অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

LOCAL NEWS: বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ পূজাৰ দিনৰ পৰাই হ’ব লক্ষ্মীৰ বহিৰ্গমন, বাহন চালকে ভৰিব লাগিব টোল টেক্স

Spread the love

বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ পূজাৰ দিনৰ পৰাই হ’ব লক্ষ্মীৰ বহিৰ্গমন, বাহন চালকে ভৰিব লাগিব টোল টেক্স

৭১৫ (ক) নং চাৰি লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ চুলুঙত সাজু টোলগেট

DD TIMES কলিয়াবৰ, ২২ জানুৱাৰীঃ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে কোঙা কৰি থকাৰ সময়তে আৰু এক মাধমাৰ সোধাই লৈ সাজু চৰকাৰ।

দেৰগাঁৱৰ ৰঙামাটি টোলগেট মুকলি কৰাৰ দিনৰ পৰাই সৰ্বত্ৰে প্ৰতিবাদ চলি থকাৰ সময়তে ৰাইজৰ মূৰত মাধমাৰ দিবলৈ সাজু হৈছে আৰু এখন টোলগেট্।

কাইলৈ সৰস্বতী পূজাৰ দিনাই এই টোলগেট্ মুকলি কৰি যান-বাহনৰ পৰা আনুষ্ঠানিক কৰা সংগ্ৰহ কৰিব ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে।

কলিয়াভোমোৰা দ্বিতীয়খন দলং নিৰ্মাণৰ নামত যান-বাহনৰ গৰাকী-চালকৰ পৰা কৰ সংগ্ৰহৰ বাবে কলিয়াবৰৰ চুলুঙত নিৰ্মাণ হৈছে এই টোলগেট।


ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ঘাইপথ কৰ্তৃপক্ষই। এতিয়াৰে পৰা চুলুঙৰ টোলগেটত টোলটেক্স দিহে উত্তৰ পাৰলৈ যাব পাৰিব যাত্ৰীসকল।

অনুৰূপভাবে দক্ষিণ পাৰত উপস্থিত হৈ চুলুঙত টোল টেক্স দিহে কলিয়াবৰ হৈ ৰাজ্যৰ আন স্থানলৈ যাব পাৰিব যান-বাহনৰ গৰাকী-চালকে।


দল-সংগঠনৰ তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে কৰ সংগ্ৰহৰ বাবে কলিয়াবৰৰ চুলুঙত সাজু হৈ উঠিছে অত্যাধুনিক টোলগেট। এই লৈ যোৱা দুদিন ধৰি কৰ্তৃপক্ষই কলিয়াবৰত মাইকযোগে ঘোষণা কৰি থকা পৰিলক্ষিত হৈছে। ৰাজপথত নতুন টোলগেটে কলিয়াবৰৰ লগতে আন স্থানতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!