KATI BIHU: অসমীয়া সমাজৰ জনগোষ্ঠীয় পৰম্পৰাত কাতি বিহু
অসমীয়া সমাজৰ জনগোষ্ঠীয় পৰম্পৰাত কাতি বিহু
DD TIMESত লিখিছে প্ৰকাশ দত্তই

অসমৰ জাতীয় উৎসৱ বিহু। তিনিটা বিহুৰ ভিতৰত কাতি বিহু হৈছে তুলনামূলকভাৱে অনাড়ম্বৰ আৰু নীতি নিয়মৰ উৎসৱ। আহিন আৰু কাতিৰ সংক্রান্তিত এই বিহু পালন কৰা হয়, এনে সময়ত যি সময়ত ধাননী পথাৰত ধান ওলাইছে, কিন্তু পকিবলৈ বাকী, ভঁৰালত নতুন ধান নাই, ভঁৰাল খালী! অৰ্থনৈতিক সংকটৰ সময়। সেয়ে এই বিহুক “কঙালী বিহু” বুলিও কোৱা হয়।
কাতি বিহুত আন দুটি বিহুতকৈ ৰং ৰহইচ আৰু আনন্দ কম থাকিলেও, লোকসকলৰ মনত থাকে প্ৰকৃতিপ্ৰেম, শস্যৰ প্ৰতি আশা আৰু পূৰ্ণতাৰ কামনা।
এই বিহুৰ মূল উদ্দেশ্য হৈছে অসমীয়া মূল খাদ্য উৎপাদনৰ থলী ধাননী পথাৰডৰাত পকিবলৈ আৰম্ভ কৰা ধানৰ সুৰক্ষা আৰু পৰিয়ালৰ মঙ্গল কামনা। বিহুৰ দিনাখন নীতি নিয়ম অনুসৰি ধাননি পথাৰত মিঠাতেলৰ চাকি জ্বলোৱা হয়, যাতে ধাননী ডৰা পোক-পতংগৰ পৰা সুৰক্ষিত থাকে।
কোনো কোনো ঠাইত পোক পতংগ নিয়ন্ত্ৰনৰ বাবে লোকবিস্বাস আছে, য’ত গাঁৱৰ লোকসকলে কাতি বিহুৰ দিনা ৰবাব টেঙাৰ বাকলি পথাৰত পেলায়। তেওঁলোকৰ বিশ্বাস ই পোক-পতংগ নাশ কৰে আৰু ইয়াৰ জৰিয়তে ধানৰ শস্য যাতে পূৰ্ণ ৰূপে পুৰঠ হৈ ওলাব পাৰে।
লগতে ৰবাব টেঙা প্ৰসাদটো বিশেষভাৱে অৰ্পণ কৰে যাতে ধানৰ ঠোকবোৰ ৰবাব টেঙাৰ দৰে পূৰঠ, ঘন আৰু পৈনত হয়। যদিও ই বিজ্ঞানভিত্তিক নহয়, তথাপিও এই লোকবিশ্বাসে কৃষিজীৱন আৰু পৰিবেশ-সচেতনতাৰ এক সামাজিক প্ৰতিফলন।
বিহুৰ দিনা ঘৰৰ পদূলি, পিৰালি, পাকঘৰ গোহালি, গোঁসাইঘৰ আৰু ভঁৰালঘৰত চাকি-বন্তি জ্বলাই লখিমীদেৱীক আদৰণি জনোৱা হয়। ক’বলৈ গ’লে কৃষি নিৰ্ভৰশীল অসমীয়া ৰাইজৰ ভৰষা এয়েই যে, বিহুৰ পাছতেই ধান পকিব ঘৰ সোণগুটিৱে উপচি পৰিব। এইয়া অসমীয়া ৰাইজৰ ভৰষাৰ উৎসৱ।
বিহুৰ দিনা তুলসী গছ ৰোপন কৰি গধুলি তুলসী গছৰ তলিত ধূপ, বন্তি, প্ৰসাদৰ শৰাই সজাঁই ওচৰ-চুবুৰীয়া ল’ৰা-ছোৱালীয়ে তুলসীৰ নাম গাই, সকলোৱে প্ৰসাদ গ্ৰহণ কৰে। এই আচাৰসমূহে অসমীয়া সমাজত ধৰ্মীয় শৃঙ্খলা, আৰু একতাৰ বোধ জাগ্ৰত কৰে।
