Maharaja Prithu Flying Bridge: দীঘলীপুখুৰী-নুনমাটি সংযোগী মহাৰাজ পৃথু উৰণ সেতু মুকলি
অসমৰ পৰিবহণ আন্তঃগাঁথনিত নৱতম সংযোজন
দীঘলীপুখুৰী-নুনমাটি সংযোগী মহাৰাজ পৃথু উৰণ সেতুৰ শুভ উদ্বোধন মুখ্যমন্ত্ৰী

DD TIMES গুৱাহাটী, ১০ মাৰ্চঃ ৰাজ্যৰ পৰিবহণ আন্তঃগাঁথনিৰ আমূল পৰিৱৰ্তনৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ দীঘলীপুখুৰী আৰু নুনমাটিক সংযোগ কৰা ৪.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰি লেনযুক্ত ‘মহাৰাজ পৃথু উৰণ সেতু’ আনুষ্ঠানিকভাৱে মুকলি কৰি ৰাইজৰ সেৱাত উৎসৰ্গা কৰে।

উল্লেখযোগ্য যে ৮৫২.৬৮ কোটি টকাৰ বিত্তীয় ব্যয়েৰে নিৰ্মাণ কৰা এই সেতুখনৰ আধাৰশিলা ২০২৩ চনৰ ১৬ নৱেম্বৰত স্থাপন কৰা হৈছিল। যদিও প্ৰকল্পটো সম্পূৰ্ণ কৰাৰ বাবে ৩৬ মাহৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছিল, তথাপিও ৰাজ্য চৰকাৰৰ কঠোৰ তদাৰকী আৰু বিভাগীয় তৎপৰতাত মাত্ৰ ২৮ মাহৰ অভিলেখ সময়তে হ×য়াৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি তোলা হয়। ১২৯টা খুটাৰ ওপৰত দণ্ডায়মান এই উৰণ সেতুখনৰ ওপৰৰ গাথঁনি ষ্টীল গাৰ্ডাৰেৰে অত্যন্ত মজবুতকৈ সাজি উলিওৱা হৈছে।

এই উপলক্ষে আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে এই উৰণ সেতুক মহানগৰবাসীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দিশত এক বিশেষ উপহাৰ বুলি অভিহিত কৰে। ড° শৰ্মাই কয় যে মুঠ ৪.৫ কিঃমিঃ দৈৰ্ঘ্যৰ উৰণ সেতুখনৰ ৪.২ কিঃমিঃ অংশৰ কাম সম্পন্ন হৈছে আৰু বাকী থকা ৩০০ মিটাৰ অংশত ৰাজগড় ৰেল লাহ×নৰ ওপৰেদি এটা অতিৰিক্ত বাহু তথা গুৱাহাটী ক্লাবৰ পৰা উজান বজাৰৰ ফালে আন এটা বাহু নিৰ্মাণ কৰি যাতায়াত ব্যৱস্থা অধিক সুচল কৰা হ’ব। তেওঁ লগতে কয় যে চৰকাৰে ভৱিষ্যতে গুৱাহাটী ক্লাব আৰু উলুবাৰী উৰণ সেতুৰ মাজত এক সংযোগ স্থাপন কৰি নেহৰু ষ্টেডিয়াম আৰু বি বৰুৱা মহাবিদ্যালয়ৰ সমীপৰ যান-জঁটৰ সমস্যা চিৰদিনৰ বাবে সমাধান কৰাৰ এক অভিলাষী পৰিকল্পনা হাতত লৈছে।

