KALITA COMMUNITY: অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলনৰ মঙলদৈ অধিৱেশনৰ কাৰ্যালয় আৰু ৰচিদ বহী উন্মোচন
অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলনৰ ১০৭ সংখ্যক দ্বি-বাৰ্ষিক মঙলদৈ অধিৱেশনৰ ব্যাপক আয়োজনঃ কাৰ্যালয় আৰু ৰচিদ বহী উন্মোচন

DD TIMES মঙলদৈ, ১৪ অক্টোবৰঃ “জনগোষ্ঠীয় সন্মিলন সমুহৰ নেতৃত্বই নিজৰ লাভালাভৰ কথা বাদ দি প্ৰকৃতাৰ্থত জাতিটোৰ উন্নয়নৰ হকে সংকল্পবদ্ধ ভাৱে সংশ্লিষ্ট পক্ষৰ ওচৰত হেচা প্ৰয়োগ কৰিব পাৰিব লাগিব। নহলে ৰাইজৰ দাবীসমুহ কেতিয়াও পুৰণ নহয়।”
দেওবাৰে অনুষ্ঠিত হোৱা অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলনৰ ১০৭ সংখ্যক অধিবেশনৰ কাৰ্যালয় উদ্ধোধন আৰু ৰচিদ বহী উন্মোচনৰ এখন সভাত এগৰাকী বিশিষ্ট অতিথী হিচাবে উপস্থিত থাকি প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াইএইদৰে মন্তব্য আগবঢ়াই । জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া সমস্যাৰ এতিয়ালৈ পুৰণ নোহোৱাত তেও ক্ষোভ প্ৰকাশ কৰে। কলিতা জাতিৰ সংগ্ৰামখনত জয়ী হ’বলৈ জনগোষ্ঠীৰ সকলো লোকৰ ঐক্যবদ্ধ প্ৰচেষ্টাক দক্ষ নেতৃত্বৰে আগবঢ়াই নিয়াৰো তেওঁ পোষকতা কৰে।

ৰাতিপুৱা দহ বজাৰ পৰা অবিভক্ত দৰংজিলাৰ কলিতা জনগোষ্ঠীৰ সন্মিলনৰ কাৰ্যালয়ত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাসে আগন্তুক ১০৭সংখ্যক অধিবেশনৰ কাৰ্যালয়টো উন্মোচন কৰি কলিতা জনগোষ্ঠীক সকলো সময়তে সহযোগ কৰি যাব বুলি প্ৰতিশ্ৰুতি আগবঢ়োৱাৰ লগতে আগন্তুক অধিবেশনৰ আগতে জিলা সন্মিলনৰ স্থায়ী গৃহৰ মেৰামতিৰ বাবে এক লাখ পঞ্চাশ হাজাৰ টকা আগ বঢ়ায়।
অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি উপেন্দ্ৰ চহৰীয়াই মঙ্গলাচৰন পাঠ কৰি আৰম্ভ কৰা সভাখনত সভাপতিত্ব কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি ৰূপেশ্বৰ ভূঞাই। সভাত ৰছিদ বহীৰ মুখ্য উন্মোচক বঙাইগাঁও জিলা পৰিষদৰ কাৰ্যবাহী অভিযন্তা ভবেন বৰ্মনে আগন্তুক অধিবেশনখন সৰ্বাঙ্গসুন্দৰ তথা ব্যতিক্ৰমধৰ্মী কৰাৰ বাবে সকলোৰে সহযোগীতা কামনা কৰে।

সভাত ৰচিদ বহী উন্মোচন কৰি ক্ৰমে ফুলেন্দ্ৰনাথ চহৰীয়া, ৰমনী কান্ত চহৰীয়া, কমলেশ্বৰ বৰুৱা, ধীৰেন কলিতা, জিতেন্দ্ৰ চন্দ্ৰ কলিতা, ব্ৰজেন্দ্ৰ নাথ কলিতা, কন্দৰ্প কলিতা, জিতেন্দ্ৰ নাৰায়ণ বৰুৱা,দুলাল শইকীয়া,কল্পনা চহৰীয়া আৰু হেমন্ত কুমাৰ বৰুৱা ই বক্তব্য আগবঢ়ায়। অভ্যৰ্থনা সমিতিৰ সম্পাদক গিৰিশ কলিতাই আত ধৰা সভাখনত নগৰ শাখাৰ সভাপতি মহেন্দ্ৰ কটকী, শশীন কলিতা, কেশব কলিতা ,নলিনী ডেকা,বিত্ত সম্পাদক জয় ৰাম বৰুৱা,বসুন্ধৰ শইকীয়া প্ৰচাৰ সভাপতি মদন বৰুৱা, সম্পাদক লক্ষীনন্দন কলিতাৰ লগতে প্ৰায় দুই শতাধিক পুৰুষ মহিলা লোক উপস্থিত থাকে। সভাত সদ্য ডক্তৰেট ডিগ্ৰী লাভ কৰা ডঃ বৰ্ণালী কলিতাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
উল্লেখযোগ্য যে আগন্তুক ৭ আৰু ৮ মাৰ্চত অনুষ্ঠিত হব লগা অধিবেশন উপলক্ষে বিপিন বৰুৱাৰ সভাপতি আৰু বিজয় কুমাৰ বৰুৱাৰ সম্পাদনাত এখন স্মৃতিগ্ৰন্থ প্ৰকাশ পাব।
উক্ত গ্ৰন্থখনৰ বাবে কলিতা সকলৰ তথ্যসম্বলিত প্ৰবন্ধ আৰু মঙলদৈ তথা অবিভক্ত দৰং জিলাৰ ইতিহাস জৰিত প্ৰবন্ধ বিচৰা হৈছে।
লিখনিসমুহ পঠিয়াৱৰ বাবে ৭০০২৫২৪১২৩ আৰু ৯৭০০৭৭৬৭২২১ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। সভাখন সফল কৰাৰ বাবে নগৰ শাখাৰ সম্পাদক তৰুণ হাজৰিকাই সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

