JORHAT TO DELHI: যোৰহাট আৰু দিল্লীৰ মাজত পোনপটীয়া বিমান সেৱা আৰম্ভ
যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ পোষ্ট- যোৰহাট আৰু দিল্লীৰ মাজত পোনপটীয়া বিমান সেৱা আৰম্ভৰ সন্দৰ্ভত…
‘আজি যোৰহাট আৰু দিল্লীৰ মাজত পোনপটীয়া বিমান সেৱাৰ সুবিধা ল’বলৈ পাই সুখী হৈছো৷

যোৰহাট-দিল্লীৰ মাজত এখন পোনপটীয়া বিমান সেৱাৰ বাবে বিগত প্ৰায় ৪ বছৰ ধৰি যোৰহাটবাসীয়ে নিৰবিচ্ছিন্ন ভাবে দাবী উত্থাপন কৰি আহিছিল । বিশেষকৈ ছাত্র – ছাত্ৰী,ৰোগীসকল আৰু উদ্যোগী সকলৰ বাবে এই সেৱা অতি প্রয়োজনীয় আছিল। ২০২৪ চনত স্হানীয় সাংসদ হিচাপে নিৰ্বাচিত হৈয়েই ৰাইজৰ এই দাবী লৈ মই নিজেও কেন্দ্ৰীয় অসামৰিক পৰিবহন মন্ত্ৰীক কেইবাবাৰো সাক্ষাৎ কৰি অনতিপলমে এই সেৱা আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছিলো।

সম্প্ৰতি যোৰহাট-দিল্লীৰ মাজৰ এই পোনপতীয়া সেৱা আৰম্ভ কৰাৰ বাবে অসামৰিক বিমান পৰিবহন মন্ত্ৰী শ্ৰী কিঞ্জৰাপু ৰামমোহন নাইডু ডাঙৰীয়া আৰু ইণ্ডিগ’ৰ সংস্হাক অশেষ ধন্যবাদ জনাইছো।’