ল’ৰা- ছোৱালীয়ে তুলসীৰ তলত বহি তুলসী নাম গায় এনেদৰে —
“তুলসীৰ তলে তলে
মৃগ পহু চৰে,
তাকে দেখি ৰামচন্দ্ৰই
হৰধনু ধৰে”
অথবা
তুলসী তুলসী অ’ আই তুলসী
তুমি গোবিন্দৰে প্ৰিয়া।
কোন পথে কানাই যায়।
অ’ আই তৎকালে সমিধান দিয়ে৷
এই প্ৰাৰ্থনাৰ জৰিয়তে সিহঁতে বৃহৎ সমাজ-সাংস্কৃতিক শিক্ষাৰ অংশ হয়। ই শিশুক ধৰ্মবিশ্বাস, প্ৰকৃতিপ্ৰেম আৰু বয়োজ্যেষ্ঠৰ প্ৰতি সন্মান কৰিবলৈ শিকায়।
অসম হৈছে বহুজাতিক, বহুসাংস্কৃতিক অঞ্চল। ইয়াত বসবাস কৰা প্ৰায় সকলো জাতি-জনগোষ্ঠীয়ে কাতি বিহু নিজ নিজ পৰম্পৰাগত নিয়মেৰে পালন কৰে। বিভিন্ন পণ্ডিতে মতপোষণ কৰিছে যে কাতি বিহুত চাকি জ্বলোৱা পৰম্পৰা অষ্টিকসকলৰ পৰাই আৰম্ভ হৈছিল।
মৰাণসকলে কাতি বিহু আড়ম্বৰপূর্ণভাৱে পালন নকৰে যদিও পৰম্পৰা মানি চলে। তেওঁলোকেও কাতি বিহুৰ নীতি নিয়ম সমূহ পালন কৰি বিহু অনুষ্ঠিত কৰে।দেউৰীসকলে বিহুৰ দিনা লখিমীক সন্তুষ্ট কৰিবৰ বাবে লখিমী পূজা আৰু সবাহ (সামূহিক পূজা) কৰে।কাতিমাহৰ শুক্লপক্ষৰ প্ৰথমটো বুধবাৰে এই সবাহ তেওঁলোকে অনুষ্ঠিত কৰে। লগতে তেওঁলোকে নিজ গৃহ আৰু দেওশালত পূজা অৰ্চনা কৰি এই উৎসৱ পালন কৰে। চাহ জনগোষ্ঠীয় লোকসকলেও ঠায়ে ঠায়ে কমকৈ হ’লেও কাতি বিহুৰ পৰম্পৰা অনুসৰি বিহু পালন কৰে।
চুতীয়াসকলেও কাতি বিহুৰ দিনা ঘৰৰ চোতালত নতুনকৈ তুলসী ৰুই তুলসীক সেৱা কৰে,নাম গাই প্ৰসাদ গ্ৰহণ কৰে। বিহুৰ বাবে অনুষ্টুপীয়াকৈ পিঠা-পনাৰো ব্যৱস্থা কৰে।
সোণোৱাল কছাৰীসকলে বিহুৰ দিনা সৰ্বমংগল কামনা কৰি শিৱক প্ৰাৰ্থনা কৰে আৰু ঘৰৰ লগতে খেতি পথাৰত চাকি জ্বলায়।
মিচিং সকলে কাতি বিহুক “কাতি অগ্-ৰাতি বা কাতি” বুলি কয়। তেওঁলোকে বিহুৰ দিনা লক্ষ্মীদেৱী আৰু পূৰ্বপুৰুষসকলক সুঁৱৰি চাকি বন্তি জ্বলাই সেৱা কৰি সকলোৰে কুশল মংগল কামনা কৰে। ঘৰৰ আগফাল আৰু পিছফাল, ভঁৰাল,গোহালি, আৰু খেতি পথাৰত বন্তি জ্বলাই লখিমীক আদৰণি জনায়। চাকি জ্বলোৱাৰ পাছত পৰম্পৰাগতভাৱে সকলোৱে আপং পানী সেৱন কৰি গীত মাত গাই আনন্দ কৰে।
