KOLKATA: কলকাতাত শ্ৰীমন্ত শংকৰদেৱৰ আৰ্ৱিভাৱ জয়ন্তী উদযাপন অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ
কলকাতাত আয়োজিত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭সংখ্যক আৰ্ৱিভাৱ জয়ন্তী উদযাপন অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিলে ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন, পৰ্যটন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে
DD TIMES গুৱাহাটী, ১১ অক্টোবৰঃ ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন, পৰ্যটন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি পশ্চিম বংগৰ ৰাজধানী কলকাতা মহানগৰৰ হাজৰা মোৰত অৱস্থিত সুজাতা সদন হলত শ্ৰীমন্ত শংকৰদেৱ কনচিয়াচনেচ ছ’ছাইটি অৱ ইণ্ডিয়া, কলকাতাৰ দ্বাৰা আয়োজিত গুৰুজনাৰ ৫৭৭ সংখক আৱিৰ্ভাৱ জয়ন্তী উদযাপন অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি জগৎ গুৰুজনাৰ মহান আদৰ্শ,অনুপম সৃষ্টি,কৃষ্টি-সংস্কৃতি, কৰ্মৰাজিৰ বহল বাখ্যা কৰাৰ উপৰি ইয়াৰ ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে মহাপুৰুষ জনাই কেনদৰে নানা প্ৰতিকুল পৰিস্থিতি তথা প্ৰত্যাহ্বান নেওচি বৃহত্তৰ অসমীয়া জাতিৰ সুদৃঢ় ভেটি নিৰ্মাণ কৰি গৈছে তাৰ বিস্তৃত বাখ্য আগবঢ়ায়।
এই প্ৰসংগত তেওঁ কয় যে এগৰাকী আধ্যাত্মিক গুৰু হিচাপে তেৰাই জাতি, ধৰ্ম, বৰ্ণ, ভাষা, উচ্চ-নিচৰ ভেদাভেদ আতৰাই কৃষ্ণ সংস্কৃতিৰ মাধ্যমেৰে সকলো জনসাধাৰণৰ মাজত ভক্তিৰ নিজৰা বোৱাই দিছিল।
সাহিত্য কলা-সংস্কৃতিৰে বৃহত্তৰ সমাজখনক বিজ্ঞানসন্মত চেতনাৰে আগুৱাই নি এখন প্ৰগতিশীল সমাজ নিৰ্মাণৰ ভেটি গঢ় দিওতা এই গৰাকী জগৎ গুৰুৰ আদৰ্শ আৰু অনুপম সৃষ্টি তথা কৰ্মৰাজি সমগ্ৰ দেশৰ লগতে বিশ্বত প্ৰচাৰ আৰু প্ৰসাৰৰ বৃহৎ উদ্যোগ লোৱাৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰি তেওঁ শংকৰদেৱ কনচিয়াচনেচ ছ’ছাইটি, কলকাতাই লোৱা পদক্ষেপৰ শলাগ লয়।
অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত বিমলা প্ৰসাদ চলিহাৰ পৰিয়ালৰ সদস্য কলকাতা নিৱাসী ৰেখা চলিহা বসুৰ সভাপতিত্বত অনুষ্ঠিত এই অনুষ্ঠানত ঐতিহ্যমণ্ডিত মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰকে আদি কৰি কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰ, ডেকা সত্ৰাধিকাৰৰ উপৰি শ্ৰীমন্ত শংকৰদেৱ কনচিয়চনেচ্ ছ’ছাইটিৰ সম্পাদক সুজিত চক্ৰৱৰ্তীৰ লগতে বহু গণ্য-মান্য ব্যক্তি উপস্হিত থাকে।
অনুষ্ঠানত সুজিত চক্ৰৱৰ্তীৰ নিৰ্দেশনাত বাংলা ভাষাত প্ৰস্তুত কৰা গুৰুজনাৰ জীৱন আৰু দৰ্শনৰ আধাৰত নিৰ্মিত এখনি তথ্যচিত্ৰও আজি উন্মোচন কৰা হয়।

