ অকাট্য যুক্তি আৰপ সাৰুৱা মন্তব্যৰে সাংসদ গৌৰৱ গগৈয়ে আজি বাগ্মীবৰৰ পৰিচয় দি সদনত নিজৰ ভাষণ প্ৰদান কৰে। তাৎপৰ্যপূৰ্ণভাৱে বিৰোধী দলপতি ৰাহুল গান্ধীক ক’বলৈ নিদিয়া প্ৰায় সকলো কথাই আজি উপ-দলপতি গৌৰৱ গগৈয়ে কৌশলেৰে সদনত উপস্থাপন কৰে। আনকি গৃহমন্ত্ৰী অমিত শ্বাহ আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে সাংসদ গৌৰৱ গগৈক বাধা দিবলৈ বহুবাৰ চেষ্টা চলাইছিল যদিও সাংসদ গগৈয়ে ধৈৰ্য, সাহস আৰু বাকপটুতাৰে শাসকীয় দলৰ সকলো নেতাৰ লগতে সভাপতিৰ আসনত বহি থকা জগদম্বিকা পালক বিধ্বস্ত কৰি প্ৰায় ৪৫ মিনিট সময় সদনত নিজৰ স্বকীয় প্ৰতিভা উদ্ভাষিত কৰি তোলে। উচ্চতম ন্যায়ালয়ে লোকসভাৰ অধ্যক্ষ সন্দৰ্ভত কি কি কৈছিল সেই প্ৰসংগ উল্লেখ কৰি গৌৰৱ গগৈয়ে আজিৰ ভাষণ আৰম্ভ কৰে৷
উচ্চতম ন্যায়ালয়ে লোকসভাৰ অধ্যক্ষগৰাকী নিৰপেক্ষ হ’ব লাগে বুলি দিয়া ৰায়ৰ প্ৰসংগ টানি আনি কয় যে সংবিধানৰ অনুচ্ছেদ ৯৬ৰ জৰিয়তে আজিৰ চৰ্চা আৰম্ভ হৈছে৷ অধ্যক্ষই অনাস্থা প্ৰস্তাৱ আহিলেও উপস্থিত থাকিব লাগিব আৰু প্ৰস্তাৱ প্ৰত্যাহাৰৰ বাবে হেঁচা দিব নোৱাৰিব৷ গগৈয়ে কয়, ”অধ্যক্ষই এখন পেনেল গঠন কৰি দিয়ে৷ কিন্তু চকীখনত কোন বহিব সেয়া নিশ্চিত কোনে কৰিলে? এই সিদ্ধান্ত কোনে ল’লে? আমি অধ্যক্ষক আতৰাবলৈ প্ৰস্তাৱ গ্ৰহণ কৰিছো৷ কিন্তু আজিৰ আলোচনাত জগদম্বিকা পাল যে অধ্যক্ষৰ চকীত বহিব এই সিদ্ধান্ত কোনে গ্ৰহণ কৰিলে৷ আজিলৈ সদনত তেনে ইতিহাস নাছিল৷’’ গগৈয়ে আৰু কয় যে বিৰোধী দলপতিয়ে বাৰে বাৰে ক’বলগীয়া হয় যে মোক সদনত ক’বলৈ দিয়ক৷ আজি দেশৰ ৰাজনৈতিক অৱস্থা বেয়া হৈছে৷ প্ৰধানমন্ত্ৰীয়ে ‘মন-কী-বাত’ কৰে৷ কিন্তু আনৰ কথা নুশুনে৷ মধ্য প্ৰচ্যৰ যুদ্ধৰ প্ৰসংগ উল্লেখ কৰি বিজেপি দল আৰু চৰকাৰক আক্ৰমণ কৰি গৌৰৱ গগৈয়ে কয় যে আমাৰ চুবৰীয়া দেশত যুদ্ধ চলি আছে৷ আজি আমেৰিকাই যুদ্ধৰ সময়ত কৈছে যে ৩০ দিনৰ বাবে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিব পাৰিব৷
