অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Lachit Day celebrations: ঢকুৱাখনাত বিজেপিৰ অ’বিচি মৰ্চাৰ লাচিত দিৱস পালন

Spread the love

ঢকুৱাখনাত বিজেপিৰ অ’বিচি মৰ্চাৰ লাচিত দিৱস পালন


পুৱাই হাবুং চাও চেং ৰেণত পূজা-সেৱা


জিলা বিজেপিৰ কাৰ্যালয়ত আলোচনা সত্ৰ

DD TIMES ঢকুৱাখনা, ২৪ নৱেম্বৰঃ আজি মহাবীৰ লাচিত বৰফুনৰ ৪০৩ সংখ্যক জন্ম দিৱসটি সমগ্ৰ ৰাজ্যৰ লগতে ঢকুৱাখনাতো অ’বি,চি মৰ্চাৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়।

উল্লেখ্য আজি পুৱাই ঐতিহাসিক হাবুং চাও চেং ৰেণত পূজা-সেৱা কৰি লাচিত দিৱসৰ প্ৰথমটো কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৰাজ্যিক বিজেপিৰ অবিচি মৰ্চাৰ সভাপতি সুভাষ দত্তই।

ইয়াৰ পিছতেই ঢকুৱাখনা জিলা বিজেপিৰ কাৰ্যালয়ত মূল
কাৰ্যসূচীৰ আয়োজন কৰা হয়। অসমীয়া মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনাই বন্তি প্ৰজ্বলন কৰে ঢকুৱাখনা জিলা বিজেপিৰ সভাপতি স্বৰূপ কোঁৱৰে।

ঢকুৱাখনা জিলা বিজেপিৰ অবিচি মৰ্চাৰ সভাপতি দেবেন গগৈৰ সঞ্চালনাত অনুষ্ঠিত মুকলি সভাখনি উদ্ধোধন কৰে ঘিলামৰা শংকৰদেৱ শিশু নিকেতনৰ শিক্ষাৰ্থীয়ে এটি নৃত্যৰে।

দিনৰ ১১ বজাৰ পৰা আৰম্ভ হোৱা লাচিত দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকি সমল ব্যক্তিৰূপে বক্তব্য আগবঢ়াই-অসম ৰাজ্যিক বিজেপিৰ সদস্য প্ৰদীপ চমুৱা,আৰু ঢকুৱাখনা তাই সাংস্কৃতি বিকাশ আৰু গৱেষণা কেন্দ্ৰৰ সভাপতি জীতেন গগৈয়ে।

ঢকুৱাখনা জিলা অবিচি মৰ্চাৰ সাধাৰণ সম্পাদক মানিক চুতীয়াই আঁত ধৰা এই লাচিত দিৱসৰ মুল অনুষ্ঠানত অতিথিৰূপে উপস্থিত থাকে লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী ছোনিয়া বৰগোঁহাই, বিজেপিৰ অসম ৰাজ্যিক আই,টি, চেল’ৰ পলিচি এণ্ড ৰিচৰ্ছ চেলৰ কনভেনৰ ড° খনীন্দ্ৰ দত্ত, ঢকুৱাখনা সম জিলা অবিচি বৰ্ডৰ চেয়াৰমেন হেমন্ত গগৈ,পশ্চিম ঢকুৱাখনা মণ্ডল বিজেপিৰ সভাপতি বিষ্ণু দত্ত, ঘিলামৰা মণ্ডল বিজেপিৰ সভাপতি শোভন দত্তকে আদি বহুসংখ্যক বিশেষ ব্যক্তি উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!