Laying of foundation Stone: বঢ়মপুৰৰ দুখন হাস্পতালৰ নতুন গৃহৰ শিলান্যাস মন্ত্ৰী অশোক সিংঘালৰ
বঢ়মপুৰৰ দুখন হাস্পতালৰ নতুন গৃহৰ শিলান্যাস মন্ত্ৰী অশোক সিংঘালৰ

DD TIMES বঢ়মপুৰ, ১০ জানুৱাৰীঃ নগাঁৱৰ কঠীয়াতলী আঞ্চলিক খেলপথাৰত অসম চৰকাৰৰ স্বাস্থ্য, পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংঘালে আজি কঠীয়াতলী আৰু চামগুৰিৰ দুখনকৈ হস্পিতালৰ একে সময়তে শিলান্যাস কৰে।
সভাত বিধায়ক জিতু গোস্বামীয়ে নিজৰ ভাষণ প্ৰসংগত কঠীয়াতলী আৰু চামগুৰিত দুখনকৈ নতুন হাস্পতালৰ গৃহৰ শিলান্যাস কৰি বঢ়মপুৰ সমষ্টিৰ স্বাস্থ্যৰ ক্ষেত্ৰত আমূল পৰিবৰ্তন সাধনৰ ব্যৱস্থা কৰাৰ বাবে মন্ত্ৰী গৰাকীক ধন্যবাদ জ্ঞাপন কৰে।
কঠীয়াতলী স্বাস্থ্য কেন্দ্ৰৰ বাৰিষাৰ সময়ত পানী সোমাই স্বাস্থ্য সেৱা ব্যাহত হোৱা প্ৰত্যক্ষ কৰি মন্ত্ৰী গৰাকীক বিষয়টো অবগত কৰাত ২.৫ কোটি আবন্টন লাভ কৰিবলৈ সক্ষম হোৱাত বিধায়কগৰাকীয়েও আনন্দ অনুভৱ কৰিছে।
গোস্বামীয়ে সগৌৰৱে ঘোষণা কৰে যে বৰ্তমান সময়ত বঢ়মপুৰ সমষ্টিত সকলো পথৰ উন্নয়ন হোৱাৰ বাবে বানপানীৰ সমস্যাটো ইতিহাস হৈ পৰিছে। এতিয়া বঢ়মপুৰ সমষ্টিৰ সৰ্বত্ৰে কেৱল উন্নয়নহে ৰাইজে দেখিবলৈ পাইছে।
ইফালে চামগুৰিত হোৱা হস্পিতালখনৰ শিলান্যাস হোৱাৰ লগতে কামপুৰ, চাপানালা আৰু যমুনামুখ হস্পিতাল তিনিখনৰো উন্নয়ন সাধিব বুলি আজি স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰাত বঢ়মপুৰ সমষ্টিত স্বাস্থ্যৰ ক্ষেত্ৰত ন দিগন্তৰ সূচনা হ’ব বুলি আশা কৰা হৈছে।
মন্ত্ৰী অশোক সিংঘালে কৰ্মপটু আৰু সুদক্ষ বিধায়ক জিতু গোস্বামীৰ প্ৰশংসা কৰি কয় যে জিতু গোস্বামীৰ নেতৃত্বত বঢ়মপুৰ সমষ্টিৰ ৰাইজে যি উন্নয়নৰ মুখ দেখিবলৈ পাইছে পুনৰবাৰ ৰাইজে মৰম কৰিলে বঢ়মপুৰ সমষ্টিত একো সমস্যাই নাথাকিব।
তেওঁ কয় যে দুৰ্নীতিমুক্ত চৰকাৰ, দুৰ্নীতিমুক্ত মুখ্যমন্ত্ৰী আৰু দুৰ্নীতিৰ আশ্ৰয় নোলোৱা এজন কৰ্মযোগী বিধায়কৰ দ্বাৰা বঢ়মপুৰ সমষ্টিৰ সৰ্বত্ৰে উন্নয়ন হ’বই বুলি মন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয়। কামপুৰ এফ আৰ ইউৰ সহকাৰী আঁচনি প্ৰবন্ধক বিশ্বজিৎ বৰাই আঁতধৰা সভাখনত।
সভাত কলিয়াবৰ জিলা বিজেপিৰ সভাপতি বাবুল বৰাই ভাষণ প্ৰদান কৰি কয় যে অসমৰ কৰ্মপটু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ পদক্ষেপত আৰু বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ সবল নেতৃত্বত ১৬ বছৰৰ পিছত যি উন্নয়নৰ জোৱাৰ দেখিবলৈ পাইছে সেয়া অত্যন্ত আনন্দৰ বিষয় হিচাপে গণ্য কৰিব পাৰি।
সভাত তিৱা স্বায়ত্ব পৰিষদৰ অধ্যক্ষ মদন বৰদলৈ, কলিয়াবৰ জিলা বিজেপিৰ সাধাৰণ সম্পাদক অৰবিন্দ চৌধুৰী, নগাঁও জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ পঞ্চম কুমাৰ বৰা, কঠীয়াতলী আঞ্চলিক পঞ্চায়ত সভাপতি বৰ্ণালী শইকীয়া, বঢ়মপুৰ আঞ্চলিক পঞ্চায়ত সভাপতি নিপেন খাকলাৰী, কঠীয়াতলী মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডাঃ ৰমেন বেজবৰুৱা, মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডাঃ ইমৰান হুছেইন, জিলা আঁচনি প্ৰবন্ধক অৰ্নিবাণ বৰঠাকুৰ, কঠীয়াতলী খণ্ড আঁচনি প্ৰবন্ধক প্ৰাণদীপ নাথ, বামুণী মণ্ডল বিজেপিৰ সভাপতি অভিষেক সোম, কামপুৰ মণ্ডল বিজেপিৰ সভাপতি ৰাতুল বৰা, পুৰণিগুদাম মণ্ডল বিজেপিৰ সভাপতি নিতু মুদৈ, কঠীয়াতলী গাঁও পঞ্চায়ত সভাপতি অঞ্জনা ভূঞা, কলিয়াবৰ জিলা চাহ মৰ্চাৰ সভাপতি বিজু ৰৌতিয়া, জনজাতি মৰ্চাৰ সভাপতি উজ্জ্বল বৰদলৈ, বিজেপিৰ নেতা নৃপেন চন্দ্ৰ শৰ্মাৰ লগতে আঞ্চলিক পঞ্চায়ত সদস্য সকল, পঞ্চায়ত সভাপতি সকল, মহিলা গোটৰ সভানেত্ৰী আৰু সদস্যা সকল, বিজেপিৰ নেতা কৰ্মী সকলৰ লগতে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

