Morigaon District Education Department: মাতৃভূমিৰ চিন্তন কৰিবপৰা শিক্ষাৰ্থীয়েই প্ৰকৃত সম্পদঃ বিশিষ্ট শিক্ষাবিদ পোনাৰাম নাথ
মৰিগাঁও জিলা শিক্ষা বিভাগৰ উদ্যোগত ৱেবছাইট মুকলি আৰু সমল-সম্ভাৱনাৰ সুৰীয়া আলাপ অনুষ্ঠান
মাতৃভূমিৰ চিন্তন কৰিবপৰা শিক্ষাৰ্থীয়েই প্ৰকৃত সম্পদঃ বিশিষ্ট শিক্ষাবিদ পোনাৰাম নাথ

DD TIMES বেবেজীয়া, ১ জানুৱাৰীঃ “বৰ্তমান সময় তথ্য-প্ৰযুক্তিৰ সময়। ডিজিটেল যুগ।ডিজিটেল যুগত তথ্য সমৃদ্ধ হ’ব লাগে। মৰিগাঁও জিলা শিক্ষা বিভাগৰ ৱেবছাইটটোৱে বিভাগক অধিক গতিশীল কৰিব।”– মৰিগাঁও জিলা শিক্ষা বিভাগৰ ৱেবছাইট আজি মুকলি কৰি এনেদৰে মন্তব্য কৰে মৰিগাঁও জিলাৰ আয়ুক্ত অনামিকা তেৱাৰীয়ে।
তদুপৰি জিলা আয়ুক্তগৰাকীয়ে ভাষণত কয় যে ২০২৬ বৰ্ষটোৱে মৰিগাঁও জিলাত উন্নয়নৰ নতুন দিগন্তৰ সূচনা কৰিব। মৰিগাঁও জিলা শিক্ষা বিভাগৰ উদ্যোগত আৰু শৈক্ষিক গোট দিব্বৈচাৰ সহযোগত আজি শিক্ষা বিভাগৰ কাৰ্যালয়স্থিত ঐতিহ্য ভৱনৰ বাকৰিত অনুষ্ঠিত ৱেবছাইট মুকলি আৰু বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান সমল-সম্ভাৱনাৰ সুৰীয়া আলাপ।
অনুষ্ঠানৰ আৰম্ভণিতে অভ্যসন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে বৰগীত পৰিৱেশন কৰে। মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ড° অপূৰ্ব ঠাকুৰীয়াই আদৰণী ভাষণত কয় যে জিলা আয়ুক্তৰ আহ্বানৰ প্ৰতি ইতিবাচক সঁহাৰি জনাই শিক্ষা বিভাগৰ ৱেবছাইট মুকলি কৰা হৈছে। ইয়াৰ জৰিয়তে বিভাগে কৰ্মময় এটা বছৰৰ আৰম্ভণি কৰিছে।
অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশিষ্ট শিক্ষাবিদ পুনাৰাম নাথে কয় যে মাতৃভূমিৰ চিন্তন কৰিব পৰা শিক্ষাৰ্থীয়েই প্ৰকৃত সম্পদ। মাতৃভূমিৰ ঐতিহ্য বিষয়ে জানিবলৈ নৱপ্ৰজন্মৰ আগ্ৰহ থাকিব লাগিব। পঢ়া- শুনাই যথেষ্ট নহয়। নিজক আৰু নিজৰ মাতৃভূমিক চিনিব লাগিব।
অনুষ্ঠানত মৰিগাঁও জিলাৰ অতিৰিক্ত আয়ুক্ত ( শিক্ষা) অনুসূয়া শৰ্মাই কয় যে ইতিবাচক কামেৰে মৰিগাঁও জিলা শিক্ষা বিভাগে নতুন বছৰৰ শুভাৰম্ভ কৰিছে। অনুষ্ঠানত সমাজকৰ্মী অতনু শৰ্মা, মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ উপ- পৰিদৰ্শক সমৰ বৰুৱা, জিলা আঁচনি বিষয়া ৰোহিনী দত্ত প্ৰমুখ্যে কেইবাগৰাকীও বিভাগীয় বিষয়া উপস্থিত থাকে।
উল্লেখযোগ্য যে অনুষ্ঠানত অৱসৰকালীন সুবিধা প্ৰদান কৰাৰ উদ্দেশ্যে মৰিগাঁও জিলা শিক্ষা বিভাগে ৰূপায়ণ কৰি অহা ২১ সংখ্যক নিৰন্তৰ কাৰ্যসূচীৰ অংশস্বৰূপে জিলাৰ ১৮ গৰাকী সদ্য অৱসৰপ্ৰাপ্ত শিক্ষকক সম্বৰ্ধনা জনোৱাৰ লগতে অৱসৰকালীন সুবিধা সমূহ প্ৰদান কৰে৷
তদুপৰি মুখ্যমন্ত্ৰীৰ আৰোহণ আঁচনিৰ অধীনত নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীক টেবলেট প্ৰদান কাৰ্যসূচী শুভাৰম্ভ কৰাৰ লগতে মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক সকলক বিভাগে যোগান ধৰা টেবলেট প্ৰদান কৰে।
অনুষ্ঠানত কনকলতা প্ৰাথমিক বিদ্যালয়, মৰিগাঁও মজলীয়া বিদ্যালয়, মৰিগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়, গেৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়, পুৰণি বঙালবড়ী প্ৰাথমিক বিদ্যালয়ৰ আমন্ত্ৰিত ছাত্ৰ-ছাত্ৰী সকলে গীত নৃত্য পৰিৱেশন কৰে। অভ্যসন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ৰসৰাজৰ সাধুৰ নাট্য ৰূপ মঞ্চস্থ কৰে।
শিক্ষক ভাৰত চন্দ্ৰ বৰা,নিৰ্মল দাস,দিঠক কোঁৱৰ, তানসেন কুমাৰ টিমু্ং আৰু দিব্য ডেকাই বাদ্যশিল্পী ৰূপে অংশগ্ৰহণ কৰে।
অনুষ্ঠানত শৈক্ষিক গোট দিব্বৈচাৰ সভাপতি যুৱ শৰ্মা, সম্পাদক দেৱজিৎ ডেকা, সহকাৰী সম্পাদক ৰাজু মেধি,নাহৰিন চুলতানা, মৰমী শইকীয়া, বিভিন্ন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, বিভাগীয় বিষয়া আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। শৈক্ষিক গোট, দিব্বৈচাৰ উপ-সভাপতি ৰাজীৱ চহৰীয়াই অনুষ্ঠানৰ আঁত ধৰে।