ৰাজ্যৰ সামগ্ৰিক আন্তঃগাঁথনি উন্নয়নৰ খতিয়ান দাঙি ধৰি মুখ্যমন্ত্ৰীয়ে কয় যে যোৱা পাঁচ বছৰত মালিগাঁও, ছুপাৰমাৰ্কেট আৰু আৰ জি বৰুৱা পথৰ উৰণ সেতুসমূহে মহানগৰীৰ যাতায়াতৰ ছবিখন সম্পূৰ্ণ সলাহ× দিছে। তেওঁ কয় যে কেৱল গুৱাহাটীতে নহয়, বৰঞ্চ তেজপুৰৰ মিছন চাৰিআলি, ডিব্ৰুগড়, যোৰহাট আৰু শিলচৰতো কেইবাখনো বিশাল উৰণ সেতুৰ কাম দ্ৰুতগতিত চলি আছে। তেওঁ উল্লেখ কৰে যে অহা ১৪ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিলচৰত ৬০০ কোটি টকীয়া সেতুৰ শুভাৰম্ভ কৰিব। একেদৰে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মাণ মাজুলী-যোৰহাট, কুৰুৱা-নাৰেংগী আৰু পলাশবাৰী-শুৱালকুছি দলঙৰ কামে সমগ্ৰ অসমৰ যোগাযোগ ব্যৱস্থাত এক নৱযুগৰ সূচনা কৰিব বুলি তেওঁ দৃঢ়তাৰে প্ৰকাশ কৰে। বিশেষকৈ ২০২৮ চনত শুভ উদ্বোধন হ’বলগীয়া ধুবুৰী-ফুলবাৰী দলঙৰ জৰিয়তে যাতায়াতৰ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্তন আহিব বুলিও তেওঁ সদৰী কৰে।
‘বিকাশ ভি, বিৰাচত ভি’ নীতিৰ ওপৰত আলোকপাত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এটা জাতিয়ে যেতিয়া নিজৰ ইতিহাস আৰু শিপাক পাহৰি যায়, সেই জাতি নিজৰ সত্তাৰ পৰা বিচ্ছিন্ন হয়। তেওঁ কয় যে কামৰূপৰ পৰাক্ৰমী ৰজা মহাৰাজ পৃথুৱে ১২০৬ চনত কানাই বৰশী বোৱা শিলালিপিৰ সাক্ষী স্বৰূপে বখতিয়াৰ খিলজীৰ দৰে নৃশংস আক্ৰমণকাৰীক পৰাস্ত কৰিছিল। নালন্দা বিশ্ববিদ্যালয় ধবংস কৰা খিলজীক পৰাজিত কৰি মহাৰাজ পৃথুৱে যি জাতীয় স্বাভিমান ৰক্ষা কৰিছিল, তাক সন্মান জনাই এই সেতুখন তেওঁৰ নামেৰে নামকৰণ কৰা হৈছে। তেওঁ কয় যে লাচিত বৰফুকন, কুমাৰ ভাস্কৰ বৰ্মা আৰু মহাৰাজ পৃথুৰ দৰে বীৰসকলৰ আদৰ্শই অসমৰ নৱ-প্ৰজন্মক সদায় অনুপ্ৰাণিত কৰি ৰাখিব।
গছ কটাৰ নামত হোৱা সমালোচনাৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে উন্নয়নৰ স্বাৰ্থত কেতিয়াবা কিছু ত্যাগ স্বীকাৰ কৰিবলগীয়া হয় যদিও চৰকাৰে পৰিৱেশ সুৰক্ষাত সম্পূৰ্ণ গুৰুত্ব দিছে। তেওঁ কয় যে চৰকাৰে আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি ৭০ ডাল গছ উঘালি নি সুন্দৰকৈ পুনৰ ৰোপণ কৰিছে, যাৰ ভিতৰত ৬৮ ডাল গছেই বৰ্তমান জীৱন্তে আছে। তেওঁ কয় যে চৰকাৰে এডাল গছ কটাৰ বিপৰীতে ১০ ডাল নতুন গছ ৰোৱাৰ নিয়মো বাধ্যতামূলক কৰিছে। তেওঁ কয় যে গছ আমাক আন্দোলনৰ বাবে নহয়, অক্সিজেনৰ বাবেহে লাগে আৰু সেই দায়িত্ব চৰকাৰে নিষ্ঠাৰে পালন কৰিছে। সমালোচনা কৰাসকলক উদ্দেশ্যি তেওঁ কয় যে চৰকাৰে সমালোচনাৰ পৰা সদায় শিকিবলৈ চেষ্টা কৰে, কিন্তু মুষ্টিমেয় একাংশই কৰা বাধাৰ বাবে উন্নয়নৰ কাম স্তব্ধ হৈ নাযায়।
মহানগৰীৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে তেওঁ কয় যে উৰণ সেতুৰ কামসমূহ প্ৰায় সম্পূৰ্ণ হোৱাৰ পিছত এতিয়া চৰকাৰৰ মূল লক্ষ্য হ’ব কৃত্ৰিম বানপানীৰ সমস্যা সমাধান কৰা। তেওঁ কয় যে গুৱাহাটীৰ পাহাৰীয়া অঞ্চলত বসবাস কৰা ১২ হাজাৰ যোগ্য পৰিয়ালক ভূমিৰ পট্টা প্ৰদানৰ কাম অতি সোনকালে সম্পন্ন কৰা হ’ব। তেওঁ লগতে কয় যে গুৱাহাটীক দক্ষিণ-পূব এচিয়াৰ দুৱাৰমুখ হিচাপে গঢ়ি তুলিবলৈ ৰিং ৰ’ড আৰু মেট্ৰ’ ৰে’লৰ কামো পৰ্যায়ক্ৰমে হাতত লোৱা হ’ব।
মুখ্যমন্ত্ৰীয়ে লোকনিৰ্মাণ বিভাগৰ অসমীয়া অভিযন্তাসকলৰ কাৰিকৰী দক্ষতাৰ বিশেষভাৱে শলাগ লয়। ২০৪৭ চনৰ ভিতৰত অমৃত ভাৰতৰ অমৃত সন্তান হিচাপে অসমক এক উন্নত প্ৰদেশলৈ ৰূপান্তৰ কৰাৰ সংকল্পৰ কথা দৃঢ়তাৰে দোহাৰি তেওঁ কয় যে আজিৰ নতুন অসমে কাকো ভয় নকৰে, কেৱল উন্নয়নৰ আকাশ চুবলৈ আগুৱাই যাব।
অসমৰ উন্নয়নৰ যাত্ৰা অব্যাহত থাকিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অহা কেইটামান দিনৰ ভিতৰত ডিফু, যোৰহাট, লংকা, দুলীয়াজান আৰু তিনিচুকীয়াতো কেইবাখনো উৰণ সেতু শুভ উদ্বোধন কৰা হ’ব। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আশীৰ্বাদত অসম এতিয়া আত্মনিৰ্ভৰশীল হৈ নিজৰ ভৰিৰ ওপৰত থিয় দিব পৰা এখন ৰাজ্যলৈ ৰূপান্তৰিত হৈছে। অসমীয়াই এতিয়া আকাশ চোৱাৰ সপোন দেখে আৰু ২০৪৭ চনৰ ‘অমৃত কাল’ত অসমে ভাৰতৰ ভিতৰতে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি তেওঁ দৃঢ়তাৰে কয়।
সনাতন সভ্যতাৰ প্ৰেৰণা আৰু ৰাইজৰ আশীৰ্বাদ শিৰত লৈ অসমক এক মহান প্ৰদেশ হিচাপে গঢ়ি তোলাৰ সংকল্প দোহাৰি তেওঁ কয় যে আজি ১০ মাৰ্চৰ পৰা অহা ১৩ মাৰ্চলৈকে নতুন উৰণ সেতুখনৰ চানমাৰিৰ পৰা গুৱাহাটী ক্লাব অংশলৈকে ৰাহ×জৰ বাবে ‘ৱাকিং জ’ন’ (Walking Zone) হিচাপে মুকলি কৰি ৰখা হ’ব, যাতে মহানগৰবাসীয়ে খোজকাঢ়ি সেতুখনৰ সৌন্দৰ্য উপভোগ কৰিব পাৰে। অহা ১৪ মাৰ্চৰ পুৱাৰ পৰাহে এই উৰণীয়া সেতুখন যান-বাহন চলাচলৰ বাবে সম্পূৰ্ণৰূপে মুকলি কৰি দিয়া হ’ব বুলি মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষণত সদৰী কৰে।
আজিৰ এই উদ্বোধনী অনুষ্ঠানত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, সাংসদ বিজুলী কলিতা মেধি, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ লগতে চৰকাৰৰ উচ্চপদস্থ বিষয়া আৰু বহুসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

