অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

MEGA HEALTH CAMPS: কামৰূপ মহানগৰত ৫টা বিধানসভা ভিত্তিক বৃহৎ স্বাস্থ্য শিবিৰৰ আয়োজন

Spread the love

কামৰূপ মহানগৰত ৫টা বিধানসভা ভিত্তিক বৃহৎ স্বাস্থ্য শিবিৰৰ আয়োজন

DD TIMES গুৱাহাটী, ১৩ অক্টোবৰঃ অসম চৰকাৰে সমগ্ৰ ৰাজ্যজুৰি ‘শুশ্ৰূষা সেতু’ শীৰ্ষক বিধানসভা সমষ্টি ভিত্তিক বৃহৎ স্বাস্থ্য শিবিৰৰ আয়োজন কৰিছে। ১৮ ছেপ্তেম্বৰ, ২০২৫ তাৰিখৰ পৰা আৰম্ভ হোৱা এই ‘শুশ্ৰূষা সেতু’ৰ অধীনত কামৰূপ মহানগৰ জিলাতো মুঠ ৫টা বিধানসভা সমষ্টিত শিবিৰ অনুষ্ঠিত হ’ব।

এই শিবিৰসমূহৰ মূল উদ্দেশ্য হ’ল— ১৮ বছৰ বয়সৰ তলৰ শিশু আৰু কিশোৰ-কিশোৰীৰ প্ৰাথমিক পৰ্যায়ৰ ৰোগ নিৰ্ণয় আৰু প্ৰয়োজনীয় চিকিৎসা সেৱা প্ৰদান।

শিবিৰত বিশেষজ্ঞ চিকিৎসকৰ দলৰ দ্বাৰা বিনামূলীয়া পৰীক্ষা কৰা হ’ব। শিশু ৰোগ, হৃদৰোগ, প্ৰসূতি আৰু স্ত্ৰী ৰোগ, চৰ্মৰোগ, স্নায়ুৰোগ, দাঁতৰ ৰোগ, শিশুৰ বিকাশজনিত বিলম্ব, অস্থিৰোগ আদি সহ মুঠ ৫০ৰো অধিক ৰোগৰ বিনামূলীয়া পৰীক্ষা আৰু পৰামৰ্শ প্ৰদান কৰা হ’ব।

কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু কামৰূপ মহানগৰ জিলা স্বাস্থ্য সমিতিৰ যৌথ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া এই বৃহৎ স্বাস্থ্য শিবিৰসমূহৰ সূচী তলত দিয়া হ’ল—

১. নিউ গুৱাহাটী বিধানসভা সমষ্টিঃ
তাৰিখ-১৪ অক্টোবৰ, ২০২৫,
সময়-পুৱা ৯.০০ বজাৰ পৰা
স্থান – অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান, চানমাৰী, গুৱাহাটী।

২. গুৱাহাটী চেন্ট্ৰেল বিধানসভা সমষ্টিঃ
তাৰিখ-১৬ অক্টোবৰ, ২০২৫
সময়-পুৱা ৯.০০ বজাৰ পৰা
স্থান –আৰ্য‍্য বিদ‍্যাপীঠ মহাবিদ্যালয়, খেলপথাৰ।(স্বায়ত্তশাসিত)

৩. ডিমৰীয়া বিধানসভা সমষ্টিঃ
তাৰিখ-২৪ অক্টোবৰ, ২০২৫
সময়-পুৱা ৯.০০ বজাৰ পৰা
স্থান –কাৰ্ছিয়া যোগদল সমন্বয় ভৱন, ডিমৰীয়া।

৪. দিশপুৰ বিধানসভা সমষ্টিঃ
তাৰিখ-৩১ অক্টোবৰ, ২০২৫
সময়-পুৱা ৯.০০ বজাৰ পৰা
স্থান–দক্ষিণ বেলতলা উচ্চ মাধ্যমিক বিদ্যালয়।

এই শিবিৰসমূহৰ যোগেদি কামৰূপ মহানগৰ জিলাৰ জনগণে একেলগে বিনামূলীয়া স্বাস্থ্য সেৱাৰ সুবিধা লাভ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!