অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

KOLONGPAR: চকৰিগাঁৱত ‘কলংপৰীয়া শাখা সাহিত্য সভা’ৰ আলোচনা চক্ৰ

Spread the love

চকৰিগাঁৱত ‘কলংপৰীয়া শাখা সাহিত্য সভা’ৰ উদ্যোগত গীত-মাত-নৃত্যৰে মুখৰিত ৩২ সংখ্যক ‘সাঁকো আলোচনা চক্ৰ’ৰ সাহিত্যানুষ্ঠানঃ লেখিকা অমিয়া গোস্বামীৰ গ্ৰন্থ উন্মোচন

DD TIMES বঢ়মপুৰ, ২৮ অক্টোবৰঃ ‘অসম সাহিত্য সভা’ৰ অন্যতম অগ্ৰণী শাখা নগাঁৱৰ ‘কলংপৰীয়া শাখা সাহিত্য সভা’ৰ উদ্যোগত ‘সাঁকো আলোচনা চক্ৰ’ৰ ৩২ সংখ্যক বৈঠকখনি ২৬ অক্টোবৰৰ বিয়লি শাখাটোৰ প্ৰাক্তন উপ-সভাপতি তথা চকৰিগাঁও নিবাসী কুমুদ চন্দ্ৰ বৰাৰ বাসগৃহ প্ৰাংগণত অনুষ্ঠিত হয়।

কলংপৰীয়া শাখা সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি গোলাপ বৰাৰ সভাপতিত্বত আৰু সাঁকো আলোচনা চক্ৰৰ সঞ্চালক তথা অৱসৰপ্ৰাপ্ত অধ্যক্ষা ৰিণ্টু দাসৰ সঞ্চালনাত অনুষ্ঠিত হোৱা অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে ‘সাঁকো আলোচনা চক্ৰ’ৰ সম্পাদক বসন্ত কৌশিক ভাগৱতীয়ে।

সভাৰ আৰম্ভণিতে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে শাখাৰ প্ৰাক্তন সভাপতি ক্ৰমে কমলা কান্ত বৰা, শৈলেন্দ্ৰ গোস্বামী আৰু থুলেশ্বৰ বৰাই।

ইয়াৰ পিছতে ৰূবী বৰা, নৱমল্লিকা কাশ্যপ, দীপশিখা শৰ্মা, শিল্পীশিখা বৰা আৰু মিতালী বৰাৰ কণ্ঠত সুধাকণ্ঠ আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কেইবাটাও গীত পৰিৱেশনেৰে শিল্পী দুগৰাকীলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে।

সভাত জুবিন গাৰ্গৰ সম্পৰ্কত বিস্তৃতভাবে আলোকপাত কৰে বিশিষ্ট লেখক চিদানন্দ দেৱ গোস্বামীয়ে আৰু বিশ্ববৰেণ্য কণ্ঠশিল্পী ডঃ ভূপেন হাজৰিকাৰ বিষয়ে আলোচনা আগবঢ়ায় অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট লেখক মোহিনী মোহন ডেকাই।

নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ডঃ শৰৎ বৰকটকীয়েও সভাত অংশগ্ৰহণ কৰি এক মনোজ্ঞ ভাষণ প্ৰদান কৰে।

উক্ত সভাতে অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক ৰেৱত কুমাৰ হাজৰিকাই লেখিকা অমিয়া গোস্বামীৰ শিশু উপন্যাস “কুঁহেলিকা” উন্মোচন কৰি ভাষণ প্ৰদান কৰে।

অনুষ্ঠানৰ নিয়মীয়া শিতানত প্ৰিয়াঙ্কু শৰ্মা, ৰিন্টু দাস, জেউতি হাজৰিকা, দিপিকা বৰা, গোলাপ বৰা, মিনা বৰা, মালা বৰুৱা, অংকিতা ভট্টাচাৰ্য, খগেন্দ্ৰ নাথ, মাধবী দাস, কুমাৰ বিভূতি, বসন্ত কৌশিক ভাগৱতী, চিনু ৰাজখোৱা লস্কৰ, দিপালী দেৱী, বিজয়া তামুলী, পৰী নেওগ, দীপজ্যোতি শইকীয়া আদিয়ে ভিন্ন লেখা পাঠ কৰে।

অনুষ্ঠানত আবৃত্তি পৰিবেশন কৰে মল্লিকা শইকীয়া ফুকন, জুৰণি প্ৰিয়া বৰা, মোদিতা কলিতা আৰু প্ৰতিভা ভাগৱতীয়ে।

দিগন্ত ভাগৱতী, নৱমল্লিকা কাশ্যপ, শিশুশিল্পী দস্মিতা শইকীয়া আৰু দেবাংশ্ৰী বৰাই গীত পৰিৱেশনেৰে সজীৱ কৰি তোলা এই অনুষ্ঠানতে নৃত্য পৰিবেশন কৰে ক্ৰমে নয়না নন্দিনী বৰা, অভিলাষা শইকীয়া আৰু দেৱব্ৰত বৰাই।

নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ৰাজীৱ হাজৰিকা, সহঃসম্পাদক প্ৰিয়াঙ্কু শৰ্মা, পুনিৰাম শইকীয়া, ৰমেশ চন্দ্ৰ ভৰালী, মিত্ৰ কমল বৰা, বৈজয়ন্তী খাউণ্ড, কুশেশ্বৰ বৰা, আজিত কুমাৰ শৰ্মা, দিলীপ চন্দ্ৰ শইকীয়া, তৰামাই বৰা, নয়ন জ্যোতি নেওগ, মনীষা বৰকটকী, নিখিল কলিতা, প্ৰণৱ কুমাৰ বৰা, শিৱ প্ৰসাদ বৰাৰ লগতে নগাঁও জিলা সাহিত্য সভাৰ কেইবাটাও শাখাৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।

ইফালে, পঠিত লেখা সমূহৰ এটি চমু অৱলোকন আগবঢ়ায় গোলাপ বৰা (কনিষ্ঠ)ই। সভাৰ শলাগৰ শৰাই আগবঢ়ায় কুমুদ বৰাই।

শেষত সভাপতি আৰু সঞ্চালকৰ মন্তব্যৰ পাছতেই জাতীয় সংগীত পৰিৱেশনেৰে সভা ভঙ্গ কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!