অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

Literature touches the hearts of readers with social messages: সামাজিক বাৰ্তাৰে সাহিত্যই পাঠকৰ হৃদয় স্পৰ্শ কৰেঃ ড° জ্যোতিৰেখা হাজৰিকা

Spread the love

অসম গ্ৰন্থমেলাত ‘সাম্প্ৰতিক অসমীয়া উপন্যাসত সমাজ চেতনা’ শীৰ্ষক আলোচনা সত্ৰ
অসমীয়া উপন্যাস আৰম্ভণিৰে পৰা সমাজ চেতনাৰে সমৃদ্ধঃ জয়ন্ত মাধৱ বৰা
সামাজিক বাৰ্তাৰে সাহিত্যই পাঠকৰ হৃদয় স্পৰ্শ কৰেঃ ড° জ্যোতিৰেখা হাজৰিকা

DD TIMES পশ্চিম যোৰহাট, ১৮ নৱেম্বৰঃ ভাষা-সাহিত্য, সংস্কৃতি-ইতিহাস আদি ভিন্ন বিষয়ৰ চৰ্চা, শিশুৰ দিন উদযাপন, সুধাকণ্ঠ ড° ভূপেন হাজৰিকালৈ জন্ম শতবৰ্ষৰ শ্ৰদ্ধাঞ্জলি আদি অনুষ্ঠানে অনন্য মাত্ৰা প্ৰদান কৰিছে যোৰহাটত আয়োজিত অসম গ্ৰন্থমেলাক ৷ সমান্তৰালভাৱে কিতাপৰ বিক্ৰীয়েও কঢ়িয়াইছে আশাৰ বতৰা ৷

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যোৰহাট জিলা ক্ৰীড়া সংস্থাৰ খেলপথাৰত যৌথভাৱে আয়োজন কৰা অসম গ্ৰন্থমেলাত আজি বিয়লি ‘সাম্প্ৰতিক অসমীয়া উপন্যাসত সমাজচেতনা’ শীৰ্ষক এখনি গুৰুত্বপূৰ্ণ আলোচন সত্ৰ অনুষ্ঠিত হৈ যায় ৷

জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট কবি-লেখক ড° জ্যোতিৰেখা হাজৰিকাই আলোচনা সত্ৰখন সঞ্চালনা কৰে ৷ তেওঁ ভাষণত কয় যে সামাজিক বাৰ্তাৰে সাহিত্যই পাঠকৰ হৃদয় স্পৰ্শ কৰে, সেয়া কবিতাই হওক বা উপন্যাসেই হওক ৷ অসমীয়া উপন্যাসত সমাজচেতনা সদায়ে শক্তিশালী ৰূপত প্ৰতিফলিত হৈছে ৷

সাম্প্ৰতিক অসমীয়া উপন্যাসতো এয়া স্পষ্ট ৷ সাহিত্য হৈছে সমাজৰে প্ৰতিচ্ছবি ৷ সমাজক বাদ দি সাহিত্যৰ কথা ভাবিব পৰা নাযায় ৷ আমাৰ মাজত থকা আলোচক জয়ন্ত মাধৱ বৰাৰ কথাই ক’ব পাৰি ৷ মৰিয়াহোলা তেওঁৰ এনে এখন উপন্যাস য’ত সেই সময়ৰ সমাজখন প্ৰতিফলিত হৈছে ৷

সাহিত্যৰ পৰা সমাজখন আতৰি যাব নোৱাৰে ৷ উপন্যাসৰ কথাবোৰ, বিষয়বোৰ, চৰিত্ৰবোৰ— সকলোকে এইখন সমাজৰ পৰাই তুলি অনা হয় ৷ যদি সমাজখন সাহিত্যত নাথাকে, তেন্তে পাঠক বিভ্ৰান্ত হ’ব ৷ ইয়াত আলোচকৰূপে অংশগ্ৰহণ কৰি সাহিত্য অকাদেমী বঁটা প্ৰাপক ঔপন্যাসিক জয়ন্তমাধৱ বৰাই বিষয় প্ৰসংগত কয় যে অসমীয়া উপন্যাস আৰম্ভণি পৰ্বৰে পৰা সমাজচেতনাৰে সমৃদ্ধ ৷

বিশেষকৈ ৪০ৰ দশকৰ পৰৱৰ্তী কালত সমাজচেতনাই অসমীয়া উপন্যাসক এক নতুন আৰু শক্তিশালী গতিধাৰাৰে আগুৱাই নিছিল ৷

