Junaki Poruwar Pom Khedi: গুণদা গোস্বামীৰ ‘জোনাকী পৰুৱাৰ পম খেদি’ উন্মোচন
গুণদা গোস্বামীৰ ‘জোনাকী পৰুৱাৰ পম খেদি’ উন্মোচন
উপন্যাসত মানৱ সমাজ, ইতিহাস আৰু মনৰ এক বিস্তৃত দৰ্শন প্ৰকাশ হয়

DD TIMES বেবেজীয়া, ১৪ ডিচেম্বৰঃ “উপন্যাস কেৱল সাহিত্যৰ এক ৰূপ নহয়; ই মানৱ সমাজ, ইতিহাস আৰু মনৰ এক বিস্তৃত দৰ্শন। আজি নগাঁৱত লেখিকা গুণদা গোস্বামীৰ ‘জোনাকী পৰুৱাৰ পম খেদি’ শীৰ্ষক উপন্যাসখন উন্মোচন কৰি নগাঁও জিলা সাহিত্য সভাৰ সভাপতি তথা নগাঁও কলেজৰ প্ৰাক্তন অধ্যক্ষ ড° শৰৎ বৰকটকীয়ে উল্লিখিত মন্তব্য কৰে ৷
বৰকটকীয়ে লেখিকা গোস্বামীৰ উপন্যাসখনত আধুনিক সমাজৰ প্ৰেমৰ সংঘাত, বিচ্ছিন্নতা আৰু আত্মসংকট প্ৰকাশ হোৱাৰ বিষয়ে বক্তব্য দাঙি ধৰি ৰাছিয়াৰ মহান ঔপন্যাসিক লিও টলষ্টয়ৰ উদ্ধৃতি দি উন্মোচক তেখেতে কয় যে , উপন্যাস হৈছে মানৱ জীৱনৰ সম্পূৰ্ণ ছবি আঁকিব পৰা এক বলিষ্ঠ মাধ্যম।
প্ৰসঙ্গক্ৰমে ড° বৰকটকীয়ে হাংগেৰীৰ সাহিত্য সমালোচক জৰ্জ লুকাচৰ The Theory of the Novel নামৰ গ্ৰন্থখনৰ কথা উপস্থাপনৰ দ্বাৰা উপন্যাস “আধুনিক যুগৰ মহাকাব্য” বুলি আখ্যা দিয়া কথাকো আঙুলিয়াই দিয়ে। গুণদা গোস্বামীয়ে এই উপন্যাসখনত চৰিত্ৰ আৰু মানৱ–সম্পৰ্কৰ গভীৰ বিশ্লেষণ সাৰ্থক ভাৱে তুলি ধৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰাৰ লগতে বৰকটকীয়ে লেখিকা গোস্বামীয়ে উপন্যাস খনত বাস্তৱ আৰু কল্পনা একেলগে প্ৰকাশ কৰিবলৈ সক্ষম হোৱাৰ বিষয়েও উনুকিয়াই ৷
শিল্পী কাকলি শইকীয়াই পৰিবেশন কৰা বৰগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত সৰাফুল, নিৰিবিলি,ৰাধা শীৰ্ষক জনপ্ৰিয় গ্ৰন্থৰ লেখক কৌশিক নন্দন বৰুৱাই ‘জোনাকী পৰুৱাৰ পম খেদি’ উপন্যাসখনৰ সমীক্ষা আগবঢ়াই কয় যে লেখক বা লেখিকাৰ বাবে আটাইতকৈ সৰল ভাষাত লিখা কথাটোৱেই হৈছে আটাইতকৈ টান কাম বুলি মন্তব্য কৰাৰ লগতে সৰল ভাষাত লিখা কিতাপে পাঠকক সহজতে আকৰ্ষণ কৰিব পাৰে বুলি উল্লেখ কৰি ড° ভবেন্দ্ৰনাথ শইকীয়া, হোমেন বৰগোহাঞি আৰু লক্ষ্মীনন্দন বৰাৰ লেখা সমূহ পাঠকৰ প্ৰিয় বুলিও অভিমত ব্যক্ত কৰে ৷
হিয়াৰ আমঠু তথা প্ৰাণৰ শিল্পী জুবিন গাৰ্গ, যশস্বী বাঁহী বাদক দীপক শৰ্মা, বিখ্যাত শিল্পী চৈয়দ চাদুল্লাকে ধৰি পৰলোকপ্ৰাপ্তি হোৱা লোকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা আৰু সাংবাদিক প্ৰাঞ্জল বৰদলৈয়ে আঁত ধৰা গ্ৰন্থ উন্মোচনী সভাখনিত ডিমৰীয়া মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক মোহিনী মোহন ডেকা বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰি উপন্যাস জীৱন আৰু সমাজৰ জীয়া প্ৰতিচ্ছবি, উপন্যাসৰ জৰিয়তে মুৰ্ত্তিমান হৈ উঠে মানুহৰ জীৱনৰ সমস্যা আৰু সমাজখনৰ ছবি।
যিকোনো ভাষাৰ উপন্যাস ভালকৈ অধ্যয়ন কৰিলে সেই ভাষা কোৱা সমাজখনৰ সভ্যতাৰ উমান পোৱা যায় সেইয়ে ,উপন্যাসিক সৰ্বাধিক সাৱধান হব লাগে বুলি মন্তব্য আগবঢ়ায় ৷
লেখিকা গুণদা গোস্বামীৰ উপৰি সমজুৱাৰ হৈ সচেতন মহিলা চাৰু বনিয়া, লেখৰ দ্বিজেন্দ্ৰ নাথ হাজৰিকা, কবি অশোক ৰাম ভট্টাচাৰ্যই অভিমত প্ৰকাশ কৰা অনুষ্ঠানটি বন্দনা শৰ্মাৰ শলাগৰ শৰাইৰে পৰিসমাপ্তি ঘটে ৷