এয়া লজ্জাজনক কথা৷ আমাৰ গৰিমা ক’লৈ গ’ল বুলিও তেওঁ প্ৰশ্ন কৰে। গগৈয়ে প্ৰশ্ন কৰি কয়, ”আজি বিশ্বগুৰু ক’লৈ গ’ল? ক’লৈ গ’ল আমাৰ বিদেশ নীতি? আজি আমাক এখন বিদেশী দেশে তেল ক্ৰয়ৰ বাবে অনুমতি দিয়ে৷ আজি সদনত বিৰোধী দলপতিৰ কথাই নহয়, কথা গৈ মহিলা সাংসদলৈকে পাইছে৷ মহিলা সাংসদক লৈ প্ৰশ্ন কৰা হৈছে৷ অধ্যক্ষ ওম বিৰলাই কৈছিল যে প্ৰধানমন্ত্ৰীৰ ওপৰত মহিলা সাংসদসকলে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে বাবে প্ৰধানমন্ত্ৰীয়ে সদনত ভাষণ দিবলৈ নাহিল৷ মনমোহন সিং প্ৰধানমন্ত্ৰী হৈ থকাৰ কালত বিৰোধীয়ে প্ৰতিবাদ কৰিছিল৷ কিন্তু তেওঁ সদনৰ পৰা আঁতৰি যোৱা নাছিল৷’’
২ ফেব্ৰুৱাৰীত ৰাহুল গান্ধীক বাধা দিয়াৰ প্ৰসংগ উল্লেখ কৰি বাৰে বাৰে গৌৰৱ গগৈয়ে সদনত প্ৰশ্ন উত্থাপন কৰি কয় যে অধ্যক্ষক আতৰাবলৈ আমি প্ৰস্তাৱ আনিছো৷ আজি যিহেতু চৰ্চা হৈছে, আজি অধ্যক্ষৰ আসনত কোন বহিব সেই সিদ্ধান্ত কোনে লৈছে৷ অধ্যক্ষই যদি পেনেলৰ এজনক অধ্যক্ষৰ আসনত বহিবলৈ নিৰ্ধাৰণ কৰি দিছে তেন্তে সংবিধান উলংঘা কৰা হৈছে আৰু ক্ষমতাৰ অপব্যৱহাৰ কৰা হৈছে৷ আমি এনে উলংঘন বিগত ৫ বছৰ ধৰি দেখি আহিছো৷ গৌৰৱ গগৈয়ে পূৰ্বে অধ্যক্ষৰ বিৰুদ্ধে উত্থাপন হোৱা অনাস্থা প্ৰস্তাৱৰ ইতিহাস বৰ্ণনা কৰি কয় যে ১৯৫৪, ১৯৬৬ আৰু ১৯৮৭ চনতো অধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপিত হৈছিল৷
যেতিয়াই সদনত অনাস্থা প্ৰস্তাৱ আহিছে তেতিয়াই উক্ত আসনত উপাধ্যক্ষ বহে৷ বিৰোধীৰ ২০০ৰো অধিক সাংসদ থকাৰ পিছতো আজি লোকসভাত উপাধ্যক্ষ আসনখন খালী কৰি ৰখা হৈছে৷ আজি কেনেদৰে সদন চলিছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰদান কৰে গৌৰৱ গগৈয়ে৷ তেওঁ কয়, ”সদন কেনেদৰে চলিছে সেই বিষয়ে দেশবাসীয়ে জনা দৰকাৰ৷ আজি সদনত ব্যৱহৃত মাইকটো অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছে৷ এই মাইকটো শাসকীয় পক্ষক সুবিধা কৰি দিবলৈ ব্যৱহাৰ কৰা হয়৷ বিৰোধী দলক বিশেষকৈ লোকসভাৰ বিৰোধী দলক মাইকটো ব্যৱহাৰ কৰিবলৈ দিয়া নহয়৷
