KATI BIHU: ধুবুৰীত জিলা কৃষি বিভাগৰ উদ্যোগত কাতি বিহু উদযাপন
ধুবুৰীত জিলা কৃষি বিভাগৰ উদ্যোগত কাতি বিহু উদযাপনঃ ১০ জনকৈ অধিক আগ্ৰণী কৃষকক হৰ্টিকাল্চাৰ কিট প্ৰদান কৰি সম্মান আগবঢ়ায়
DD TIMES ধুবুৰী, ১৮ অক্টোবৰঃ ধুবুৰী জিলাৰ কৃষি বিভাগে কাচখানা কৃষি উন্নয়ন চক্ৰৰ অন্তৰ্গত কাচখানা গাঁওত অসমৰ ঐতিহ্যবাহী উৎসৱ ‘কাতি বিহু’ উপলক্ষে আজি এখন বিশেষ অনুষ্ঠান আয়োজন কৰে।

প্ৰতিনিধিত্বমূলক ছবি
এই অনুষ্ঠানত কৃষকসকলৰ সৈতে একেলগে বিভাগীয় বিষয়া, গণ্যমান্য ব্যক্তি আৰু সমাজসেৱীসকলে অংশগ্ৰহণ কৰে।
অনুষ্ঠানটোত অতিথি হিচাপে উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ ধুবুৰী জিলা সভাপতি শ্ৰী ৰঞ্জিত কুমাৰ ৰায়, লগতে বিজেপি ধুবুৰী জিলাৰ কৃষক মৰ্চাৰ সভাপতি বিশ্বজিৎ ৰায়, সমাজসেৱী আবু বক্কৰ ছিদ্দিক, গোবিন্দ অধিকাৰী, অমুল্য কুমাৰ ৰায় আৰু জয়দীপ অধিকাৰী।
কৃষি বিভাগৰ পৰা সহকাৰী কৃষি সঞ্চালক মৃণাল কান্তি কছাৰী, মহকুমা কৃষি বিষয়া সালাহুৰ ৰহমান আৰু খন্দকাৰ সাহিদুল আলম, জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া দিপাংকৰ চৌধুৰী, কৃষি উন্নয়ন বিষয়া নয়নজ্যোতি শৰ্মা আৰু দীপজ্যোতি দাস আৰু উপ-প্ৰকল্প পৰিচালক, ATMA মফিউল ইসলাম সহ ঝাপুসাবাৰি একগাঁও এফপিচিৰ সদস্য, বিভাগীয় কৰ্মচাৰী আৰু গাঁওবাসী কৃষকসকলে অংশগ্ৰহণ কৰে।
অনুষ্ঠানটো প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপনৰে বন্তি প্ৰজ্বলন আৰু এক মিনিটৰ মৌন প্ৰাৰ্থনাৰে আৰম্ভ হয়। কৃষি উন্নয়ন বিষয়া শ্ৰী নায়নজ্যোতি শৰ্মাই কৃষকসকলক অনুষ্ঠানত স্বাগতম জনাই এই আয়োজনত সহায় আগবঢ়োৱাৰ বাবে ধন্যবাদ জনায়।
মহকুমা কৃষি বিষয়া খন্দকাৰ সাহিদুল আলমে কৃষি বিভাগৰ বিভিন্ন আঁচনিসমূহৰ ওপৰত এক বিতং আলোচনা কৰাৰ উপৰিও,জৈৱিক কৃষিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক অনুৰোধ জনায়।
বিজেপি জিলাৰ সভাপতি ৰঞ্জিত কুমাৰ ৰায়ে কৃষি বিভাগৰ এই উদ্যোগৰ প্ৰশংসা কৰি কৃষকসকলক চৰকাৰৰ বিভিন্ন কৃষি যোজনাৰ সুফল লাভ কৰিবলৈ আহ্বান জনায়।
মহকুমা কৃষি বিষয়া সালাহুৰ ৰহমানে পৰম্পৰাগত কৃষি সংস্কৃতি পুনৰুদ্ধাৰৰ প্ৰয়োজনীয়তা আৰু স্বাভাৱিক আৰু জৈৱিক কৃষি পদ্ধতিৰ প্ৰচলনৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। নয়নজ্যোতি শৰ্মাই কৃষক পঞ্জীয়নৰ গুৰুত্ব আৰু ইয়াৰ সুফল সম্পৰ্কে কৃষকসকলক অৱগত কৰে।
অনুষ্ঠানৰ সময়ত কাচখানা গাঁৱৰ ১০ জনতকৈ অধিক আগ্ৰণী কৃষকক কৃষি বিভাগৰ দ্বাৰা হৰ্টিকাল্চাৰ কিট প্ৰদান কৰি সম্মান জনোৱা হয়। অনুষ্ঠানৰ অন্তত তুলসীৰ তলত মাটিৰ চাকি আৰু ‘আকাশ বন্তি’ জ্বলাই পৰম্পৰাগত ধৰ্মীয় অনুষ্ঠান সম্পন্ন কৰা হয়।