উদাহৰণস্বৰূপে বীণা বৰুৱাৰ ‘জীৱনৰ বাটত‘, ৰাস্না বৰুৱাৰ ‘সেউজী পাতৰ কাহিনী’, প্ৰফুল্ল দত্ত গোস্বামীৰ ‘কেঁচা পাতৰ কঁপনি’, চৈয়দ আব্দুল মালিকৰ ‘সুৰুযমুখীৰ স্বপ্ন’, দেৱেন্দ্ৰ নাথ আচাৰ্যৰ ‘জংগম’ , বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ‘ মৃত্যুঞ্জয়’, ‘ইয়াৰুইংগম’, হোমেন বৰগোহাঞিৰ ‘সুবালা’, ‘হালধীয়া চৰায়ে বাওধান খায়’, মামণি ৰয়ছম গোস্বামীৰ ‘দঁতাল হাতীৰ উঁইৱে খোৱা হাওদা’, লক্ষ্মীনন্দন বৰাৰ ‘গঙা চিলনীৰ পাখি’, হিতেশ ডেকাৰ ‘আজিৰ মানুহ’ , নিৰুপমা বৰগোহাঞিৰ ‘সেই নদী নিৰৱধী’ আদি উপন্যাস সমূহৰ কথা ক’ব পাৰি ৷ অৰূপা পটংগীয়া কলিতা,পূৰৱী বৰমুদৈ, স্বৰ্ণ বৰা, ৰীতা চৌধুৰী, অনুৰাধা শৰ্মা পূজাৰী, মণিকুন্তলা ভট্টাচাৰ্য, মনালিছা শইকীয়া, গীতালি বৰা, পূৰৱী বৰুৱা, নন্দিতা দেৱী আদিৰ সৃষ্টিতো সমাজচেতনা স্পষ্ট ৷

কিন্ত অতিসম্প্ৰতি অসমীয়া উপন্যাসত সমাজচেতনা কিছু স্থবিৰ হৈ পৰা পৰিলক্ষিত হৈছে ৷ এতিয়া কিছুমান উপন্যাস পঢ়িলে এনে লাগে যেন বজাৰখন সন্মুখত ৰাখিহে উপন্যাস লিখাৰ কছৰৎ চলিছে ৷

আলোচক হিচাপে উপস্থিত থাকি এই বিষয়ে শিৱসাগৰ বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড° ৰীতামণি বৰাই এইবুলি কয় —‘সমাজচেতনা বা সমাজ বীক্ষণ নাথাকিলে সাহিত্যই পাঠকক আকৰ্ষণ কৰিবনে ? সাহিত্য সদায় শুভ চিন্তাৰ বাহক আৰু ধাৰক ৷ এগৰাকী লেখকে কি বিষয় নিৰ্বাচন কৰে তাত তেওঁৰ স্বাধীনতা আছে ৷ কিন্তু লেখকৰ দায়ৱদ্ধতাৰ কথাটোও আছে ৷

সমাজচেতনা প্ৰকাশ কৰিবলৈ লেখকসকলে লাঠী লৈ সমাজখন ৰখি থকাৰ কথা নাহে ৷ কিন্তু এনেও হ’ব নোৱাৰে যে চ্যুকাফাৰ বিষয়ে এখন উপন্যাস লিখিলে তাত চ্যুকাফাক জীন্‌ছ পেন্ট পিন্ধাই দিব ৷ আচলতে লেখকৰ বা ঔপন্যাসিকৰ জীৱন দৰ্শনৰ পৰাই সমাজচেতনা প্ৰকাশ পায় ৷ কিন্তু অতি সাম্প্ৰতিক উপন্যাসত সমাজচেতনাৰ বৰ্ণাঢ্য ৰূপৰ পৰিৱৰ্তন ঘটা চকুত পৰিছে ৷’

আন এগৰাকী আলোচক, সৰ্বোদয় মহাবিদ্যালয়, যোৰহাটৰ সহকাৰী অধ্যাপক ড° নয়নজ্যোতি ভূঞাই কয় যে শেহতীয়াকৈ পুৰা কথাৰ বিষয়েৰে বিভিন্ন উপন্যাস লিখা হৈছে ৷ কাৰণ সেই বিষয় আৰু পটভূমি আজিও সামাজিকভাৱে প্ৰাসংগিক ৷

অসমীয়া ভাষাত এনে উপন্যাসবোৰে শক্তিশালী ধাৰা সৃষ্টি কৰিবলৈ সক্ষম হৈছে ৷ ৰত্নোত্তমা দাস বিক্ৰম, জুৰি বৰা বৰগোঁহাই, গীতালি বৰা, নিৰুমপা মহন্ত, মণিকুন্তলা ভট্টাচাৰ্য আদি সকলৰ সাম্প্ৰতিক সৃষ্টিত নতুন সামাজিক মতবাদ সৃষ্টি কৰাৰ প্ৰয়াস মন কৰিবলগীয়া ৷

সমাজচেতনাই অসমীয়া উপন্যাসক সদায়ে স্পন্দিত কৰি ৰাখিছে ৷ ইয়াৰ পাছতে অসম গ্ৰন্থমেলাৰ বাকৰিত জুবিন গাৰ্গ সোঁৱৰণী অস্থায়ী প্ৰেক্ষাগৃহত অনুষ্ঠিত সন্ধিয়াৰ সাংস্কৃতিক প্ৰতিযোগিতাত আজি অংশগ্ৰহণ কৰে গৰুমৰা হাইস্কুল, যোৰহাট, এন্‌কেম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল আৰু যোৰহাট কৃষি বিশ্ববিদ্যালয়ে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!