KATI BIHU: ৰাইজলৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ কাতি বিহুৰ ওলগ
ৰাইজলৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ কাতি বিহুৰ ওলগ

DD TIMES গুৱাহাটী, ১৮ অক্টোবৰঃ
“তুলসীৰ তলে মৃগপহু চৰে
তাকে দেখি ৰামচন্দ্ৰই
হৰ ধনু ধৰে।”
বাপতিসাহোন কাতি বিহুটিক কঙালী বুলি কোৱা হয় যদিও কাতি বিহুটি অসমীয়াৰ প্ৰাণত উৎসাহ-উদ্দীপনাৰ সঞ্চাৰ কৰে ৷ আহাৰ শাওন মাহত ৰোপণ কৰা লখিমীক ঘৰলৈ আদৰিবলৈ অপেক্ষা কৰি থকা অসমীয়াৰ মনলৈ কঙালী বিহুটিয়ে অযুত আশা-সম্ভাৱনা কঢ়িয়াই আনে ৷
অসমবাসীলৈ কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ৷ তুলসীৰ তলত প্ৰজ্জ্বলন কৰা চাকি, লখিমী পথাৰখনত প্ৰজ্জ্বলন কৰা আকাশ বন্তিয়ে সকলোৰে জীৱন উদ্ভাসিত কৰি তোলক ৷ লখিমী পথাৰখন শইচেৰে উপচি পৰক, এয়ে কামনা কৰিছোঁ ৷

