অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

KKHSOU: তিনিমহীয়া লাইব্ৰেৰী ইন্টাৰশ্বিপ প্ৰগ্ৰেম মুকলি

Spread the love

KKHSOUৰ লাইব্ৰেৰী ইন্টাৰশ্বিপ প্ৰগ্ৰেম মুকলি

DD TIMES গুৱাহাটী, ১৫ অক্টোবৰঃ ১৪ অক্টোবৰৰ পৰা কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰে গুৱাহাটীৰ খানাপাৰাস্থিত বিশ্ববিদ্যালয় চৌহদত এটি তিনি মহীয়া লাইব্ৰেৰী ইন্টাৰ্ণশিপ প্ৰগ্ৰাম মুকলি কৰিছে।

এই পদক্ষেপৰ মূল উদেশ্যটো গ্ৰন্থ আৰু তথ্য বিজ্ঞান বিভাগত দেখা পোৱা শৈক্ষিক আৰু পেছাদাৰী উত্তৰণৰ মাজত থকা ফাঁকখিনি পৰিপূৰণ কৰা।


গ্ৰন্থাগাৰ আৰু তথ্য বিজ্ঞানৰ ডিপ্লোমা আৰু ডিগ্ৰীধাৰীসকলৰ বাবে ডিজাইন কৰা এই পদক্ষেপে
আধুনিক গ্ৰন্থাগাৰ পৰিচালনাত গঠনমূলক আৰু হাতে-কামে প্ৰশিক্ষণ প্ৰদান কৰিব।


কাৰ্যসূচীটোৱে KKHSOUৰ প্ৰয়োজনভিত্তিক আৰু দক্ষতাভিত্তিক শিক্ষাৰ প্ৰসাৰৰ প্ৰতি দায়বদ্ধতা
প্ৰতিফলিত কৰে যাতে ভৱিষ্যতৰ গ্ৰন্থাগাৰ পেছাদাৰীসকল (Future library professionals) আধুনিক শৈক্ষিক আৰু গৱেষণাৰ পৰিৱেশত অধিক প্ৰয়োজনীয় দক্ষতাৰে সদক্ষ হ’ব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!