অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়ক্ৰীড়ামুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Lovelyna Boxing Academy: লাভলীনা বক্সিং একাডেমীৰ উচ্চ-পাৰদৰ্শিতা প্ৰশিক্ষণ শক্তিশালীকৰণৰ বাবে ৰাষ্ট্ৰীয় ৰক্ষা বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ

Spread the love

লাভলীনা বক্সিং একাডেমীৰ উচ্চ-পাৰদৰ্শিতা প্ৰশিক্ষণ শক্তিশালীকৰণৰ বাবে ৰাষ্ট্ৰীয় ৰক্ষা বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ

ক্ৰীড়া বিজ্ঞান, বিশ্লেষণ আৰু খেলুৱৈ কল্যাণ একত্ৰিকৰণৰ লক্ষ্যৰে LBA আৰু BCORE-এ অংশীদাৰিত্ব গঢ়ি তুলিছে

MoUৰে RRU-ৰ আধুনিক গৱেষণাগাৰ, গৱেষণা সমল আৰু শৈক্ষিক সম্পদ ব্যৱহাৰৰ সুযোগ লাভ কৰিব

লাভলীনা বৰগোহাঁইয়ে কয়- এই সহযোগে যুৱ খেলুৱৈসকলৰ বাবে বিশ্বমানৰ পথ নিৰ্মাণ কৰিব

DD TIMES গান্ধীনগৰ, ৩০ নৱেম্বৰঃ ভাৰতৰ উচ্চ-প্ৰদৰ্শনসম্পন্ন ক্ৰীড়া পৰিবেশৰ বাবে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে, অলিম্পিয়ান স্প’ৰ্টছ একাডেমী ফাউণ্ডেচনৰ অধীনস্থ লাভলীনা বক্সিং একাডেমী (LBA)-এ ৰাষ্ট্ৰীয় ৰক্ষা বিশ্ববিদ্যালয় (RRU)-ৰ ভাৰত অলিম্পিক গৱেষণা আৰু শিক্ষণ কেন্দ্র (Bharat Centre for Olympic Research and Education (BCORE)-ৰ সৈতে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। LBA-ৰ প্ৰতিনিধি দলে ২৭–২৮ নৱেম্বৰ, ২০২৫ তাৰিখে ৰাষ্ট্ৰীয় ৰক্ষা বিশ্ববিদ্যালয়ত কৰা দুইদিনীয়া ভ্ৰমণৰ সময়তে এই বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয়।

এই চুক্তিখন ক্ৰীড়া গৱেষণা, বিজ্ঞানসন্মত প্ৰশিক্ষণ, খেলুৱৈ কল্যাণ আৰু আধুনিক প্ৰশিক্ষণ পদ্ধতি উন্নয়নৰ ক্ষেত্ৰত এটা দীঘলীয়া কৌশলগত অংশীদাৰিত্বৰ আৰম্ভণি হিচাপে চিহ্নিত হৈছে।

চুক্তিৰ অধীনত দুয়োটা প্ৰতিষ্ঠানে মিলি ক্ৰীড়া বিজ্ঞান, পাৰদৰ্শিতাৰ বিশ্লেষণ, মানসিক প্ৰশিক্ষণ মডিউল, আঘাত-প্ৰতিৰোধ কাঠামো আৰু আধুনিক উচ্চ-প্ৰদৰ্শন প্ৰণালীৰ বিকাশৰ বাবে কাম কৰা হ’ব। এই অংশীদাৰিত্বৰ জৰিয়তে LBAৰ খেলুৱৈসকলে বিশ্বমানৰ গৱেষণাভিত্তিক সহায়-সমৰ্থন লাভ কৰিবলৈ সক্ষম হ’ব।

LBA প্রতিনিধি দলটোত উপস্থিত আছিল টকিঅ’ অলিম্পিক পদক বিজয়ী তথা একাডেমীৰ প্ৰতিষ্ঠাপক লাভলীনা বৰগোহাঁই, জ্যেষ্ঠ প্ৰশিক্ষক তথা উপদেষ্টা দেৱ কুমাৰ বৰুৱা, পৰিচালন সঞ্চালক জ্যোতিষ্মা লহকৰ, আৰু একাডেমীৰ এজন অন্যতম মুখ্য নেতৃত্ববাহী যুৱ নেতা তথা শিক্ষাবিদ ধীৰাজ নাৰায়ণ যাদৱ।

এই চুক্তি স্বাক্ষৰ অনুষ্ঠানৰ আয়োজন কৰিছিল RRU-ৰ মাননীয় উপাচাৰ্য প্ৰফেছৰ (ড০) বিমল এন. পেটেল-এ। তেওঁ একাডেমীৰ তৃণমূল পৰ্যায়ৰ পৰা উচ্চস্তৰৰ প্ৰতিভা গঢ়ি তোলাৰ মিছনক প্ৰশংসা কৰে।

