MADANPUR TOLL PLAZA: মদনপুৰ টোলগেটত দাওদাওকৈ জ্ব*লি*ল জুবিন গাৰ্গ সমাধিক্ষেত্ৰগামী যাত্ৰীবাহী আল্ট্ৰাবাছ
মদনপুৰ টোলগেটত দাওদাওকৈ জ্বলিল জুবিন গাৰ্গ সমাধিক্ষেত্ৰগামী যাত্ৰীবাহী আল্ট্ৰাবাছ
DD TIMES গুৱাহাটী, ৯ অক্টোবৰঃ কামৰূপ জিলাৰ চাংসাৰি আৰক্ষী থানাৰ অন্তৰ্গত ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথস্থিত মদনপুৰ টোলগেটত আজি পুৱা প্ৰায় ১০-৪৫ ভাগত পুণৰ সংঘটিত হ’ল এক ভয়ংকৰ অগ্নিকাণ্ড।

টোলগেটত টোলকৰ দিবলৈ ৰৈ থকাৰ সময়তে দাওঁদাওঁকৈ জ্বলি উঠিল যাত্ৰীভৰ্তি এখন আল্ট্ৰাবাছ। অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ তীৰ্থক্ষেত্ৰলৈ পৰ্যবসিত সমাধিক্ষেত্ৰলৈ প্ৰায় ৬০ গৰাকী যাত্ৰীলৈ এই বাছখন গৈ থকাৰ সময়তে এই ভয়ংকৰ অগ্নিকাণ্ডটো সংঘটিত হয় যদিও সৌভাগ্যক্ৰমে আটাইকেইগৰাকী যাত্ৰীৰে কোনো ধৰণৰ আঘাত নোহোৱাকৈ কথমপি প্ৰাণৰক্ষা পৰে।
এই সন্দৰ্ভত প্ৰাপ্ত খবৰ অনুসৰি শিল্পী জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত শ্ৰদ্ধাঞ্জলী নিবেদনৰ লগতে ন্যায় লাভৰ আশাৰে দৰং জিলাৰ মঙলদৈৰ দাহীৰ পৰা এই যাত্ৰীসকলে আজি পুৱাই এ.এচ.২৫.চি.৩১২৯ নম্বৰৰ আলট্ৰা বাছখনৰে সোণাপুৰলৈ যাত্ৰা আৰম্ভ কৰে।
যাত্ৰাপথত হঠাতে মদনপুৰ টোলগেটত কোনো বিজুতি ঘটাত বাছখন দাওঁদাওঁকৈ জ্বলি ভয়ংকৰ ৰূপ লয়। ফলত যাত্ৰী সকলৰ বয়বস্তুকে ধৰি বাছখনৰো বিস্তৰ ক্ষতিসাধন ঘটে। অৱশ্যে অন্য কোনো অঘটন নোহোৱাকৈ যাত্ৰীসকলে বাছখনৰ পৰা নিৰাপদে প্ৰস্থান কৰিবলৈ
সক্ষম হয়।
ইয়াৰ মাজতে অগ্নি নিৰ্বাপক বাহনৰে বাছখনৰ অগ্নি নিৰ্বাপন কৰা হয়। ইয়াৰ পিছতে কমলপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া গৰাকীৰ তৎপৰতাত চিকিৎসক আৰু স্বাস্থকৰ্মীৰ এটা দ’লে যাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে লঘূ আহাৰৰো যোগান ধৰা হয়।
আনহাতে যাত্ৰীসকলে এই সন্দৰ্ভত কয় যে অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুক আমি সহজভাৱে মানি লব পৰা নাই। শিল্পীজনাৰ মৃত্যুকলৈ সকলোৱে অন্ধকাৰত আছে।
এই মৃত্যুৰ ৰহস্য ভেদ হোৱাৰ লগতে ইয়াৰ সৈতে জৰিত আটাইবোৰ দুষ্কৃতিকাৰীকে কঠোৰ শাস্তি প্ৰদান কৰি জুবিন গাৰ্গৰ লগতে তেওঁৰ পৰিয়ালক ন্যায় প্ৰদান কৰিব লাগে। পিছত অন্য বাহনৰে যাত্ৰীসকলৰ সমাধিক্ষেত্ৰলৈ যোৱাৰ ব্যৱস্থা কৰা হয়।
