Langhin in Karbi Anglong: কাৰ্বি আংলঙৰ লাংহিনত বড়ো শ্বহীদ কাপ ফুটবল আৰম্ভ
কাৰ্বি আংলঙৰ লাংহিনত বড়ো শ্বহীদ কাপ ফুটবল আৰম্ভঃ উদ্বোধনী খেলত জেবিএফচিৰ অগ্ৰগতি

DD TIMES ধিং, ২৮ নৱেম্বৰঃ কাৰ্বি আংলং জিলাৰ বড়ো শ্বহীদ ন্যাসৰ সৌজন্যত আৰু লাংহিন তিনিআলি ক্ৰীড়া সন্থাৰ ব্যৱস্থাপনাত বৃহস্পতিবাৰৰ পৰা লাংহিনৰ গৰৈমাৰী ষ্টেডিয়ামত ২৮ সংখ্যক বড়ো শ্বহীদ কাপ ফুটবল প্ৰতিযোগিতাখনি আৰম্ভ হৈছে৷

সদৌ অসম ভিত্তিত আয়োজিত আমন্ত্ৰণমূলক এই প্ৰতিযোগিতাৰ উদ্বোধনী খেলত নগাঁৱৰ জে বি এফ চিয়ে পশ্চিম কাৰ্বি আংলঙৰ ডংকাম’কামৰ এফ চি ৰংবিনক ২- ১ গ’লত পৰাজিত কৰে৷
বিৰতিলৈকে গ’লশূণ্যভাৱে থকা খেলখনৰ ৬১ মিনিটত এফ চি ৰংবিনৰহৈ থিপে গ’ল দি নিজ দলক প্ৰথমে অগ্ৰগতি দিছিল যদিও ৮৭ মিনিটত জে বি এফ চিৰহৈ মধুচন্দ্ৰ বৰদলৈয়ে দিয়া গ’লৰে সমতাস্থাপিত হয়৷
তাৰ পিছতে খেলৰ ইনঞ্জিয়ৰী টাইমত জে বি এফ চিৰহৈ বিভানজ্যোতি লস্কৰে গ’ল দি নিজ দলৰ বিজয় নিশ্চিত কৰে৷ বিশিষ্ট ক্ৰীড়া সংগঠক নাৰায়ণ বসুমতাৰী মেচ কমিচনাৰ আৰু ৰাজেন্দ্ৰ বসুমতাৰী ৰেফাৰী এচেচ’ৰৰূপে থকা আজিৰ খেলখন পৰিচালনা কৰাত ৰেফাৰী ধ্ৰুৱজ্যোতি কলিতাক সহায় কৰে শংকৰ টেৰাং, অমন বৰদলৈ আৰু অংকুৰ কলিতা ( চতুৰ্থ ) ই৷
কছাৰী সমাজৰ কাৰ্বি আংলং জিলা সমিতিৰ সাধাৰণ সম্পাদক সোণাৰাম বসুমতাৰীয়ে আজিৰ খেলৰ শ্ৰেষ্ঠ খেলুৱৈৰূপে পৰিগণিত হোৱা জে বি এফ চিৰ বিভানজ্যোতি লস্কৰক বঁটা প্ৰদান কৰে৷
কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য বিলিমোহন খাখলাৰীয়ে মুখ্য অতিথিৰূপে আজি প্ৰতিযোগিতাখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ উপৰি আন অতিথিসকলৰ সৈতে দুয়োদলৰ খেলুৱৈ তথা ৰেফাৰীসকলৰ লগত চিনাকি হয়৷
আড়ম্বৰপূৰ্ণ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি বিলিমোহন খাখলাৰীৰ উপৰি কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য শৰৎ ব্ৰহ্ম, সাহিত্য একাডেমী বঁটাপ্ৰাপক প্ৰেমানন্দ মুছাহাৰী, বড়ো শ্বহীদ ন্যাসৰ সভাপতি শান্তনু বসুমতাৰী, লাংহিন তিনিআলি ক্ৰীড়া সন্থাৰ সভাপতি ৰত্নাকৰ স্বৰ্গীয়াৰী আৰু বড়ো অগ্ৰণী সংগঠনৰ বিষয়ববীয়াসকল তথা বড়ো শ্বহীদসকলৰ পৰিয়ালবৰ্গৰ লোকসকল সন্মানীয় অতিথিৰূপে উপস্থিত থাকে৷
উদ্বোধনেী অনুষ্ঠানত আকৰ্ষণীয় সাংস্কৃতিক কাৰ্যসূচীও সমাপন হয়৷ বড়ো শ্বহীদ ন্যাসৰ সাধাৰণ সম্পাদক কিৰণ বসুমতাৰী আৰু লাংহিন তিনিআলি ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক টংকেশ্বৰ খাখলাৰীয়ে জানিবলৈ দিয়ামতে, শুক্ৰবাৰৰ খেলত ডিফুৰ কাছা এফ চি চিয়ে ফুলনি এছ এৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্ব্বিতা আগবঢ়াব৷