এই সহযোগিতা আন্তঃবিষয়ক গৱেষণা, অত্যাধুনিক আন্তঃগাঁথনি আৰু ভাৰতৰ ক্ৰীড়া বহল উচ্চাকাংক্ষাত অৰিহণা যোগোৱা প্ৰতিষ্ঠানিক অংশীদাৰিত্বৰ জৰিয়তে ক্ৰীড়াত উৎকৃষ্টতা সাধনৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় ৰক্ষা বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় দৃষ্টিভংগীৰ সৈতে সামঞ্জস্য আছে বুলি তেওঁ মত পোষন কৰে।

আনুষ্ঠানিক অংশীদাৰিত্বৰ অংশ হিচাপে LBA-এ RRUৰ উন্নত ক্ৰীড়া বিজ্ঞান আৰু গৱেষণা আন্তঃগাঁথনিৰ গাঁথনিগত প্ৰৱেশ লাভ কৰিব, য’ত বায়’মেকানিক্স লেব, প্ৰদৰ্শন বিশ্লেষণ ইউনিট, পুনৰুদ্ধাৰ বিজ্ঞানৰ সুবিধা, আৰু ক্ৰীড়া প্ৰযুক্তি, মনোবিজ্ঞান আৰু শাৰীৰিক কণ্ডিচনিঙৰ শৈক্ষিক বিশেষজ্ঞতা অন্তৰ্ভুক্ত কৰা হ’ব।

ইয়াৰ দ্বাৰা এল বি এৰ সৈতে জড়িত উদীয়মান আৰু অভিজাত খেলুৱৈসকলৰ বাবে পথ শক্তিশালী কৰিবলৈ যৌথ গৱেষণা প্ৰকল্প, খেলুৱৈ মূল্যায়ন প্ৰট’কল, প্ৰশিক্ষণ কৰ্মশালা, আৰু জ্ঞান-বিনিময় কাৰ্যসূচী বিকশিত কৰা হ’ব।

ভ্ৰমণৰ সময়ত LBA প্রতিনিধিদলে গুজৰাট আৰক্ষীৰ শীৰ্ষ বিষয়া- ADGP আৰু DIGP সহ বিভিন্ন বিষয়বৱীয়াৰ সৈতে আলোচনা কৰে। এই আলোচনাত খেলুৱৈৰ সুৰক্ষা-সচেতনতা, শৃংখলা আৰু নেতৃত্ব কাৰ্যসূচী, আৰক্ষীৰ খেল-প্ৰকল্পসমূহৰ সমন্বয় আৰু ভৱিষ্যত যৌথ অনুষ্ঠান আদিৰ বিষয় চৰ্চিত হয়।

গুজৰাট আৰক্ষীয়ে LBA-ৰ ভাৰতীয় বক্সিং ক্ষেত্ৰত অৱদানক প্ৰশংসা কৰে আৰু যুৱ অংশগ্ৰহণ, ফিটনেছ প্ৰম’চন আৰু ৰাষ্ট্ৰীয় ক্ৰীড়া উৎকর্ষতা বিস্তাৰৰ ক্ষেত্ৰত সহায় আগবঢ়োৱাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে।

বুজাবুজিৰ চুক্তি স্বাক্ষৰৰ সময়ত লাভলীনা বৰগোহাঁইয়ে কয়- “এয়া আমাৰ LBA-ৰ বাবে এক গৌৰৱময় আৰু অত্যন্ত গুৰুত্বপূর্ণ মুহূর্ত। RRU আৰু BCORE-ৰ সৈতে হাত মিলোৱাৰ জৰিয়তে আমি আমাৰ খেলুৱৈসকলৰ বাবে নতুন দুৱাৰসমূহ খুলিলোঁ— যি দুৱাৰে বিজ্ঞানসন্মত প্ৰশিক্ষণ, গ্ল’বেল বেঞ্চমাৰ্ক আৰু সফলতাৰ পথলৈ লৈ যায়। বহু যুৱ খেলুৱৈ, বিশেষকৈ মোৰ দৰে সৰু ঠাইৰ পৰা অহা বহুজনে, ডাঙৰ সপোন দেখে কিন্তু যথাযথ সহায়-সমৰ্থন নাপায়। এই অংশীদাৰিত্বই সেই ঘাটি পূৰণ কৰিব আৰু বিশ্বমানৰ জ্ঞান-সম্ভাৰ আৰু সুবিধা তেওঁলোকৰ বাবে উপলব্ধ কৰিব।”

এতিয়া বুজাবুজি চুক্তি স্বাক্ষৰ হোৱাৰ লগে লগে লভলিনা বক্সিং একাডেমী, RRU আৰু BCORE-এ ভাৰতৰ পৰৱৰ্তী প্ৰজন্মৰ চেম্পিয়নসকলৰ বাবে গৱেষণা সমৰ্থিত, বিশ্বব্যাপী প্ৰতিযোগিতামূলক প্ৰশিক্ষণ পৰিৱেশ ব্যৱস্থা গঢ়ি তোলাৰ লক্ষ্যৰে এক পৰিৱৰ্তনশীল অংশীদাৰিত্বৰ ভেটি স্থাপন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!