অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

JusticeForZubeenGarg: সাগৰৰ কবিতাঃ কাঞ্চনজংঘা

Spread the love

কাঞ্চনজংঘা

বিশিষ্ট বলুকা শিল্পী সুদৰ্শন পটনায়কৰ শিল্পকৰ্মৰেই প্ৰকাশ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ ৰহস্যময় মৃত্যুৰ ন্যায়ৰ লাগে

DD TIMESৰ আজিৰ কবি সাগৰ

নুমুৱাবলৈকে
তুমি জ্বলাই যোৱা চাকিটো
মেলি দিয়া হৈছে
জোৰকৈ এছাটি বতাহ
কৰি তুলিব খুজিছে
বতাহজাকক ধুমুহা

আৰু পাৰি দি শীতলা পাতি
শুৱাই লৈ কোলাত
ক’বলৈ ধৰা হৈছে ন-ন সাধু
গোৱা হৈছে নিচুকনি গীত
সেপিয়াই সেপিয়াই পিঠি
আঙুলি বুলাই চুলিত

শুই থাক শুই থাক
টোপনিতে দেখি থাক
সেই পুৰণি সপোনটো
চকুমেলি নেদেখিবি
এই নতুন সপোন

সপোন খেদি ওলাই নাহিবি বাটলৈ
পিছে পিছে নদৌৰিবি
এইটো সপোন অলীক

শুই থাক শুই থাক
টোপনি নাহিলেও শুই থাক
টোপনিৰ ভাও ধৰি শুই থাক
মৰাৰ ভাও ধৰি শুই থাক

যাতে জগাব নোৱাৰে কোনেও
চিঞৰিও হেচুকিও
ৰাতি যাতে নুপুৱাই ইয়াত
ৰাতিৰ পিছত যাতে ৰাতিয়েই হয়
এন্ধাৰৰ পিছত হয় এন্ধাৰ

পিছে

আমাৰ আকাশত জ্বলি আছে জোন
চতুৰ্দশীৰ জোন
গলি গলি সৰিব লাগিছে জোনাক
আগতকৈও বেছিকৈ
ঘনকৈ

আৰু আমি সাৰে আছোঁ
ৰাতিপুৱাৰ প্ৰতীক্ষাত
নৱ সুৰুজৰ অপেক্ষাত

এইবাৰ উদিলে
নুডুবিব আৰু কাহানিও যি
জ্বলি থাকিব মাজৰাতিও
লাগিলেও গ্ৰহণ

আহিলেও প্ৰলয়
প্ৰলয়ৰ পিছত প্ৰলয়

নুমুৱাবলৈকে
তুমি জ্বলাই যোৱা চাকিটো
মেলি দিয়া হৈছে
জোৰকৈ এছাটি বতাহ
কৰি তুলিব খুজিছে
বতাহজাকক ধুমুহা

“পিছে আমি মুক্ত
আমি কাঞ্চনজংঘা!”

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!