Media Delegation: শুৱালকুছি ভ্ৰমণ কৰি অভিভূত তেলেংগানাৰ সংবাদ মাধ্যমৰ প্ৰতিনিধি দলৰ
শুৱালকুছি ভ্ৰমণ কৰি অভিভূত তেলেংগানাৰ সংবাদ মাধ্যমৰ প্ৰতিনিধি দলৰ
ভাৰত চৰকাৰৰ হস্ততাঁতৰ মূল পদক্ষেপসমূহৰ বিষয়ত আলোকপাত

DD TIMES গুৱাহাটী, ২ ডিচেম্বৰঃ উত্তৰ-পূব ভাৰতৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প খণ্ডত চলি থকা উন্নয়নমূলক পদক্ষেপৰ বিষয়ে জানিবলৈ পিআইবি হায়দৰাবাদৰ উদ্যোগত মিডিয়া আউটৰিচ কাৰ্যসূচীৰ অংশ হিচাপে সোমবাৰে তেলেংগানাৰ এটা সংবাদ মাধ্যমৰ প্ৰতিনিধি দলে উত্তৰ-পূব হস্ততাঁত আৰু বস্ত্ৰশিল্প উন্নয়ন নিগম লিমিটেড (এনইএইচএইচডিচি) পৰিদৰ্শন কৰে।
প্ৰতিনিধি দলটোক আদৰণি জনাই এনইএইচএইচডিচিৰ পৰিচালন সঞ্চালক মাৰা কোচোৱে সদস্যসকলক অঞ্চলটোৰ হস্ততাঁতৰ পৰিস্থিতিতন্ত্ৰ শক্তিশালী কৰাৰ বাবে নিগমে হাতত লোৱা কৌশলসমূহৰ বিষয়ে অৱগত কৰে।
তেওঁ শিপিনীসকলক উন্নতমানৰ সূতা যোগান ধৰাৰ ক্ষেত্ৰত এনইএইচএইচডিচিৰ এৰি সুঁতা কটা প্লাণ্টৰ গুৰুত্বপূৰ্ণ ভূমিকাক আলোকপাত কৰাৰ লগতে স্থানীয় শিপিনী আৰু কাৰিকৰসকলক শক্তিশালী কৰাৰ বাবে গ্ৰহণ কৰা নিৰ্দিষ্ট ব্যৱস্থাৱলীৰ বিষয়ে বিৱৰি কয়।
এমডি কোচোয়ে এনইএইচএইচডিচিৰ বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টি, সুগম বজাৰ আৰু উত্তৰ-পূবৰ চহকী সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ প্ৰতিশ্ৰুতিৰ কথা দোঁহাৰে।
তেওঁ দৃঢ়তাৰে কয় যে হস্ততাঁত আৰু বস্ত্ৰশিল্প স্থানীয় জনগোষ্ঠীৰ জীৱনশৈলী আৰু পৰিচয়ৰ এক অপৰিহাৰ্য অংশ। শিপিনীসকলক পোনপটীয়াকৈ বজাৰৰ সৈতে সংযোগ কৰি এনইএইচএইচডিচিয়ে গ্ৰাহকৰ বাবে সাংস্কৃতিক মূল্য বৃদ্ধি কৰাৰ লগতে অৰ্থনৈতিক, সাংস্কৃতিক, আৰু সামাজিক সুযোগ সৃষ্টি কৰি আহিছে।
ইয়াৰ পূৰ্বে প্ৰতিনিধি দলটোৱে অসমৰ “ৰেচম গাঁও” নামেৰে পৰিচিত শুৱালকুচি ভ্ৰমণ কৰি দক্ষ শিপিনীৰ সৈতে মত বিনিময় কৰাৰ লগতে পৰম্পৰাগত বয়ন পদ্ধতি পৰ্যবেক্ষণ কৰে।
এই ভ্ৰমণৰ পিছত শুৱালকুচি আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলৰ শিপিনীসকলৰ বাবে এক সংহত পাইলট প্ৰকল্প শুৱালকুচি ইনষ্টিটিউট অৱ ফেশ্বন টেকন’লজি (এছআইএফটি) ভ্ৰমণ কৰা হয়, যাৰ লক্ষ্য হৈছে দক্ষতা বৃদ্ধি আৰু উদ্যোগী হিচাপে শিপিনীসকলৰ সামগ্ৰিক বিকাশত সহায় কৰা।
দলটোৰ ভ্ৰমণৰ সময়ত হস্ততাঁত খণ্ডৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰা নিৰ্দিষ্ট পদক্ষেপসমূহৰ ওপৰতো আলোকপাত কৰা হয়:বস্ত্ৰ মন্ত্ৰালয়ৰ উন্নয়ন আয়ুক্ত (হস্ততাঁত)ৰ দ্বাৰা ৰূপায়ণ কৰা আৰএমএছএছে সূতাৰ দৰে অত্যাৱশ্যকীয় কেঁচামালৰ ওপৰত ৰাজসাহায্য প্ৰদান কৰে, যাৰ ফলত যোগ্য শিপিনীসকলে উৎপাদনশীলতা বৃদ্ধি আৰু প্ৰতিযোগিতামূলক ক্ষমতা শক্তিশালী কৰিবলৈ সক্ষম হয়।
দক্ষতা বৃদ্ধি, সামৰ্থ্য বিকাশ আৰু প্ৰযুক্তিগত সমৰ্থনত ডব্লিউএছচিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
তেওঁলোকে বিশেষজ্ঞ ডিজাইন ইনপুট প্ৰদান লগতে ৱাইণ্ডিং, ৱাৰ্পিং, চাইজিং, ডাইং, ডবি, জেকাৰ্ড বয়ন, নিউমেটিক ৱিভিং, চিএডিভিত্তিক ডিজাইন সৃষ্টিকে ধৰি প্ৰি-ৱিভিং, ৱিভিং আৰু পোষ্ট-ৱিভিং প্ৰক্ৰিয়া সামৰি প্ৰশিক্ষণৰ ব্যৱস্থা কৰে।
বজাৰত সুগম প্ৰৱেশৰ বাবে ডব্লিউএছচিয়ে সমগ্ৰ দেশতে বাণিজ্য মেলা আৰু এক্সপ’ত শিপিনীসকলৰ অংশগ্ৰহণৰো সুবিধা প্ৰদান কৰে। বিয়লিত সংবাদ মাধ্যমৰ প্ৰতিনিধি দলটোৱে ব্ৰহ্মপুত্ৰ ৰিভাৰফ্ৰন্ট/ঐতিহ্য কেন্দ্ৰ পৰিদৰ্শন কৰে।
এই ভ্ৰমণে তেলেংগানাৰ প্ৰতিনিধি দলটোক এনইএইচএইচডিচি আৰু ভাৰত চৰকাৰে হস্ততাঁত খণ্ডৰ উন্নীতকৰণ, পৰম্পৰাগত শিল্পকৰ্ম সংৰক্ষণ আৰু সমগ্ৰ উত্তৰ-পূব ভাৰতৰ শিপিনীসকলক সৱলীকৰণৰ দিশত সংহত প্ৰচেষ্টাৰ মূল্যৱান অন্তৰ্দৃষ্টি প্ৰদান কৰে।