এয়া কোনো অভিযোগ নহয়৷ ইয়াৰ বাবেই আমি অনাস্থা প্ৰস্তাৱ আনিছো৷’’ এই সদনত লোকসভাৰ বিৰোধী দলপতি আৰু অন্যান্য দলৰ দলপতিক সমানে কথা কোৱাৰ সুযোগ দিব লাগে বুলিও কয় গগৈয়ে৷ কিন্তু আজি কথা ক’বলৈ দিয়াটো দূৰৰ কথা, মাইকটোকেই বন্ধ কৰি দিয়া হয়৷ আজি দেশবাসীয়ে জানিব লাগিব যে সদন কেনেদৰে চলিছে৷ সদনৰ নীতি-নিয়ম উলংঘা হৈছে৷ সদনত মৰ্যাদা কেনেদৰে উলংঘা কৰা হৈছে সেই কথা জানিব লাগিব৷ এই অনাস্থা প্ৰস্তাৱ কোনো এজন ব্যক্তিৰ বিৰুদ্ধে লোৱা প্ৰস্তাৱ নহয়৷ আমাৰো দুখ লাগিছে৷ আমি সুখী নহয়, এই প্ৰস্তাৱ আনিবলগীয়া হোৱাত আমি আনন্দ পোৱা নাই৷ অধ্যক্ষ ওম বিৰলাৰ সৈতে সকলোৰে ব্যক্তিগত সম্পৰ্ক ভাল৷
আমি দুখ মনেৰে কৈছো যে এনে প্ৰস্তাৱ আনিবলৈ আমি বাধ্য হৈছো৷ আমাৰ ধৰ্ম এটাই, সেয়া হৈছে সংসদৰ মৰ্যাদা বাহাল ৰখা৷ আমি এই ধৰ্ম অনুসৰিয়েই এই প্ৰস্তাৱ আনিছো৷ সদনত থকা প্ৰতিগৰাকী সদস্যৰ দায়িত্ব হ’ল সদনৰ গৰিমা, মৰ্যাদা আৰু সদনৰ নিয়মক ৰক্ষা কৰা৷ ইয়াত কোনো ব্যক্তিগত কাৰণ নাই৷ আমি ওম বিৰলাক ব্যক্তিগত আক্ৰমণ কৰিব খোজা নাই৷ সদনৰ মৰ্যাদা, সংবিধান ৰক্ষা কৰিব লাগিব৷ প্ৰজাতন্ত্ৰৰ প্ৰতি ভাৰতীয় লোকৰ বিশ্বাস অটুট ৰাখিবৰ বাবে আজি আমি এই অনাস্থা প্ৰস্তাৱ আনিছো৷ প্ৰধানমন্ত্ৰীয়ে সদনক লোকতন্ত্ৰৰ বৃহৎ মন্দিৰ বুলি কয়৷ এইটো মন্দিৰত বামপন্থী বিচাৰধাৰা, সৰু ৰাজ্য এখনৰ এজন মাত্ৰ সাংসদ, নিৰ্দলীয়, জ্যেষ্ঠ-কনিষ্ঠ, বিভিন্ন জাতি-জনগোষ্ঠী, যিকোনো ভাষাৰে লোকৰ প্ৰতিনিধিৰ বাবে এই মন্দিৰৰ দুৱাৰ খোলা আছে৷ এই মন্দিৰত অধ্যক্ষৰ দায়িত্ব মহত্বপূৰ্ণ৷ বাবাচাহেব আম্বেদকাৰে যেতিয়াই অধ্যক্ষ পদটোৰ বিষয়ে ভাবিছিল তেতিয়াই সাংবিধানিক সুৰক্ষা আৰু নিৰপেক্ষতাৰ কথা কৈছিল৷
সংবিধান নিৰ্মাতাসকলে কৈছিল যে অধ্যক্ষ চৰকাৰৰ কণ্ঠ নহয়, সমগ্ৰ সদনৰ মুৰব্বী তেওঁ৷ অধ্যক্ষ সকলোৰে মুৰব্বী৷ সদনৰ নেতা, বিৰোধী দলৰ নেতা সকলোৰে তেওঁ মুৰব্বী৷ জিবি মাবলাংকাৰ, সোমনাথ চেটাৰ্জীৰ নাম উল্লেখ কৰি গগৈয়ে কয় যে তেওঁলোকে অধ্যক্ষ হিচাপে ইতিহাস সৃষ্টি কৰি গৈছে৷ লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে ৰাষ্ট্ৰপতিৰ অভিভাষণক লৈ হোৱা চৰ্চাৰ বাবে ভাষণ ৰাখিবলৈ থিয় হৈছিল, তেতিয়া ২০বাৰ বাধা দিয়া হৈছিল৷ এই প্ৰসংগও গৌৰৱ গগৈয়ে উল্লেখ কৰে৷ ৰাহুল গান্ধীয়ে ভাষণ দিবৰ সময়ত অধ্যক্ষই ২০বাৰ বাধা দিয়া হৈছিল বুলি গৌৰৱ গগৈয়ে লিখি ৰখা বুলি উল্লেখ কৰে৷ কেৱল অধ্যক্ষই নহয় গৃহমন্ত্ৰী, সংসদীয় পৰিক্ৰমা মন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰীকে ধৰি বিভিন্ন শাসকীয় পক্ষই ৰাহুল গান্ধীক ভাষণত বাধা দিছিল৷
পৰিকল্পিতভাবে বাৰে বাৰে বাধা দিয়া হৈছিল৷ কিয় এনেদৰে বাধা দিয়া হৈছিল তাৰ উদ্দেশ্যে কি আছিল বুলিও গগৈয়ে প্ৰশ্ন কৰে। তেওঁ কয় যে বিৰোধী দলপতিয়ে ইয়াকে ক’ব খুজিছিল যে যিটো সময়ত ভাৰতীয় সেনাক দেশৰ মুৰব্বীগৰাকীৰ নিৰ্দেশনাৰ দৰকাৰ আছিল সেই সময়ত দেশৰ মুৰব্বীয়ে কৈ দিছিল যে যি ভাল দেখা তাকে কৰা৷ যেতিয়া এনেদৰে প্ৰস্তাৱ অনা হয় তেতিয়া কথাবোৰ বিস্তাৰিতভাবে আলোচনা হ’ব লাগে৷ বিৰোধী দলপতিক জৰুৰী বিষয়ত বক্তব্য ৰাখিবলৈ দিয়া নহ’ল৷ যিটো সময়ত আমাৰ দেশৰ সীমান্তত বিপদ ঘনীভূত হৈছিল সেই সময়ত সেনাক দেশৰ প্ৰতিৰক্ষামন্ত্ৰীক দৰকাৰ হৈছিল৷ যেনেদৰে প্ৰতিৰক্ষামন্ত্ৰী তৎপৰ হ’ব লাগিছিল সেই তৎপৰতা প্ৰতিৰক্ষামন্ত্ৰীয়ে দেখুওৱা নাছিল৷ ঘণ্টাৰ পিছত ঘণ্টা ধৰি ৰৈ থাকিবলগীয়া হৈছিল৷ গগৈয়ে স্পষ্টকৈ কয়, ”আমাৰ ইয়াত ৰাজনৈতিক নেতাই নেতৃত্ব দিয়ে৷
এইখন পাকিস্তান নহয় যে সেনাই নেতৃত্ব দিয়ে৷ ভাৰতীয় সেনাই নিয়ম-শৃংখলা মানি চলে৷ ভাৰতীয় সেনাই ৰাজনৈতিক নেতৃত্বলৈ বাট চায়৷ যিটো সময়তে ভাৰতৰ সীমাৰ সিটো পাৰৰ পৰা টেংক আহি আছিল সেই সময়ত ভাৰতীয় সেনাই ৰাজনৈতিক নেতৃত্বক সুধি আছিল যে আমি কি কৰা উচিত? দেশৰ মুৰব্বীয়ে কৈছিল যে যি উচিত বুলি ভাবা তাকেই কৰা৷ মানে যুদ্ধ লাগিব খোজা যদি লগা, আত্মসমৰ্পণ কৰিব লাগে যদি কৰা! আলোচনাত বহিব লাগে যদি বহা!’’ আজিৰ নেতৃত্ব এয়াই নেকি বুলি বিজেপিক আক্ৰমণ কৰি গৌৰৱ গগৈয়ে কয় যে আজি সদনত যি ধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে ইয়াৰ কাৰণ হৈছে আজি দেশৰ নেতৃত্ব দুৰ্বল আৰু কাপুৰুষ৷
