অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

MITBHASH: মিতভাষ স্ৰষ্টা ড° নগেন শইকীয়ালৈ অসম সাহিত্য সভাৰ প্ৰবুদ্ধ সন্মান ‘সদসি ৱৰেণ্যঃ’

Spread the love

মিতভাষ স্ৰষ্টা ড° নগেন শইকীয়ালৈ অসম সাহিত্য সভাৰ প্ৰবুদ্ধ সন্মান ‘সদসি ৱৰেণ্যঃ’

ডিব্ৰুগড়ত ১ নৱেম্বৰত প্ৰদান কৰিব এই সন্মান


DD TIMES ডিব্ৰুগড়, ২০ অক্টোবৰঃ অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি, বিশিষ্ট সাহিত্যিক মিতভাষ স্ৰষ্টা ড° নগেন শইকীয়াক অসম সাহিত্য সভাই প্রদান কৰিব অসম সাহিত্য সভাৰ প্রবুদ্ধ সন্মান ‘সদসি ৱৰেণ্যঃ’।

অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই এক সংবাদ বিজ্ঞপ্তিযোগে জানিবলৈ দিয়া মতে-অসম সাহিত্য সভাৰ ২০২৫-২৭ কাৰ্যবৰ্ষৰ যোৱা ৪ অক্টোবৰ তাৰিখে সভাৰ গুৱাহাটী কাৰ্যালয়ৰ সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা সভাকক্ষত সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীৰ পৌৰোহিত্যত অনুষ্ঠিত তৃতীয় কর্ণধাৰ সমিতিৰ সভাই গ্ৰহণ কৰা প্ৰস্তাৱ আৰু ১১ অক্টোবৰত কাছাৰ জিলাৰ শিলচৰৰ বঙ্গ ভৱনত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সমিতিৰ তৃতীয় পূর্ণাংগ শিলচৰ অধিবেশনে গ্রহণ কৰা সিদ্ধান্ত অনুসৰি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সাহিত্যিক অধ্যাপকনগেন শইকীয়াক সভাই প্রবুদ্ধ সন্মান ‘সদসি ৱৰেণ্যঃ’ প্রদান কৰিব।

অহা ১ নৱেম্বৰত ডিব্ৰুগড় আঞ্চলিক কাৰ্যালয়ৰ ৰামেশ্বৰলাল চহৰীয়া সংহতি ভৱনত দিনৰ ১০-৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব লগা এই সন্মান প্রদান অনুষ্ঠানটিলৈ অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে সাহিত্যিকগৰাকীৰ ঘৰত উপস্থিত হৈ তামোল-পাণৰ শৰাই আগবঢ়াই অনুষ্ঠানটিলৈ আমন্ত্রণ জনায়।

ইতিমধ্যে অধ্যাপক ডঃ নগেন শইকীয়াই অনুষ্ঠানটিত উপস্থিত থাকিম বুলি সন্মতি প্রদান কৰে।

উল্লেখযোগ্য যে, সভাৰ ডিব্ৰুগড় আঞ্চলিক কার্যালয়, ডিব্রুগড় জিলা সাহিত্য সভা আৰু ডিব্ৰুগড় সাহিত্য সভাৰ সহযোগত অনুষ্ঠিত হ’ব লগা এই সন্মান প্রদান অনুষ্ঠান সভাপতি ড° বসন্ত কুমাৰ গোস্বামীৰ পৌৰোহিত্যত অনুষ্ঠিত হ’ব।

সন্মান প্রদান অনুষ্ঠানত নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° সমুদ্রগুপ্ত কাশ্যপ, আউনীআটী বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ দেৱগোস্বামী, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচার্য ড° জিতেন হাজৰিকা, অৰুণাচল বিশ্ববিদ্যালয়ৰ উপাচার্য ড° অজিয়া ঝা, জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচার্য ড° জ্যোতিপ্রসাদ শইকীয়া, শ্রীশ্রীমাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচার্য ড° অৰূপজ্যোতি চৌধুৰী, শিৱসাগৰ বিশ্ববিদ্যালয়ৰ উপাচার্য ড° মহাদেব পাটগিৰি, অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচার্য ড° অজন্তা বৰগোহাঞি ৰাজকোঁৱৰ, সতী সাধনী বিশ্ববিদ্যালয়ৰ উপাচার্য ড° জি. সিংহানীয়া, নগাঁও বিশ্ববিদ্যালয়ৰ উপাচার্য ড° হিতেশ ডেকা, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচার্য ড° নিৰোদ কুমাৰ বৰুৱাকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!