অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

Kaligopal: কৰৈয়ণিত ‘কেলিগোপাল’ নাট মঞ্চস্থ

Spread the love

কৰৈয়ণিত ‘কেলিগোপাল’ নাট মঞ্চস্থ

প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি

DD TIMES বঢ়মপুৰ, ৯ ডিচেম্বৰঃ নগাঁও চহৰৰ পৰা নাতিদূৰৈৰ কৰৈয়ণি হেঙুলীচুক গাঁৱৰ বৰনামঘৰত শনিবাৰে নিশা শ্ৰীশ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ অনুষ্ঠিত হৈ যায়।

কৰৈয়ণি হেঙুলী চুক গাঁৱৰ ৰাইজ আৰু যুৱক-যুৱতীসকলৰ ব্যৱস্থাপনাত আয়োজিত ৰাস মহোৎসৱৰ দিনা পুৱা ঊষা কীৰ্তন, ধৰ্মধ্বজা উত্তোলন, ভাগৱত ভ্ৰমণ আৰু নাম প্ৰসংগ অনুষ্ঠিত হয়।

ইয়াৰ পাছতেই সন্ধ্যা বৰনামঘৰৰ সন্মুখত অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে জ্যেষ্ঠ নাগৰিক পুতুল বৰাই। ইয়াৰ পিছতেই কেইবা শতাধিক লোকে মৰমৰ শিল্পীজনাৰ ‘মায়াবিনী ৰাতিৰ বুকুত…’ শীৰ্ষক গীতটো পৰিবেশন কৰে। অনুষ্ঠানত বিশিষ্ট বায়ন সঞ্জীৱ বৰাৰ নেতৃত্বত আগবঢ়াই নিয়া গায়ন-বায়নত অংশগ্ৰহণ কৰি কেইবাটাও শিশুয়ে খোল-তাল বজাই প্ৰতিভা প্ৰদৰ্শন কৰে।

কৰৈয়ণি হেঙুলী চুক গাঁৱৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা পিছতে লোকে লোকাৰণ্য হৈ থকা বৰনামঘৰত দুপৰ নিশা পৰ্যন্ত শৃংখলা বজাই ‘কেলিগোপাল নাট’খনি মঞ্চস্থ কৰা হয়।

নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰে এই শ্ৰীশ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ। বিধায়ক শৰ্মাৰ লগতে সমাজকৰ্মী সুৰেশ বৰা, নগাঁও জিলা পৰিষদৰ সভানেত্ৰী গীতাঞ্জলী হাজৰিকা আৰু পলাশনী-তেলিয়া পহুকটা গাঁও পঞ্চায়তৰ সভাপতি বিদ্যুৎ বৰাই বৰনামঘৰত উপস্থিত হৈ ৰাইজৰ আশীষ নিৰ্মালী গ্ৰহণ কৰে।

স্থানীয় যুৱকবৃন্দ আৰু ১০গৰাকী নিমন্ত্ৰিত যুৱকে গোপীৰ সুন্দৰ নৃত্য পৰিৱেশন কৰি উপস্থিত ৰাইজৰ প্ৰসংশা বুটলিবলৈ সক্ষম হয়। উক্ত ৰাস ভাগত শ্ৰীকৃষ্ণৰ সুন্দৰ নৃত্য, ময়ূৰৰ লয়লাস, ৰাধাৰ নৃত্য আৰু শঙ্খচূড়ৰ অভিনয়ে সন্মোহিত কৰে সমবেত দৰ্শকসকলক।

উল্লেখ্য যে, উক্ত ৰাস ভাগত শংকৰ জ্যোতি শ‌ইকীয়াই কৃষ্ণ, ৰাহুল কলিতাই ৰাধা, মৃনাল বৰাই মোহিনী, নিবিৰ বৰাই পুতনা আৰু শংখচুড়ৰ ভাওত দেৱাশীষ কোচ ৰাজবংশীয়ে  অভিনয় কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!