অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

KAZIRANGA: কাজিৰঙাৰ বন্যপ্ৰাণীৰ মুক্ত চলাচল আৰু অসমৰ উন্নয়নৰ গতি ক্ষিপ্ৰতৰ কৰাৰ বাবে ৬,৯৫৭ কোটি টকাৰ উচ্চপথ প্ৰকল্পত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন

Spread the love

কাজিৰঙাৰ বন্যপ্ৰাণীৰ মুক্ত চলাচল আৰু অসমৰ উন্নয়নৰ গতি ক্ষিপ্ৰতৰ কৰাৰ বাবে ৬,৯৫৭ কোটি টকাৰ উচ্চপথ প্ৰকল্পত কেন্দ্ৰীয় কেবিনেটে জনোৱা অনুমোদনক আদৰণি জনায় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

৩৪.৫ কিমি. জোৰা উচ্চপথে বন্যপ্ৰাণীৰ নিৰাপদ চলাচল আৰু দ্ৰুত যাতায়াত নিশ্চিত কৰিব, কাজিৰঙাৰ পৰ্যটনৰ প্ৰসাৰ ঘটাবঃ সৰ্বানন্দ সোণোৱাল

এই প্ৰকল্পৰ জৰিয়তে ৩৪ লাখ নিয়োগ, উন্নত সংযোগ আৰু অসমৰ বাবে নতুন সুযোগ-সম্ভাৱনা মুকলি হ’বঃ সৰ্বানন্দ সোণোৱাল

DD TIMES দিল্লী/ডিব্ৰুগড়, ১ অক্টোবৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আজি কেবিনেটৰ অৰ্থনৈতিক পৰিক্ৰমা সমিতি (CCEA)ৰ দ্বাৰা অসমৰ কলিয়াবৰ-নুমলীগড় অংশৰ ৰাষ্ট্ৰীয় ঘাইপথ-৭১৫ চাৰিলেনলৈ উন্নীতকৰণ আৰু আনুষংগিক প্ৰকল্পত অনুমোদন জনোৱা হৈছে।

এই অভিনৱ পদক্ষেপক উষ্ম আদৰণি জনায় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই পথ প্ৰকল্পৰ অধীনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অঞ্চলত বন্যপ্ৰাণীৰ বাবে সুবিধাজনক ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে। এই প্ৰকল্প মুঠ ৮৫.৬৭৫ কিমি দৈৰ্ঘ্যৰে আৰু ৬,৯৫৭ কোটি টকাৰ মূলধন ব্যয়ৰে কাৰ্যকৰী কৰা হ’ব।

“অসমৰ বাবে এয়া এক ঐতিহাসিক দিন আৰু ভাৰতৰ বহনক্ষম উন্নয়নৰ বাবে এক বৃহৎ পদক্ষেপ। এই প্ৰকল্প আমাৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী দৃষ্টিভংগীৰ প্ৰতিফলন, যাৰ হৃদয় অসমৰ জনগণ আৰু আমাৰ ৰাজ্যৰ গৌৰৱ – কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে স্পন্দিত হৈ আহিছে।

৩৪.৪৫ কিমি দৈৰ্ঘ্যৰ এই দীঘলীয়া উচ্চপথে কাজিৰঙা আৰু কাৰ্বি আংলং পাহাৰৰ মাজত বন্যপ্ৰাণীৰ মুক্ত, নিৰাপদ আৰু নিৰৱচ্ছিন্ন চলাচল সুনিশ্চিত কৰিব। আমাৰ প্ৰাকৃতিক ঐতিহ্য আৰু জৈৱ-বৈচিত্ৰ্যৰ সুৰক্ষা তথা সংৰক্ষণৰ লগতে জনগণৰ বাবে এক উজ্জ্বল ভৱিষ্যৎ গঢ়ি তোলাৰ দিশত এই পদক্ষেপ এক মাইলৰ খুঁটি হৈ ৰ’ব”, সৰ্বানন্দ সোণোৱালে কয়।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই প্ৰকল্পৰ অৰ্থনৈতিক গুৰুত্বৰ সন্দৰ্ভতো আলোকপাত কৰি কয়, “কাজিৰঙাৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ লগতে এই উন্নীত ঘাইপথে যাতায়াতৰ সময় হ্ৰাস কৰিব, পৰ্যটনৰ উন্নতি ঘটাব আৰু দৰ্শনাৰ্থীৰ বাবে যাতায়াত সহজ কৰিব তথা বাণিজ্য আৰু উদ্যোগৰ বাবে নতুন সম্ভাৱনা মুকলি কৰিব। ২১ কিমি গ্ৰীণফিল্ড বাইপাছৰ ফলত জখলাবন্ধা আৰু বোকাখাতৰ যান-জঁট হ্ৰাস পাব, যাত্ৰা অধিক সুবিধাজনক আৰু নিৰাপদ হ’ব। এই পথটোৱে জনগণৰ আকাংক্ষা আৰু সমৃদ্ধিক সংযোগ কৰিব।”

