অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

MEGA HEALTH CAMP IN ASSAM: ছমৰীয়াৰ জোৰশিমলীত বিধানসভা সমষ্টিভিত্তিক বৃহৎ স্বাস্থ্য শিবিৰ

Spread the love

অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ আঁচনি শুশ্ৰূষা সেতু অধীনত

ছমৰীয়াৰ জোৰশিমলীত বিধানসভা সমষ্টি ভিত্তিক বৃহৎ স্বাস্থ্য শিবিৰ সম্পন্ন

শুভ উদ্বোধন কৰে জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ-বিধায়ক ৰেকিব উদ্দিন আহমেদে

DD TIMES ছমৰীয়া, ২৩ অক্টোবৰঃ অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ আঁচনি শুশ্ৰুষা সেতুৰ অধীনত ৰাজ্যজুৰি সমষ্টি ভিত্তিত আৰাম্ভ কৰা বৃহৎ স্বাস্থ্য শিবিৰ। আজি কামৰূপ জিলাৰ ২৭নং ছমৰীয়া সমষ্টিৰ অন্তৰ্গত জোৰশিমলী উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয় ছমৰীয়া সমষ্টি ভিত্তিক স্বাস্থ্য শিবিৰ।

কামৰূপ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিব উদ্দিন আহমেদে ৰঙা ফিটা কাটি এই মেগা স্বাস্থ্য শিবিৰ শুভ উদ্বোধন কৰে। শিবিৰ উদ্বোধনীৰ অন্তত অসমীয়াৰ হিয়াৰ আমঠু, নৱ প্ৰজন্মৰ হাৰ্ডথ্ৰৱ প্ৰায়াত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

ইয়াৰ পিছত এই উপলক্ষে এক সভা অনুষ্ঠিত হয়।জাতীয় সংগীতেৰে আৰম্ভ হোৱা সভাত আদৰণি ভাষণ প্ৰদান কৰে স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক অজিত দাসে।

সভাত কামৰূপৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে ভাষণ প্ৰসংগত কয় ৪০ গৰাকী অভিজ্ঞ চিকিৎসা বিশেষজ্ঞৰ অংশগ্ৰহণেৰে শিবিৰটোত বিভিন্ন ৰোগত আক্ৰান্ত প্ৰায় পাঁচ হাজাৰ ৰোগীক পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা হৈছে।

ইয়াৰে জটিল ৰোগ ধৰা পৰা ৰোগী সকলক অনলাইন যোগে পঞ্জীয়ন কৰি জিএমচিএইচ,এইমচ্ আদিৰ নিচিনা উন্নত চিকিৎসালয়ত প্ৰেৰণ কৰা হ’ব বুলি উল্লেখ কৰে।সভাত ছয়গাঁও মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ চিন্ময় দাস আদিয়ে ভাষণ প্ৰদান কৰে।

তদুপৰি ভাষণত বক্তাসকলে ৰাজ্য চৰকাৰ শুশ্ৰূষা সেতুৰ জৰিয়তে প্ৰতিজন দৰিদ্ৰ ব্যক্তিৰ বাবে সুলভ স্বাস্থ্যসেৱা নিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰ দৃঢ়ভাৱে প্ৰতিশ্ৰুতিবদ্ধ বুলি কয়।

তদুপৰি এই আচনিৰ অধীনত ৰোগ নিৰ্ণয় আৰু চিকিৎসা সেৱা প্ৰদানৰ উপৰি বিশেষকৈ ১৮ বছৰ বয়সৰ তলৰ শিশু আৰু কিশোৰ-কিশোৰীসকলক বিশেষ গুৰুত্ব প্রদান কৰা হৈছে।

তদুপৰি সভাত ছমৰীয়া ৰাজহ চক্ৰ বিষয়া নন্দন নিলোৎপল ভাগৱতী, গৰৈমাৰী ৰাজহ চক্ৰ বিষয়া সমৰজ্যোতি দাস, ডিপিএম এণ্ড এইচ এম স্মিতা শইকীয়া আদি উপস্থিত থাকে।

উল্লেখ্য, এই স্বাস্থ্য শিবিৰত সমষ্টিটোৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকে ধৰি কেইবা সহস্ৰাধিক বিভিন্ন বয়সৰ পুৰুষ-মহিলা অংশগ্ৰহণ কৰে।

স্বাস্থ্য শিবিৰৰ অন্তত সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত পুৱ জোৰশিমলী আদৰ্শ অংগনাৱাড়ী কেন্দ্ৰৰ নৱনিৰ্মিত গৃহৰ শুভ উদ্বোধন কৰে বিধায়ক ৰেকিবুদ্দিন আহমেদ আৰু জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!