অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Kolongporiya Kabi Sanmilon: কলংপৰীয়া কবি সন্মিলনৰ দ্বি-বাৰ্ষিক অধিৱেশন

Spread the love

অসম কবি সন্মিলনৰ অন্তৰ্গত ‘কলংপৰীয়া কবি সন্মিলন’, নগাঁও সদৰ শাখাৰ প্ৰথম দ্বি-বাৰ্ষিক অধিৱেশন

DD TIMES বঢ়মপুৰ, ১৬ ডিচেম্বৰঃ ‘অসম কবি সন্মিলন’ৰ অন্তৰ্গত ‘কলংপৰীয়া কবি সন্মিলন’, নগাঁও সদৰ শাখাৰ প্ৰথম দ্বি-বাৰ্ষিক অধিবেশনখনি যোৱা ১৩ ডিচেম্বৰত নগাঁৱৰ খাগৰিজান মহাবিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়।

পুৱা পতাকা উত্তোলনেৰে দিনটোৰ কাৰ্যসূচী মুকলি কৰে ‘কলংপৰীয়া কবি সন্মিলন’, নগাঁও সদৰ শাখাৰ সভাপতি ডঃ দিলীপ শৰ্মাই। স্মৃতি তৰ্পণ কৰে শাখাৰ কাৰ্যকৰী সভাপতি ৰিণি নেওগ বৰাই। ইয়াৰ পিছতে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে লেখক নবীন কলিতাই।

ইয়াৰ অন্তত এখনি প্ৰতিনিধি সভা অনুষ্ঠিত হয়। সভাত পুৰণা সমিতিখন ভঙ্গ কৰি নতুন সমিতি গঠন কৰা হয়। সেই অনুসৰি, ডঃ দিলীপ শৰ্মাক সভাপতি আৰু বেলা মোদীক সম্পাদক হিচাপে পুনৰবাৰ সভাই দায়িত্বভাৰ অৰ্পণ কৰে।

দুপৰীয়া অনুষ্ঠিত হোৱা কবিতা পাঠৰ এক অনুষ্ঠানত দুকুৰিৰো অধিক কবিয়ে অংশগ্ৰহণ কৰি স্ব-ৰচিত কবিতা পাঠ কৰে। অনুষ্ঠানত সমীক্ষক হিচাপে অংশ লয় ‘অসম কবি সন্মিলন’ৰ কাৰ্যকৰী সভাপতি ত্ৰিদিৱ লস্কৰে। কবিতা পাঠ অনুষ্ঠানৰ পিছতে অনুষ্ঠিত হয় এখনি মুকলি সভা।

যোগমিত মহন্তৰ দ্বাৰা বৰগীত পৰিৱেশনেৰে মুকলি কৰা সভাখনত সভাপতিত্ব কৰে শাখাৰ সভাপতি ডঃ দিলীপ শৰ্মাই। অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰিণি নেওগ বৰাই আদৰণি ভাষণ প্ৰদান কৰা এই সভাত অধিবেশনৰ সৈতে সংগতি ৰাখি লেখক নবীন কলিতাৰ দ্বাৰা সম্পাদিত ‘ক্লং’ নামৰ এখনি স্মৰণিকা উন্মোচন কৰে খাগৰিজান মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰমেশ নাথে।

উক্ত সভাতে লেখিকা তথা অৱসৰপ্রাপ্ত শিক্ষয়িত্ৰী কাবেৰী মহন্তৰ ‘মনীষী বিচিত্ৰা আৰু অন্যান্য’ শীৰ্ষক এখনি গ্রন্থ উন্মোচন কৰে ডঃ দিলীপ শৰ্মাই।

সভাত বিশিষ্ট অতিথি হিচাপে নগাঁও জিলা কবি সন্মিলনৰ সভাপতি শ্ৰুতিমালা গায়ন বৰা, সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টাদ্বয় নৱ মহন্ত, নাৰায়ণ কলিতাই ভাষণ প্ৰদান কৰে।

সভাত সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা চন্দ্ৰ শইকীয়া, জিতেন শৰ্মা, যুটীয়া সম্পাদক কবিন ভাগৱতী, পত্ৰিকা সম্পাদক হিমাদ্ৰী হাজৰিকাৰ উপৰি গৌৰীবল্লভ গোস্বামী, চিনু কাকতি, দিপালী মহন্ত, প্ৰদীপ শইকীয়া, চন্দ্ৰ শইকীয়া, অশোকৰাম ভট্টাচাৰ্য, দুলাল বৰা, প্ৰফুল্ল শইকীয়া, কবিন ভাগৱতী, জেউতি হাজৰিকা, নাৰায়ণ কলিতা, মধু চৌধুৰী, হিমাদ্ৰী হাজৰিকা, ছাইদুল ইছলাম, প্ৰীতি চৌধুৰী, মুকুতা ৰাজা, ত্ৰিবেনী নাথ, কমল শৰ্মা, অঞ্জনা গোস্বামী, অনামিকা দেৱী, অৰূপ গোস্বামী, অংকিতা ভট্টাচাৰ্য, বীনা দাস, মালা মেধি কাকতি, জয়শ্ৰী মহন্ত, মিচিমি মহন্ত উপাধ্যায়, লখিমী মহন্ত, মঞ্জু দাস ৰাজকুমাৰী, জয়ন্ত কুমাৰ বৰা প্ৰমুখ্যে বহু গণ্য-মান্য লোক উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!