গৌৰৱ গগৈয়ে ভাষণ দি থকাৰ সময়ত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে থিয় দি গৌৰৱ গগৈক ভাষণত বাধা প্ৰদান কৰে যদিও গৌৰৱ গগৈয়ে উত্তৰ দি কয় যে এই সময়ছোৱাৰ সংসদীয় ইতিহাস চালে এই কথা প্ৰতিপন্ন হ’ব যে বিৰোধীক সকলোতকৈ বেছি কথা কোৱাত বাধা দিয়া সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰীগৰাকীয়েই কিৰেণ ৰিজিজু৷ ভাষণৰ মাজতে গগৈয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ন্যায় বিভাগে কৰি থকা এক তদন্তৰ প্ৰসংগও উল্লেখ কৰে৷ গগৈয়ে কয়, ”এই তদন্তত ভাৰতৰ এজন উদ্যোগপতিৰ নাম আছে৷ ভাৰত চৰকাৰৰ এজন মন্ত্ৰীৰ নাম আছে৷ লোকসভাৰ বিৰোধী দলপতিয়ে যেতিয়া এইখিনি কথা সদনত ক’ব বিচাৰিছিল, তেতিয়া তেওঁক বাধা দিয়া হৈছিল৷’’ গৌৰৱ গগৈয়ে এপষ্টিন ফাইলৰ প্ৰসংগ উল্লেখ কৰি থকাৰ সময়তে অধ্যক্ষৰ আসনত বহি থকা জগদম্বিকা পালে বাধা প্ৰদান কৰে৷
তেতিয়া গৌৰৱ গগৈয়ে কয় যে লোকসভাৰ দলপতিয়ে কোনটো বিষয়ত বক্তব্য ৰখাৰ সময়ত বাধা দিয়া হৈছিল সেইখিনি কথা আমি ক’ব লাগিব৷ বিৰোধী দলপতিয়ে ইয়াকে কৈছিল যে আমেৰিকাৰ ন্যায় বিভাগে কৰা তদন্তত বহু তথ্য ওলাই পৰিছে আৰু সেই তথ্যত ভাৰত চৰকাৰৰ মন্ত্ৰী আৰু এজন উদ্যোগীৰ নাম সাঙোৰ খাই পৰিছে৷ এনেদৰে আজি সংসদত অসমীয়াৰ স্বাভিমানৰ গামোচাখন কান্ধত লৈ বিৰোধী উপ-দলপতি গৌৰৱ গগৈয়ে দেশৰ গণতান্ত্ৰিক পৰম্পৰা আৰু সংসদীয় মৰ্যাদা ৰক্ষাৰ এক শক্তিশালী দলিল উপস্থাপন কৰে।
তেওঁ অতি স্পষ্ট আৰু যুক্তিনিষ্ঠভাৱে লোকসভাৰ অধ্যক্ষৰ কাৰ্যপন্থাক সমালোচনা কৰি কয় যে বিৰোধীৰ কণ্ঠৰোধ কৰিবলৈ সংসদীয় নিয়মসমূহক কৌশলেৰে ব্যৱহাৰ কৰা হৈছে। বিৰোধী পক্ষৰ প্ৰতি অধ্যক্ষৰ ভূমিকাক সমালোচনা কৰি তেওঁ সোঁৱৰাই দিয়ে যে এই যুঁজ কোনো ব্যক্তি বিশেষৰ বিৰুদ্ধে নহয়, বৰঞ্চ দেশৰ সংবিধান আৰু সংসদৰ স্বতন্ত্ৰতা ৰক্ষাৰ বাবেহে। নিজৰ ভাষণৰ জৰিয়তে তেওঁ আজি পুনৰ প্ৰমাণ কৰি দিয়ে যে শাসনাধিষ্ঠিত শক্তিৰ হেঁচাই জনতাৰ অধিকাৰৰ হকে তোলা বিৰোধীৰ সংগ্ৰামী কণ্ঠ কেতিয়াও স্তব্ধ কৰিব নোৱাৰে।