নামনি অসমত বসবাস কৰা বড়ো, ৰাভা, হাজং, কোচ-ৰাজবংশী জনগোষ্ঠীয়ে একে সময়তে “কাতি গাছা” বুলি কাতি বিহু পালন কৰে।
বড়োসকলে কাতি বিহুৰ দিনা অকুমাৰী বা আবিয়ৈ গাভৰুৰ দ্বাৰা মিঠাতেল সনা চিৰিপাটেৰে, ঠোক ভৰা ধান লাগিবলৈ ধানৰ আগবোৰ চুই যোৱাকৈ আলফুলেৰে ফুৰাই দিয়ে। মধ্য অসমত বাস কৰা ভৈয়ামৰ তিৱা সকলে নিজ পৰম্পৰাৰে কাতি বিহু পালন কৰে। আহিনৰ শেষৰ দিনা নিচেই পুৱাতেই খেতিপথাৰলৈ গৈ নিজ নিজ পথাৰত গৃহস্থই আগলি বাঁহৰ চিমনা পুতি ৰবাব টেঙাৰ বাকলি ছতিয়াই দিয়ে। প্ৰতিঘৰ গৃহস্থই সচং ঘৰৰ ধ্বজত বন্তি জ্বলাই পূর্ণশংকৰ গুৰুৰ নামত পিঠা পনা,মদ আদি অৰ্পণ কৰে। ডিমাচা সকলেও আহিন-কাতিৰ সংক্রান্তিত কাতি বিহু পালন কৰে। এই জনগোষ্ঠীটোৱে কাতি বিহুক “গাড্ডী সাঁঈজোৰা” বোলে।
অৱশ্যে পথাৰত চাকি জ্বলোৱাৰ নিয়মটো ভৈয়ামৰ ডিমাচা সকলৰ মাজতহে সীমাবদ্ধ। যদিও কাতি বিহুৰ আনন্দ সীমিত, তথাপিও ই ধাৰ্মিক, সামাজিক আৰু নৈতিক শৃঙ্খলাৰ এক প্ৰতীক। সকলো জাতি-জনগোষ্ঠীৰ মাজত এই বিহুৱে প্ৰকৃতি-পূজা আৰু ভূমিৰ প্ৰতি কৃতজ্ঞতাৰ একতা স্থাপন কৰিছে। কাতি বিহু হৈছে অসমবাসীৰ ধৰ্মীয় সংযম, প্ৰকৃতিপ্ৰেম আৰু ঐক্যৰ উৎসৱ। এই বিহুৱে মানুহক সংকটৰ(অভাৱ-অনাটনৰ) সময়তো প্ৰকৃতিক সন্মান কৰিবলৈ শিকায় আৰু সমাজৰ সকলো স্তৰৰ মাজত মিলন আৰু সম্প্রীতি জৰীডাল মজবুত কৰাৰ নীতি-নিয়ম বাহাল ৰাখে। সেইকাৰণে কাতি বিহু অসমীয়াৰ জীৱনদৰ্শনৰ এক অখণ্ড অঙ্গ, যি জাতিগত পৰিচয়ৰ সৈতে প্ৰকৃতিৰ পাৰিপাৰ্শ্বিক ভাৰসাম্যতা ৰক্ষাৰ পথো প্ৰদৰ্শন কৰে।
আধুনিকতাৰ ধামখুমীয়াত সাম্প্ৰতিক সময়ত কাতি বিহুৰ নীতি-নিয়ম বহু ঠাইত বহু পৰিমানে লাঘৱ হ’বলৈ ধৰিছে। সেই ক্ষেত্ৰত আমি এই উৎসৱৰ নৈতিক, ধৰ্মীয় আৰু সামাজিক মূল্যবোধ সংৰক্ষণ কৰাটো অতি প্ৰয়োজন। কাৰণ —“বিহু থাকিলেহে অসমীয়াত্ব থাকিব, জাতি থাকিব, সমাজ থাকিব৷
