LAKHIMPUR BOOK FAIR: বৰ্ষণমুখৰ পৰিৱেশ নেওচি অসম গ্ৰন্থমেলা, লখিমপুৰত পুথিপ্ৰেমীৰ সমাগম
বৰ্ষণমুখৰ পৰিৱেশ নেওচি অসম গ্ৰন্থমেলা, লখিমপুৰত পুথিপ্ৰেমীৰ সমাগম
আলোচনা সত্ৰঃ পদ্মনাথ গোহাঞিবৰুৱা আৰু অসমৰ সমসাময়িক বৌদ্ধিক সমাজ
বৌদ্ধিক সমাজৰ নিৰ্মাতা আছিল গোহাঞিবৰুৱাঃ ড° মুকুন্দ ৰাজবংশী
গোহাঞিবৰুৱাই অসমীয়া ভাষা আৰু বৌদ্ধিক জগতৰ গুৰি ধৰিছিলঃ ড° অৰবিন্দ ৰাজখোৱা
ড° অমিয়া ৰাজবংশীৰ গ্ৰন্থ “বিজ্ঞানৰ সুৰভি” উন্মোচন

DD TIMES লখিমপুৰ, ২ নৱেম্বৰঃ ৰাজ্য চৰকাৰে ঘোষণা কৰা ‘গ্ৰন্থ-বৰ্ষ’ৰে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই লখিমপুৰত আয়োজন কৰা অসম গ্ৰন্থমেলা লেখক-পাঠকসকলৰ বাবে আকৰ্ষণীয় হৈ পৰিছে ৷
আজি বৰ্ষণমুখৰ পৰিৱেশকো নেওচি লখিমপুৰ কমাৰ্চ কলেজৰ স্প’ৰ্টছ কম্প্লেক্সত অনুষ্ঠিত গ্ৰন্থমেলাত পৰিলক্ষিত হয় পুথিপ্ৰেমীৰ সমাগম ৷ বিয়লি ২-৩০ বজাত অসম গ্ৰন্থমেলাৰ জুবিন গাৰ্গ সোঁৱৰণী প্ৰেক্ষাগৃহত আয়োজন কৰা হয় ‘পদ্মনাথ গোহাঞিবৰুৱা আৰু অসমৰ সমসাময়িক বৌদ্ধিক সমাজ’ শীৰ্ষক আলোচনা সত্ৰ ৷

সত্ৰখন উদ্বোধন কৰি বিশিষ্ট লেখক, শিক্ষাবিদ, লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° মুকুন্দ ৰাজবংশীয়ে কয় যে বাংলা ভাষাৰ আগ্ৰাসনে অসমীয়া ভাষাৰ ওপৰত চাপ সৃষ্টি কৰা সময়ছোৱা আছিল অতি সংকটজনক ৷

