Kaliabar College: কলিয়াবৰ মহাবিদ্যালয় আৰু শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ বুজাবুজি চুক্তি
কলিয়াবৰৰ মাধ্যমিক শাখাৰ বিজ্ঞান আৰু প্ৰায়োগিক শিক্ষাৰ ক্ষেত্ৰত নতুন সংযোগ
কলিয়াবৰ মহাবিদ্যালয় আৰু শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ বুজাবুজি চুক্তি

DD TIMES কলিয়াবৰ, ২৯ নৱেম্বৰঃ ১৯৯১ চনতে প্ৰতিষ্ঠিত কলিয়াবৰৰ ব্যক্তিগত খণ্ডৰ অগ্ৰণী শিক্ষানুষ্ঠান শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল শেহতীয়াকৈ কলা আৰু বিজ্ঞান শাখাৰ উচ্চতৰ শ্ৰেণীটো সংযোগ কৰা হৈছে। ইতিমধ্যে, এই বছৰ কলা আৰু বিজ্ঞান শাখাত ১০০ শতাংশ ফলাফলৰে প্ৰথম দল দুটাৰ ছাত্ৰ-ছাত্ৰীসকল সফলতাৰে উত্তীৰ্ণ হৈছে।
এইবাৰ মফচলীয় অঞ্চলৰ এক মানবিশিষ্ট উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান হিচাপে স্বীকৃতি কলিয়াবৰ মহাবিদ্যালয়ৰ লগত সম্পন্ন এই বুজাবুজি চুক্তিয়ে শিশু বিদ্যাপীঠৰ ছাত্ৰ-ছাত্ৰীসকলক বিশেষভাৱে উপকৃত কৰিব।
বিদ্যালয়খনত নতুনকৈ সংযোজিত উচ্চতৰ মাধ্যমিক শাখাৰ ক্ষেত্ৰত প্ৰয়োজনীয় আন্তঃগাঁথনিৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা বাবে প্ৰয়োজনীয় সময়ৰ প্ৰতি লক্ষ্য ৰাখি সকলোধৰণৰ আন্তঃগাঁথনি আৰু অৰ্হতাসম্পন্ন শিক্ষকৰে গঠিত শিশু বিদ্যাপীঠে কলিয়াবৰ মহাবিদ্যালয়ৰে এই চুক্তি স্বাক্ষৰ কৰে। যাতে, মহাবিদ্যালয়ৰ গৱেষণাগাৰ, সা-সঁজুলি, শিক্ষক-শিক্ষয়িত্ৰীৰ পৰামৰ্শ লাভ কৰে। যি কলিয়াবৰৰ বিদ্যালয়ী শিক্ষাৰ মান উন্নত হয়।
কলিয়াবৰৰ সামগ্ৰীক শিক্ষাৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি সম্পন্ন এই চুক্তি আজি কলিয়াবৰ মহাবিদ্যালয়ত স্বাক্ষৰিত হয়। দুই শিক্ষানুষ্ঠানৰ শিক্ষক, শিশু বিদ্যাপীঠৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰশান্ত কুমাৰ শইকীয়া, সম্পাদক মোহন শইকীয়াসহ বিষয়ববীয়াৰ উপস্থিতিত কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° উত্তম কুমাৰ বৰুৱা আৰু শিশী বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ ৰানু শইকীয়াই শিক্ষা দান আৰু গ্ৰহণৰ ক্ষেত্ৰত এই গুৰুত্বপূৰ্ণ বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে।
চুক্তি স্বাক্ষৰ কৰি কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° উত্তম কুমাৰ বৰুৱাই কয় – কলিয়াবৰ মহাবিদ্যালয়ৰ আশে-পাশে থকা সকলো বিদ্যালয়ৰ উঠি অহা ছাত্ৰ-ছাত্ৰীসকলে মহাবিদ্যালয়খনৰ আন্তঃগাঁথনি আৰু অন্যান্য সা-সুবিধাসমূহ লাভ কৰিব পাৰিব। সেই উদ্দেশ্যে আজি শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, কুঁৱৰীটোলৰ সৈতে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হৈছে।
ইয়াৰ জৰিয়তে মহাবিদ্যালয়ৰ যিখিনি সা-সুবিধা আছে, শিক্ষক বা সমল ব্যক্তি আছে, সেই সকলোৰে সুবিধা এই বিদ্যালয়ৰ লগতে আন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়েও এতিয়াৰ পৰা লাভ কৰিব। আমাৰ কলিয়াবৰ মহাবিদ্যালয়ত থকা ৰ’ৱটিক ক্লাবত বিভিন্ন বিদ্যালয়ৰ পৰা আহি বিজ্ঞান বিষয়ক বিভিন্ন প্ৰশিক্ষণ লাভ কৰিবলৈ সক্ষম হৈছে।
আনহাতে, শিশু বিদ্যাপীঠৰ কৰ্তৃপক্ষই এই চুক্তি সম্পাদন হোৱাৰ পিছতে আনন্দ প্ৰকাশ কৰাৰ লগতে শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলে এই সুবিধা গ্ৰহণৰ জৰিয়তে উচ্চতৰ শাখাৰ শিক্ষাৰ ক্ষেত্ৰত অসমৰে এক মানবিশিষ্ট শিক্ষা প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত কৰাত সহায়ক হ’ব। এই সন্দৰ্ভত শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰশান্ত কুমাৰ শইকীয়াই জনোৱা মতে, এই চুক্তি স্বাক্ষৰিত হোৱাৰ পিছতেই প্ৰথম কাৰ্যসূচী হিচাপে কৃত্ৰিম বুদ্ধিমত্তাক মূল বিষয় হিচাপে লৈ এক কৰ্মশালাৰ আয়োজন কৰিছে।
কলিয়াবৰ মহাবিদ্যালয়ৰ প্ৰত্যক্ষ সহযোগত আৰু শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ব্যৱস্থাপনাত অহা ৬ ডিচেম্বৰ, শনিবাৰে কলিয়াবৰৰ বিদ্যালয়সমূহৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বৰ্তমান সময়ৰ বহুলভাৱে প্ৰয়োগ হোৱা কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰৰ প্ৰয়োজনীয়তাৰ বিভিন্ন দিশৰ বিষয়সমূহে এই কৰ্মাশালাত স্থান লাভ কৰিব।
কলিয়াবৰৰ শিক্ষাৰ গতি ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত এই চুক্তিৰ জৰিয়তে এক নতুন দিশ উন্মোচিত হ’ব বুলি শৈক্ষিক সমাজে আশা প্ৰকাশ কৰিছে৷