সোণোৱালে আৰু কয়, “এইটো কেৱল ঘাইপথ নহয় – এয়া মোদী ডাঙৰীয়াৰ ‘পৰিবহণৰ জৰিয়তে পৰিৱৰ্তন’ দৃষ্টিভংগীৰ প্ৰতিফলন, য’ত প্ৰগতি আৰু প্ৰকৃতি, অৰ্থনীতি আৰু পৰিৱেশ একেলগে অটুট থাকিব। অসমৰ উন্নয়ন কেতিয়াও আমাৰ পৰিৱেশৰ বিনিময়ত নহয়, বৰং প্ৰকৃতিৰ সৈতে সামঞ্জস্য ৰক্ষা কৰি ত্বৰান্বিত কৰা হৈছে।”

বানপানীৰ সময়ত কাজিৰঙাৰ বন্যপ্ৰাণীয়ে কাৰ্বি আংলঙৰ পাহাৰৰ দিশলৈ যোৱাৰ বাবে বৰ্তমানৰ ব্যস্ত ঘাইপথেৰে পাৰ হয়, যাৰ ফলত প্ৰায়ে দুৰ্ঘটনা আৰু বন্যপ্ৰাণীৰ মৃত্যু হয়। এই সমস্যাসমূহ সমাধানৰ বাবে অভিলাষী প্ৰকল্পটোৰ অধীনত ৩৪.৪৫ কিমি.ৰ উচ্চপথ নিৰ্মাণ, ৩০.২২ কিমি. বিদ্যমান পথৰ উন্নীতকৰণ আৰু ২১ কিমি. গ্ৰীণফিল্ড বাইপাছ নিৰ্মাণ কৰা হ’ব। ইয়াৰ ফলত ঘাইপথৰ যান-জঁট হ্ৰাস পাব, পথৰ নিৰাপত্তা বৃদ্ধি পাব আৰু অসমৰ মুখ্য সংযোগ কেন্দ্ৰসমূহৰ সৈতে নিৰৱচ্ছিন্ন সংযোগ স্থাপন হ’ব।

এই পথ প্ৰকল্পই দুটা ৰাষ্ট্ৰীয় ঘাইপথ (১২৭ আৰু ১২৯ নং) আৰু এটা ৰাজ্যিক ঘাইপথ (৩৫ নং)ৰ সৈতে সংযোগ স্থাপন কৰিব, লগতে তিনিটা ৰে’লৱে ষ্টেচন (নগাঁও, জখলাবন্ধা, বিশ্বনাথ চাৰিআলি) আৰু তিনিটা বিমানবন্দৰ (তেজপুৰ, লীলাবাৰী, যোৰহাট)ৰ সৈতে সংযোগ স্থাপন কৰিব। এই সংযোগে অসমৰ লজিষ্টিক, বাণিজ্য আৰু অৰ্থনৈতিক গতিশীলতাৰ উন্নতি ত্বৰান্বিত কৰিব।

উন্নীতকৰণ হ’বলগীয়া পথ প্ৰকল্পই সামাজিক-অৰ্থনৈতিক কেন্দ্ৰ, ধৰ্মীয় স্থান আৰু পৰ্যটন গন্তব্যস্থানৰ সৈতে সংযোগ উন্নত কৰিব, যাৰ ফলত আঞ্চলিক উন্নয়ন শক্তিশালী হ’ব। এই প্ৰকল্পৰ জৰিয়তে ১৫.৪২ লাখ ব্যক্তি-দিনৰ প্ৰত্যক্ষ নিয়োগ আৰু ১৯.১৯ লাখ ব্যক্তি-দিনৰ পৰোক্ষ নিয়োগৰ সৃষ্টি হ’ব, যিয়ে অসমৰ অৰ্থনৈতিক প্ৰগতিত অৰিহণা যোগাব।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!