KARBI ANGLONG FOOTBALL: নগাঁৱত জুবিন গাৰ্গ সোঁৱৰণী ফুটবল প্ৰতিযোগিতাত ডেকাগাঁও কাৰ্বি আংলং ফুটবল ক্লাৱ বিজয়ী
নগাঁৱত জুবিন গাৰ্গ সোঁৱৰণী ফুটবল প্ৰতিযোগিতাত ডেকাগাঁও কাৰ্বি আংলং ফুটবল ক্লাৱ বিজয়ী

DD TIMED, বঢ়মপুৰ, ২৮ অক্টোবৰঃ নগাঁৱৰ বেঙেনাআটি আঞ্চলিক খেলপথাৰত ২৭ ছেপ্টেম্বৰৰ পৰা চলি থকা গণশিল্পী জুবিন গাৰ্গ সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন ২৬ অক্টোবৰত অনুষ্ঠিত হয়।
খেল আৰম্ভ কৰাৰ পূৰ্বে উদ্যোক্তাসকলে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে। ইয়াৰ পাছতে আনুষ্ঠানিকভাৱে খেলৰ উদ্বোধন কৰে নগাঁও জিলা পৰিষদৰ সভানেত্ৰী গীতাঞ্জলি হাজৰিকাই।
চূড়ান্ত খেলখন অনুষ্ঠিত হয় ডেকাগাঁও কাৰ্বি আংলং ফুটবল ক্লাব বনাম ৰূপহী ফাকলি ফুটবল ক্লাৱৰ মাজত। খেলৰ আৰম্ভণিৰ পৰাই ক্ৰীড়াপ্ৰেমী ৰাইজ তথা জুবিন গাৰ্গৰ অনুৰাগীৰ মাজত ব্যাপক উৎকন্ঠা দেখিবলৈ পোৱা যায়।
তীব্ৰ প্ৰতিদ্বন্দিতামূলক খেলখনত কাৰ্বি আংলং ডেকাগাঁও ফুটবল ক্লাৱে ৩-১ গলৰ ব্যৱধানত বিজয়ী হয়। খেলৰ অন্তত বঁটা বিতৰণী অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্থিত থাকি নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই বিজয়ী আৰু বিজিত দলক বঁটা প্ৰদান কৰে৷