এই ভাষিক সংকটৰ পৰা অসমীয়া ভাষাক মুক্ত কৰি সমৃদ্ধ কৰাৰ যি কষ্টসাধ্য পৰ্ব সেই পৰ্বটোৰ অন্যতম পুৰোধা আছিল পদ্মনাথ গোহাঞিবৰুৱা ৷ তেওঁ সেইসময়ৰ বৌদ্ধিক সমাজকখনক নেতৃত্ব দিছিল ৷ এনে এগৰাকী মহান ব্যক্তিয়ে লখিমপুৰত জন্ম গ্ৰহণ কৰাটো আমাৰ বাবে গৌৰৱৰ কথা ৷
সত্ৰখন সঞ্চালনা কৰে বিশিষ্ট লেখক-সমালোচক, নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডা° অৰবিন্দ ৰাজখোৱাই ৷ তেওঁ কয় যে এয়া এটি গুৰুত্বপূৰ্ণ বিষয় ৷ বৰ্তমানৰ যি প্ৰজন্ম, তেওঁলোকক শিপাৰ পৰা বিছিন্ন কৰিবলৈ বিভিন্ন উপাদান আছে ৷
ইয়াৰ বিপৰীতে এনেধৰণৰ আলোচনা সত্ৰই তেওঁলোকৰ বাবে আশাৰ বাৰ্তা প্ৰেৰণ কৰিব পাৰে ৷ পদ্মনাথ গোহাঞিবৰুৱাই অসমীয়া ভাষা আৰু বৌদ্ধিক জগতৰ গুৰি ধৰিছিল ৷
অসমীয়া ভাষা উন্নতি সাধিনী সভা যে আজিও জীয়াই আছে তাৰ কাৰণ পদ্মনাথ গোহাঞিবৰুৱা ৷ কুৰি শতিকাৰ অসমীয়া বৌদ্ধিক জগত নিৰ্মাণত গোহাঞিবৰুৱাৰ অৱদান অপৰিসীম ৷
ইয়াত আলোচকৰূপে অংশগ্ৰহণ কৰে বিশিষ্ট লেখক, লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ উপাধ্যক্ষ চাজ্জাদ হুছেইনে ৷ তেওঁ কয় যে পদ্মনাথ গোহাঞিবৰুৱাই দুটা শতিকাৰ সময় দেখিছে ৷ ১৯ শতিকা আৰু কুৰি শতিকাৰ কেইটামান দশকৰ সামাজিক ৰূপান্তৰ তেওঁ দেখিছে ৷
১৮৭১চনৰ পৰা ১৯৪৪ চনলৈ , এই সময়ছোৱা ভাষিক আৰু সামাজিক উভয় ক্ষেত্ৰৰে ভিন্ন উত্থান-পতনৰ সময়৷
সেই সময়তে তেওঁ সাহিত্য চৰ্চা কৰিছিল ৷ লাহৰী, ভানুমতি, টেটোন তামুলী আদি ৰচনাৱলীত পদ্মনাথ গোহাঞিবৰুৱাৰ বৌদ্ধিক চৰ্চাৰ উমান পোৱা যায় ৷ তেওঁ যথাৰ্থতে এগৰাকী যুগদ্ৰষ্টা সাহিত্যিক আৰু বুদ্ধিজীৱি ৷
আন এগৰাকী আলোচক, তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড° জ্যোতিস্মান দাসে কয় যে সেইসময়ৰ কলিকতালৈ পঢ়িবলৈ গৈ পদ্মনাথ গোহাঞিবৰুৱাই কোনো ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হোৱা নাছিল ৷
ডিগ্ৰীৰ পৰিৱৰ্তে এটি ডাঙৰ উপলব্ধি লৈ তেওঁ কলিকতাৰ পৰা উভতিছিল ৷ তেওঁ অনুভৱ কৰিছিল যে ভাষা-সাহিত্য আৰু বৌদ্ধিক সমাজ এখন গঠন কৰাত অসম আৰু অসমীয়াসকল স্থবিৰ হৈ আছিল ৷ সেয়ে তেওঁ অসমত জ্ঞান চৰ্চাৰ পৰিৱেশ, বৌদ্ধিক পৰিগাঁথনি আৰম্ভ কৰাৰ প্ৰয়াস কৰিছিল ৷
পদ্মনাথ গোহাঞিবৰুৱাৰ সমগ্ৰ জীৱন আৰু কৰ্ম ভাষিক আৰু বৌদ্ধিকভাৱে অসমখনক শক্তিশালী কৰাৰ বাবেই সমৰ্পিত হৈছিল ৷ পদ্মনাথ গোহাঞিবৰুৱাৰ জৰিয়তে অসমৰ সমাজ-জীৱনে বিশ্বদৃষ্টি লাভ কৰিব পাৰিছিল ৷
একেদৰে আলোচক, ডিব্ৰুগড়ৰ মনোহাৰী দেৱী কানৈ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° চন্দনজ্যোতি চুতিয়াই কয় যে পদ্মনাথ গোহাঞিবৰুৱা বুলিলে মনলৈ আহে উনবিংশ শতিকাৰ অসমৰ সমাজ নিৰ্মাণৰ প্ৰক্ৰিয়াটো ৷ ভাষিক আৰু সাংস্কৃতিক জাতীয়তাবাদ গঢ়ি তোলাৰ সংগ্ৰামৰ সেই সময় ৷
পাঠ্যপুথি প্ৰণয়ন, শিক্ষাৰ বিস্তাৰ, সাহিত্যৰ ভেটি নিৰ্মাণ, সাহিত্যৰ চৰ্চা আৰু বৌদ্ধিকতাৰ অনুশীলন, এই সকলোতে গোহাঞিবৰুৱাৰ বিচৰণ আছিল ৷ কেৱল বিচৰণেই নহয়, এই আটাকেইটা প্ৰেক্ষাপটত তেওঁ ত্যাগেৰে কাম কৰিছিল ৷ কলিতালৈ গৈ তেওঁ ডিগ্ৰীৰ পৰিৱৰ্তে বৌদ্ধিক পৰিমণ্ডল এটা অসমলৈ কঢ়িয়াই আনিছিল ৷
আধুনিক চিন্তা-চৰ্চাৰে অসমৰ সমাজ-জীৱন সমৃদ্ধ কৰাত পদ্মনাথ গোহাঞিবৰুৱাৰ অৱদান কিমান গভীৰ সেয়া নতুন প্ৰজন্মই জনাৰ বাবে এনে আলোচনা সত্ৰৰ অতিকে প্ৰয়োজন ৷ অসম প্ৰকাশন পৰিষদে অসম গ্ৰন্থমেলাৰ বাকৰিত এনে কাৰ্যসূচী ৰূপায়ণ কৰি দায়িত্বশীলতাৰ পৰিচয় দিছে ৷
ইয়াৰ দ্বাৰা নতুন প্ৰজন্ম নিশ্চয় অনুপ্ৰাণিত হ’ব ৷ ইয়াৰ পাছতে অসম গ্ৰন্থমেলা, লখিমপুৰৰ দ্বিতীয় দিনৰ সাংস্কৃতিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে উত্তৰ লখিমপুৰ নগৰ উচ্চ মাধ্যমিক বিদ্যালয়, ইয়াৰ ছেইন্ট মেৰি’জ স্কুল আৰু লখিমপুৰ এল টি কে কলেজে ৷
ইপিনে আজি অসম গ্ৰন্থমেলা, লখিমপুৰত উন্মোচিত হয় ড° অমিয়া ৰাজবংশীৰ গ্ৰন্থ “বিজ্ঞানৰ সুৰভি” ৷ গ্ৰন্থখন উন্মোচন কৰে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই ৷

