অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

LDM: গোগামুখত এলডিএমৰ নৱম বাৰ্ষিক অধিৱেশনৰ সামৰণি

Spread the love

সহস্ত্ৰ আন্দোলনে কোনো জাতিৰ উন্নয়ন সাধন কৰিব নোৱাৰে

গোগামুখত এলডিএমৰ নৱম বাৰ্ষিক অধিৱেশনৰ সামৰণি

DD TIMES গোগামুখ, ২৯ নৱেম্বৰঃ সহস্ত্ৰ আন্দোলনে কোনো জাতি বা জনগোষ্ঠীৰ সমস্যা সমাধান কৰিব নোৱাৰে ৷ বিশ্বৰ প্ৰান্তে প্ৰান্তে যিবোৰ সহস্ত্ৰ আন্দোলনৰ জৰিয়তে নিজৰ প্ৰাপ্য আদায়ৰ প্ৰচেষ্টা চলাই আহিছে এই আন্দোলনবোৰ সাময়িকভাৱে সফল হ’লেও ই স্থায়ী হ’ব পৰা নাই।

সহস্ত্ৰ আন্দোলনে বাস্তৱিকতে এখন দেশ বা জাতি বা সমাজক অশান্তি আৰু বিশৃংখলতাৰে সৃষ্টি কৰে। অৰ্থনৈতিক বাবে একো একোটা জাতিক কোঙা কৰি পেলায়। আমি শান্তিপ্ৰিয় মিচিং জাতি ৷

অস্ত্ৰৰ ৰজনজনীৰ ইতিহাস মিচিং সমাজত নাই আৰু বৰ্তমানো আমি নিবিচাৰোঁ ৷ এই মন্তব্য মিচিং বাঃনৗ কৗবাঙৰ সভাপতি পৰমানন্দ চায়েঙীয়াৰ ৷

ধেমাজি জিলাৰ গোগামুখৰ চেতিয়া গাঁওস্থিত মিচিং স্বায়ত্তশাসিত পৰিষদৰ গ্ৰাম্য  জীৱন-জীৱিকা সমল কেন্দ্ৰত অনুষ্ঠিত হোৱা বিদ্ৰোহী সংগঠন লিবাৰেল ডেম’ক্ৰেটিক কাউন্সিল অফ মিচিংলেণ্ড চমুকৈ এল ডি চি এমৰ নৱম সংখ্যক অভিবৰ্তনৰ মুকলি সভাত তেওঁ এই মন্তব্য আগবঢ়ায় ৷

এল ডি চি এম সন্দৰ্ভত তেওঁ লগতে কয়- এল ডি চি এমে এটা সময়ত সহস্ত্ৰ পন্হা লৈ সুকীয়া মিচিং ৰাজ্যৰ দাবী তুলিছিল ৷ কিন্তু মিচিং জনগোষ্ঠীৰ বাবে সহস্ত্ৰ আন্দোলন সুবিধাজনক নহয় ৷ ভৌগলিক আৰু সামাজিক দিশৰ পৰাও সহস্ত্ৰ আন্দোলনক সমৰ্থন নকৰে৷

এনে পৰিপ্ৰেক্ষিতত মিচিং বাঃনৗ কৗবাঙৰ উদ্যোগত আৰু আন মিচিং জাতীয় সংগঠনৰ সহযোগত এল ডি চি এমক শান্তিপূৰ্ণ সহাৱস্থানলৈ ঘুৰাই অনা হৈছে ৷ এল ডি চি  এমে এতিয়া মিচিং জাতীয় সংগঠনসমূহৰ লগত শান্তিপূৰ্ণ সহাৱস্থান কৰি একেলগে অৰ্থনৈতিক আৰু সাংস্কৃতিক আন্দোলনৰ লগত জৰিত হৈ পৰিছে ৷

এল ডি চি এমৰ এই কাৰ্য অতি প্ৰশংসনীয় বুলি তেওঁ দোহাৰে ৷ সহস্ত্ৰ আন্দোনলনক লৈ তেওঁ কয়- লংকাৰ উগ্ৰবাদী সংগঠন এল টি টি ইৰ দৰে যুদ্ধৰ বাবে সকলো সামগ্ৰী থকা এটা সংগঠনে আজি অস্তিত্বহীন হৈ পৰিল, বিশ্বৰ বুকুৰ পৰা এল টি টি ইৰ নাম মচি গ’ল ৷

এনেক্ষেত্ৰত আমাৰ দৰে আৰ্থিকভাৱে পিছপৰৰ ক্ষুদ্ৰ মিচিং জনগোষ্ঠী সহস্ত্ৰ আন্দোলন পোষণ কৰাটো আকাশত চাং পতাৰ দৰেই হ’ব ৷

আমি এইকাৰণে কেৱল স্বায়ত্তশাসনেই বিচৰা নাই, আমাৰ প্ৰধান উদ্দেশ্য হৈছে স্বায়ত্তশাসনৰ লগতে সুন্দৰ প্ৰগতিশীল সমাজ গঢ়ি তোলা ৷

আমাক আলফাকে ধৰি অসমৰ বহু সহস্ত্ৰ সংগঠনে অস্ত্ৰ আন্দোলনৰ বাবে আমন্ত্ৰণ জনাইছিল ৷ কিন্তু আমি এই আমন্ত্ৰণ বাৰে বাৰে নাকচ কৰি আহিছোঁ ৷ আমাৰ নৱপ্ৰজন্মই যদি কিতাপৰ পাঠ লুটিয়াই নাচাই, অৰ্থনৈতিকভাৱে সবল নহয়, সাংস্কৃতিকভাৱে চহকী নহয় তেন্তে আমি সুকীয়া ৰাজ্য গঠন কৰিও একো লাভ নহ’ব৷

আমি যিমানদূৰ পাৰোঁ সাংস্কৃতিক, শৈক্ষিক আৰু অৰ্থনৈতিক দিশতে যুৱ প্ৰজন্মক টনকিয়াল কৰিব বিচাৰিছোঁ  বুলি চায়েঙীয়াই মন্তব্য দিয়ে ৷

অভিবৰ্তনত উপস্থিত থাকে টি এম পি কেৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক চান কুমাৰ পাংগিং, টি এম এম কেৰ সভানেত্ৰী ইন্দিৰা চিন্তে, সম্পাদিকা শৰ্মিলা পায়েং পেগু, এম এম কেৰ জেষ্ঠ নেতা ৰাজু পেগুৱে ৷

ইয়াৰ পূৰ্বে পুৱা এল ডি চি এমৰ পতাকা উত্তোলন কৰে এল ডি চি এমৰ জেষ্ঠ নেতা সুভ পেগুৱে ৷ মুকলি সভাৰ আদৰণি ভাষণ দিয়ে এল ডি চি এমৰ প্ৰধান জয়ন্ত পাতিৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!