অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

JORHAT: যোৰহাটৰ বিশিষ্ট শিল্পী আৰু নাগৰিকৰ বাসগহলৈ গৈ সাক্ষাৎ সাংসদ গৌৰৱ গগৈৰ

Spread the love

যোৰহাটৰ কেইবাগৰাকীও বিশিষ্ট শিল্পী আৰু নাগৰিকৰ বাসগহলৈ গৈ সাক্ষাৎ কৰে সাংসদ গৌৰৱ গগৈয়ে

DD TIMES গুৱাহাটী, ২ অক্টোবৰঃ আজি শুভ বিজয়া দশমী আৰু দশেৰা উপলক্ষে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে যোৰহাটৰ কেইবাগৰাকীও স্হানীয় বাসিন্দা তথা ৰাজ্যখনৰ বিশিষ্ট শিল্পীৰ বাসভৱনলৈ গৈ তেখেতসকলক পূজাৰ শুলগ জনায়।

জুবিন দাৰ অকাল মৃত্যুৰ পাছত সমগ্ৰ ৰাজ্যখনৰ লগতে তেওঁৰ জন্মস্হান যোৰহাটৰো সকলো ৰাইজ শোকৰ সাগৰত ডুব গৈ আছে।

কালি যোৰহাটবাসীয়ে আয়োজন কৰা জুবিনদাৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ আৰু শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত এজন যোৰহাটৰ সন্তান হিচাপে সাংসদ গৌৰৱ গগৈ উপস্হিত থকাৰ পিছত আজি যোৰহাটৰ কেইবাগৰাকীও স্বনামধন্য বিশিষ্ট শিল্পীৰ বাসভৱনলৈ গৈ তেওঁলোকৰ সৈতে বিভিন্ন বিষয়ত মত-বিনিময় কৰাৰ উপৰি দিহা-পৰামৰ্শও গ্ৰহণ কৰে।

আজি সাংসদ গগৈয়ে সাক্ষাৎ কৰা যোৰহাটৰ বিশিষ্ট নাগৰিক তথা শিল্পীসকল হৈছে ক্ৰমে- বিশিষ্ট অভিনেত্ৰী ৰীণা বৰা, কবিতা ৰাজগুৰু, গায়িকা মনিষা বৰদলৈ, প্ৰিয়ংকা ভঁৰালী, জয় বৰুৱা, প্ৰসেনজিত লাহন, ৰাজা বৰুৱা আৰু অভিনেতা ৰাজীৱ গোস্বামীৰ পৰিয়াল।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!