অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Merry Christmas: বৰদিনৰ পুৰ্বে নলবাৰীত বিদ্যালয়ৰ চৌহদত বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলে দিলে জয় শ্ৰীৰাম ধ্বনি

Spread the love

বৰদিনৰ পুৰ্বে বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ বিদ্যালয়ৰ চৌহদৰ ভিতৰত দিলে জয় শ্ৰীৰাম ধ্বনি

নলবাৰী পানীগাঁও ছেণ্ট মেৰিজত উত্তপ্ত পৰিৱেশ

DD TIMES নলবাৰী, ২৪ ডিছেম্বৰঃ নলবাৰী পানীগাওঁ ছেন্ট মেৰিজত আজি উত্তপ্ত পৰিবেশ সৃষ্টি হয়। বৰদিনৰ পুৰ্বে বিদ্যালয়খনত আজি বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলে বিদ্যালয়ৰ চৌহদৰ ভিতৰত প্ৰবেশ কৰি জয় শ্ৰীৰাম ধ্বনি প্ৰদান কৰাত পৰিলক্ষিত হয়।

আনহাতে বিদ্যালয়ৰ চৌহদৰ ভিতৰত থকা যিশুৰ মূৰ্ত্তি ভঙাৰ লগতে বৰদিনৰ বাবে প্ৰস্তুতি চলোৱা সকলো সামগ্ৰী লণ্ড ভণ্ড কৰাৰ লগতে সামগ্ৰীসমূহ জুই জ্বলাই দিয়ে বিশ্ব হিন্দু পৰিষদ বজৰংগ দলে।

উল্লেখযোগ্য যে বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলে আজি প্ৰথমে বিদ্যালয়খনৰ চৌহদৰ ভিতৰত প্ৰবেশ কৰি বিদ্যালয়ত থকা যিশুৰ প্ৰতিমূৰ্তি তাৰ পৰা আতৰাই দিয়াৰ বাবে বিদ্যালয়ৰ কৰ্তৃপক্ষক অনুৰোধ জনাই যদিও বিদ্যালয় কৰ্তৃপক্ষই কোনো গুৰুত্ব নিদিয়াত বজৰং দলৰ সদস্য সকলে জয় শ্ৰীৰাম ধ্বনি দি বিদ্যালয়ত থকা সকলো সামগ্ৰী জুই লগাই দিয়ে ৷

ইপিনে বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ কৰ্মী সকলে জয় শ্ৰীৰাম ধ্বনি দিয়াৰ লগতে জয় হিন্দু ৰাষ্ট্ৰ,ভাৰত মাতা কি জয় ধ্বনি প্ৰদান কৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!