অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়কৃষিমুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

KATI BIHU: তুলসী তলৰ চাকি

Spread the love

তুলসী তলৰ চাকি


DD TIMESৰ আজিৰ কবি তিলোত্তমা গোস্বামী

প্ৰাণ চঞ্চল উৎসৱ অতি আদৰৰ
বিহু তিনিটিৰ ভিতৰত
কঙালি বিহু কাতি

এইবেলি তাতে দুখৰ নৈখন
উজাই আহি
বুকুতে বহিছে ঘৰ পাতি

কৃষ্ণ মথুৰালৈ গৈছিল
গোকুল বাসীৰ বিৰহত
গছৰ পাত সৰিছিল

আমাৰ মৰমৰ শিল্পী
গৰিমাৰ প্ৰাণ বল্লভ
চিঙ্গাপুৰত শেষ হৈছিল

শিল্পী জানো শেষ হয়!
তেওঁৰ পাকত
পাক পাককৈ ঘূৰিছে সকলো

সাংবাদিকৰ পৰা ৰাজনীতিলৈ
সৰুৰপৰা ডাঙৰলৈ
চেৰেকীৰ পাক সকলো

তুলসীৰ তলত জ্বলাব লাগিব
প্ৰতিখন ঘৰৰে
শান্তিৰ বাবে এগছি বন্তি

প্ৰাৰ্থনা কৰিব লাগিব সকাতৰে
চাকিৰ বহ্নিত পুৰিব
তেহে মনৰ যত অশান্তি

গোকুলৰ বিৰহ কমাবলৈ
সকলো বুজাই
পঠাইছিলা তুমি উদ্ধৱক

তাতকৈ নহয় চাগৈ কম দুখ
বিচাৰ কৰা ন্যায়
উদ্ধাৰ কৰা বান্ধৱক

গোকুলবাসীয়ে উদ্ধৱক
প্ৰশ্ন কৰাৰ দৰে
সকলোৱে কাতৰেৰে সুধিব

কেনেকৈ কি হৈ গ’ল
তেওঁ দেখোন নোহোৱা হৈ গ’ল
এই দুখ কোনে বুজিব?

ধৰ্মনিষ্ঠ আৰু সাধু যদুবংশটোৰ
বিঘিনি ঘটোৱা
সেই পাপী কংসটোৰ কথা

শুনিবলৈ ইচ্ছা নকৰা
গোকুলবাসীৰ প্ৰাণত
আনন্দ দিছিল শুনি মৃত্যুৰ কথা

বিশ্বাস আৰু আস্থাৰে
তুলসীৰ তলত এগছি চাকি
সকলোৱে জ্বলাব লাগিব

শান্তিৰ প্ৰতীক চাকি গছিয়ে
আমাৰ মনলৈয়ো আশাৰ বতৰা কঢ়িয়াই আনিব৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!